ETV Bharat / state

২০২১ বৰ্ষৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা ঘোষণা - ড° নিৰোদ কুমাৰ বৰুৱা

ঘোষণা কৰা হ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা ৷ ২০২১ চনৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব সামাজিক সংগঠন কস্তুৰবা গান্ধী স্মাৰক ট্ৰাষ্টৰ অসম শাখাক ।

gopinath bordoloi rashtriya sanghati award declared
লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা ২০২১ ঘোষণা
author img

By

Published : Sep 28, 2021, 9:51 PM IST

গুৱাহাটী, ২৮ ছেপ্তেম্বৰ : লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা ঘোষণা কৰা হৈছে । ২০২১ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব সামাজিক সংগঠন কস্তুৰবা গান্ধী স্মাৰক ট্ৰাষ্টৰ অসম শাখাক । ইয়াৰ লগতে জাৰ্মানীত থকা অসমীয়া সাহিত্যিক ড° নিৰোদ কুমাৰ বৰুৱা আৰু শ্বিলঙৰ জনপ্ৰিয় ব্ৰেণ্ড শ্বিলং চেম্বাৰ কয়াৰক এই বঁটাৰ বাবে বাছনি কৰা হৈছে ।

gopinath bordoloi rashtriya sanghati award declared
লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা ২০২১ ঘোষণা

৩ অক্টোবৰৰ বিয়লি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে এই বঁটা প্ৰদান কৰিব । ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বঁটাত আছে পাঁচ লাখ টকা, প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ। বঁটা প্ৰদান অনুষ্ঠানত অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব ।

উল্লেখ্য যে, ১৯৪৬ চনৰ ৯ জানুৱাৰীত মহাত্মা গান্ধী গুৱাহাটীৰ শৰণীয়ালৈ আহােতে কস্তৰৱা গান্ধী ৰাষ্ট্রীয় স্মাৰক ট্রাষ্ট, অসম শাখাৰ আধাৰশিলা স্থাপন কৰা হৈছিল । ট্রাষ্টৰ মূল লক্ষ্য হ'ল গাঁৱৰ মহিলা আৰু শিশুৰ অজ্ঞতা, দৰিদ্রতা আৰু অন্যান্য সমস্যাসমূহ দূৰ কৰা । সেইসময়ৰ পৰাই ট্রাষ্টৰ সেৱিকাসকলে অসমৰ বিভিন্ন প্রান্তত চুকে-কোণে মহিলা আৰু শিশু সকলৰ বাবে সেৱা আগবঢ়াই আহিছে ।

বিগত সময়ছােৱাত ট্রাষ্টে ভিতৰুৱা গ্রামাঞ্চলসমূহ, চাহ বাগিছা আৰু পার্বত্য অঞ্চলসমূহত কেন্দ্র স্থাপন কৰি বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে । ১৯৬২ চনৰ চীনা আগ্রাসনৰ সময়ত অৰুণাচল, নাগালেণ্ড আৰু ভূটানৰ সীমান্তৱৰ্তী অঞ্চলত শান্তি কেন্দ্র প্রতিষ্ঠা কৰা হৈছিল । ইফালে ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ ছাত্র ড৹ নিৰোদ কুমাৰ বৰুৱাই কাশী হিন্দু বিশ্ববিদ্যালয়ব পৰা এম. এ. (১৯৬০) আৰু এল. এল. বি ডিগ্রী(১৯৬১) লােৱাৰ পাছত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ইতিহাসত পি.এইচ ডি. (১৯৬৪) আৰু জার্মানিৰ বন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ ফিল ডিগ্রী (১৯৭৫) লাভ কৰে। ড৹ বৰুৱাই ৰচনা কৰিছে বহুকেইখন উল্লেখযােগ্য গ্রন্থ।

আনহাতে, ২০০১ চনত গঠিত শ্বিলং চেম্বাৰ কয়াৰে ২০১০ চনত কালার্চ টিভিৰ 'ইণ্ডিয়াজ গট টেলেন্ট'ত বিজয়ী হৈ সমগ্র দেশতে জনপ্রিয়তা লাভ কৰে । তদুপৰি যষ্ঠ 'ৱৰ্ল্ড কয়াৰ গেমচ'ত ষাঠিখন ৰাষ্ট্রৰ সহস্রাধিক শিল্পীৰ সৈতে প্রতিদ্বন্দিতা কৰি সােণৰ পদক লাভ কৰিবলৈ সক্ষম হয় । বর্তমানলৈকে বিশ্বৰ বিভিন্ন প্রান্তত সংগীত পৰিবেশন কৰা শ্বিলং চেম্বাৰ কয়াৰৰ প্রতিষ্ঠাপক নেইল নংকিনৰিহে ২০১৫ চনত পদ্মশ্ৰী সম্মান লাভ কৰে।

লগতে পঢ়ক : বটদ্ৰৱা আৰক্ষীৰ জালত কদমনিৰ কুখ্যাত তীৰ ব্যৱসায়ী হাফিজ উদ্দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.