ETV Bharat / state

Gold Smuggler Detained : গুৱাহাটী ৰে'ল ষ্টেচনত ২ কোটি মূল্যৰ চোৰাং সোণ জব্দ, আটক সৰবৰাহকাৰী

author img

By

Published : Mar 8, 2023, 1:21 PM IST

Updated : Mar 8, 2023, 1:48 PM IST

ৰে'ল আৰক্ষীৰ অভিযানত গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণ । আৰক্ষীৰ অভিযানত জব্দ কৰা হয় ২০ খন সোণৰ বিস্কুট (gold biscuit seized in guwahati railway station) । জব্দকৃত সোণখিনিৰ বজাৰ মূল্য ২ কোটিৰো অধিক । ধৃত সৰবৰাহকাৰী ।

Ghy
Ghy

গুৱাহাটী ৰে'ল ষ্টেচনত সোণসহ চোৰাং সৰবৰাহকাৰী আটক

গুৱাহাটী, ৮ মাৰ্চ : গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণ (gold biscuit seized in guwahati railway station) । বুধবাৰে পুৱা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰে'ল আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ২০ খনকৈ সোণৰ বিস্কুট (guwahati railway police seized smuggling gold) । ৰে'লৱে আৰক্ষীয়ে প্ৰকাশ কৰা মতে, জব্দ সোণখিনিৰ ওজন ৩ কিলোগ্ৰাম ৩২০ গ্ৰাম । আনহাতে, জব্দকৃত সোণখিনিৰ বজাৰ মূল্য ২ কোটিৰো অধিক বুলি জানিব পৰা গৈছে ৷

ইফালে ৰে'ল আৰক্ষীয়ে সোণসহ আটক কৰে সৰবৰাহকাৰী মণিপুৰৰ শ্বৰীফ আলমক (gold smuggler detained in guwahati railway station) । ধৃত লোকজনে কঁকালৰ বেল্টৰ তলত লুকুৱাই আনিছিল সোণখিনি । ৰাজধানী এক্সপ্ৰেছৰ (smuggling gold seized at rajdhani express) পৰা জব্দ হোৱা সোণখিনি মণিপুৰৰ পৰা দিল্লীলৈ সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে । উল্লেখ্য যে মঙলবাৰে পুৱাও ৰে'ল আৰক্ষীয়ে অভিযান চলাই তেজস এক্সপ্ৰেছৰ (TEJAS EXPRESS) পৰা চোৰাংকৈ সৰবৰাহ কৰা সোণ জব্দ কৰিছিল । উক্ত সোণখিনিৰ লগতে এজন সৰবৰাহকাৰীকো আটক কৰে ৰে'ল আৰক্ষীয়ে । আটক কৰা লোকজন হৈছে মহাৰাষ্টৰ চম্পট ৰাও ।

ধৃত লোকজনে কঁকালত বান্ধি লুকুৱাই অনিছিল ৫ খনকৈ সোণৰ বিস্কুট । জানিব পৰা মতে, জব্দ হোৱা সোণখিনি আগৰতলাৰ পৰা দিল্লীলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীয়ে । উক্ত জব্দ হোৱা ৫ খন সোণৰ বিস্কুটৰ ওজন 320 গ্ৰাম । আনহাতে, সোণখিনৰ বজাৰ মূল্য প্ৰায় 20 লাখ টকা বুলি ৰে'ল আৰক্ষীৰ সূত্ৰত প্ৰকাশ । উল্লেখ্য যে ৰে'লৱে আৰক্ষীয়ে অভিযান চলাই চোৰাং সোণ, নিচাজাতীয় সামগ্ৰীকে ধৰি অবৈধ সামগ্ৰী জব্দ কৰি সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে যদিও তাৰ মাজতে কোনো দুষ্টচক্ৰই আৰক্ষীৰ চকুত ধূলি দি বিভিন্ন ধৰণৰ মূল্যৱান সামগ্ৰী অবৈধভাৱে সৰবৰাহ অব্যাহত ৰাখিছে ।

প্ৰণিধানযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ গুৱাহাটী ৰে'ল ষ্টেচন উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ তথা ইয়াৰ পৰা অন্য ৰাজ্যলৈ প্ৰস্থানৰ ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ যোগাযোগ মাধ্যম । গুৱাহাটী ৰে'লৱে ষ্টেচনেৰে নিতৌ উত্তৰ-পূৰ্বাঞ্চললৈ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অন্য ৰাজ্যলৈ মাদক দ্ৰৱ্যকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ সামগ্ৰীৰ চোৰাং সৰবৰাহ হৈ আহিছে । এই ক্ষেত্ৰত ৰে'ল আৰক্ষীয়ে সতৰ্কতা অৱলম্বন কৰি আহিছে যদিও তাৰ মাজতে দুষ্কৃতিকাৰীয়ে চোৰাং সামগ্ৰী সৰবৰাহ কৰি আহিছে ।

লগতে পঢ়ক :Suspected jihadists arrested in Nagaon: পাকিস্তানৰ চোৰাংচোৱাক চিম কাৰ্ড যোগান, নগাঁৱত সন্দেহজনক 5 জেহাদী আটক

Last Updated : Mar 8, 2023, 1:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.