গুৱাহাটী, 19 নৱেম্বৰ: ভাৰতীয় মহিলা ফুটবল দলৰ আটাইতকৈ অভিজ্ঞ খেলুৱৈ বালা দেৱী নাংগমলৈ আহিছে এক অনন্য সুখবৰ । ১৮৮৭ চনতে স্থাপন হোৱা জনপ্ৰিয় ফুটবল ক্লাৱ ৰেঞ্জাৰ্ছ ফুটবল ক্লাৱৰ পৰা আহিছে এই সুখবৰ । ক্লাৱটোৰ এক চুক্তি স্বাক্ষৰৰ বাবে ট্ৰায়েললৈ আমন্ত্ৰণ জনাইছে ভাৰতীয় মহিলা ফুটবল তাৰকা বালা দেৱীক ।উল্লেখযোগ্য যে, এই ক্লাৱটোৰ পুৰুষ দলটো সম্প্ৰতি স্কটিছ প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন আৰু ইউৰোপা লীগত খেলাৰ সুযোগ ধাৰাবাহিকভাৱে লাভ কৰি আহিছে আৰু মহিলা দলটোৱে স্কটিছ বিল্ডিং ছ’চাইটি লীগ (লেভেল ১-সৰ্বোচ্চ পৰ্যায়)ত খেলি আছে । সম্পূৰ্ণ পেছাদাৰী খেলুৱৈৰে ভৰপুৰ এই ছেলটিক মহিলা ফুটবল দল। বালা দেৱীয়ে অহা ১৯ নৱেম্বৰত গ্লাছগো অভিমুখে ৰাওনা হ’ব আৰু তাতেই ক্লাৱত এসপ্তাহজোৰা ট্ৰায়েলত অংশগ্ৰহণ কৰিব । প্ৰশিক্ষণ আৰু একাধিক মেচত অংশগ্ৰহণৰ মাজেৰে অনুষ্ঠিত হ’ব এই ট্ৰায়েল। আৰু যদিহে বালা দেৱী এই ট্ৰায়েলত সফল হয় তেন্তে ২০২০ চনৰ ছিজনৰ বাবে চুক্তিবদ্ধ হ’ব ভাৰতৰ তাৰকা ফুটবলাৰগৰাকী, আৰু তেনেস্থলত তেৱেই হ’ব পেছাদাৰীভাৱে ভাৰতৰ বাহিৰত খেলা প্ৰথমগৰাকী মহিলা ফুটবলাৰ ।উল্লেখযোগ্য যে, অ’মেন ইন স্প’ৰ্টছ চমুকৈ ডব্লিউ আই এন এছ হৈছে ভাৰতীয় মহিলা ক্ৰীড়াবিদৰ প্ৰদৰ্শন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উন্নত কৰাৰ বাবে আৰু তেওঁলোকক এক শক্তিশালী মঞ্চ প্ৰদান কৰাৰ বাবে কাৰিকৰী সা-সুবিধা প্ৰদান কৰা ক্ৰীড়ানুৰাগীৰ এক সন্মিলিত প্ৰয়াস। মহিলা এথলীটক আগবঢ়াই নিয়াৰ উদ্দেশ্যৰ অংশ হিচাপেই এই প্ৰতিষ্ঠানটোৱে বালা দেৱীৰ সৈতে জড়িত হ’বলৈ পাই আনন্দিত হৈছে ।
ফুটবল খেলুৱৈ বালা দেৱী নাংগমলৈ সুখবৰ - ৰেঞ্জাৰ্ছ ফুটবল ক্লাৱ
ভাৰতীয় মহিলা ফুটবলাৰ বালা দেৱীলৈ ৰেঞ্জাৰ্ছ ফুটবল ক্লাৱৰ ট্ৰায়েললৈ আমন্ত্ৰণ ৷ ১৮৮৭ চনতে স্থাপন হোৱা জনপ্ৰিয় ফুটবল ক্লাৱ ৰেঞ্জাৰ্ছ ফুটবল ক্লাৱৰ পৰা আহিছে এই সুখবৰ । ক্লাৱটোৰ এক চুক্তি স্বাক্ষৰৰ বাবে ট্ৰায়েললৈ আমন্ত্ৰণ জনাইছে ভাৰতীয় মহিলা ফুটবল তাৰকা বালা দেৱীক ।
গুৱাহাটী, 19 নৱেম্বৰ: ভাৰতীয় মহিলা ফুটবল দলৰ আটাইতকৈ অভিজ্ঞ খেলুৱৈ বালা দেৱী নাংগমলৈ আহিছে এক অনন্য সুখবৰ । ১৮৮৭ চনতে স্থাপন হোৱা জনপ্ৰিয় ফুটবল ক্লাৱ ৰেঞ্জাৰ্ছ ফুটবল ক্লাৱৰ পৰা আহিছে এই সুখবৰ । ক্লাৱটোৰ এক চুক্তি স্বাক্ষৰৰ বাবে ট্ৰায়েললৈ আমন্ত্ৰণ জনাইছে ভাৰতীয় মহিলা ফুটবল তাৰকা বালা দেৱীক ।উল্লেখযোগ্য যে, এই ক্লাৱটোৰ পুৰুষ দলটো সম্প্ৰতি স্কটিছ প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন আৰু ইউৰোপা লীগত খেলাৰ সুযোগ ধাৰাবাহিকভাৱে লাভ কৰি আহিছে আৰু মহিলা দলটোৱে স্কটিছ বিল্ডিং ছ’চাইটি লীগ (লেভেল ১-সৰ্বোচ্চ পৰ্যায়)ত খেলি আছে । সম্পূৰ্ণ পেছাদাৰী খেলুৱৈৰে ভৰপুৰ এই ছেলটিক মহিলা ফুটবল দল। বালা দেৱীয়ে অহা ১৯ নৱেম্বৰত গ্লাছগো অভিমুখে ৰাওনা হ’ব আৰু তাতেই ক্লাৱত এসপ্তাহজোৰা ট্ৰায়েলত অংশগ্ৰহণ কৰিব । প্ৰশিক্ষণ আৰু একাধিক মেচত অংশগ্ৰহণৰ মাজেৰে অনুষ্ঠিত হ’ব এই ট্ৰায়েল। আৰু যদিহে বালা দেৱী এই ট্ৰায়েলত সফল হয় তেন্তে ২০২০ চনৰ ছিজনৰ বাবে চুক্তিবদ্ধ হ’ব ভাৰতৰ তাৰকা ফুটবলাৰগৰাকী, আৰু তেনেস্থলত তেৱেই হ’ব পেছাদাৰীভাৱে ভাৰতৰ বাহিৰত খেলা প্ৰথমগৰাকী মহিলা ফুটবলাৰ ।উল্লেখযোগ্য যে, অ’মেন ইন স্প’ৰ্টছ চমুকৈ ডব্লিউ আই এন এছ হৈছে ভাৰতীয় মহিলা ক্ৰীড়াবিদৰ প্ৰদৰ্শন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উন্নত কৰাৰ বাবে আৰু তেওঁলোকক এক শক্তিশালী মঞ্চ প্ৰদান কৰাৰ বাবে কাৰিকৰী সা-সুবিধা প্ৰদান কৰা ক্ৰীড়ানুৰাগীৰ এক সন্মিলিত প্ৰয়াস। মহিলা এথলীটক আগবঢ়াই নিয়াৰ উদ্দেশ্যৰ অংশ হিচাপেই এই প্ৰতিষ্ঠানটোৱে বালা দেৱীৰ সৈতে জড়িত হ’বলৈ পাই আনন্দিত হৈছে ।
Body:উল্লেখ্য যে এই ক্লাৱটোৰ পুৰুষ দলটো সম্প্ৰতি স্কটিছ প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন আৰু ইউৰোপা লীগত খেলাৰ সুযোগ ধাৰাবাহিকভাৱে লাভ কৰি আহিছে আৰু মহিলা মহিলা দলটোৱে স্কটিছ বিল্ডিং ছ’চাইটি লীগ (লেভেল ১-সৰ্বোচ্চ পৰ্যায়)ত খেলি আছে। সম্পূৰ্ণ পেছাদাৰী খেলুৱৈৰে ভৰপুৰ এই ছেলটিক মহিলা ফুটবল দল।
উল্লেখ্য যে বালা দেৱীয়ে অহা ১৯ নৱেম্বৰত গ্লাছগো অভিমুখে ৰাওনা হ’ব আৰু তাতেই ক্লাৱত এসপ্তাহজোৰা ট্ৰায়েলত অংশগ্ৰহণ কৰিব। প্ৰশিক্ষণ আৰু একাধিক মেচত অংশগ্ৰহণৰ মাজেৰে অনুষ্ঠিত হ’ব এই ট্ৰায়েল। আৰু যদিহে বালা দেৱী এই ট্ৰায়েলত সফল হয় তেন্তে ২০২০ চনৰ ছিজনৰ বাবে চুক্তিবদ্ধ হ’ব ভাৰতৰ তাৰকা ফুটবলাৰগৰাকী, আৰু তেনেস্থলত তেৱেই হ’ব পেছাদাৰীভাৱে ভাৰতৰ বাহিৰত খেলা প্ৰথমগৰাকী মহিলা ফুটবলাৰ।
Conclusion:উল্লেখ্য যে অ’মেন ইন স্প’ৰ্টছ চমুকৈ ডব্লিউ আই এন এছ হৈছে ভাৰতীয় মহিলা ক্ৰীড়াবিদৰ প্ৰদৰ্শন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উন্নত কৰাৰ বাবে আৰু তেওঁলোকক এক শক্তিশালী মঞ্চ প্ৰদান কৰাৰ বাবে কাৰিকৰী সা-সুবিধা প্ৰদান কৰা ক্ৰীড়ানুৰাগীৰ এক সন্মিলিত প্ৰয়াস। মহিলা এথলীটক আগবঢ়াই নিয়াৰ উদ্দেশ্যৰ অংশ হিচাপেই এই প্ৰতিষ্ঠানটোৱে বালা দেৱীৰ সৈতে জড়িত হ’বলৈ পাই আনন্দিত হৈছে।