ETV Bharat / state

Newborn body recovered: ৭ মাহৰ অন্তঃসত্বা আছিল অভিযুক্ত যুৱতীগৰাকী - Newborn body recovered in Guwahati

সোমবাৰে মহানগৰীৰ হেঙেৰাবাৰী নিজন বাট অঞ্চলৰ এটা ভাড়া কোঠাত উদ্ধাৰ হোৱা নৱজাতক সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য ৷ অভিযুক্ত যুৱতীগৰাকীৰ সন্দৰ্ভত GMCH ৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই সদৰী কৰিছে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য (Guwahati Newborn body recovered update) ৷

Guwahati Newborn body recovered update
৭ মাহৰ অন্তঃসত্বা আছিল অভিযুক্ত যুৱতীগৰাকী
author img

By

Published : Oct 11, 2022, 8:06 PM IST

গুৱাহাটী, ১১ অক্টোবৰ : চৰ্চাত মহানগৰীৰ বন্ধ কোঠাত মোনাৰ ভিতৰত উদ্ধাৰ হোৱা নৱজাতকৰ মৃতদেহৰ প্ৰসংগ (Newborn body recovered in Guwahati) ৷ ঘটনা সন্দৰ্ভত উত্থাপন হৈছে ভিন্ন অভিযোগ তথা প্ৰতি-অভিযোগ ৷ অৱশ্যে এই সকলোবোৰ একেমুখে নস্যাৎ কৰিছে অভিযোগৰ অঙুলি উত্থাপিত হোৱা যুৱতীগৰাকী আৰু তেওঁৰ মাতৃয়ে ৷

অৱশ্যে এই ঘটনা সন্দৰ্ভত শেহতীয়াকৈ পোহৰলৈ আহিছে ন ন তথ্য (Guwahati Newborn body recovered update) ৷ মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা ভাষ্য অনুসৰি, সম্প্ৰতি GMCH ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে অভিযুক্ত যুৱতীগৰাকী ৷ লগতে তেওঁ কয়, যুৱতীগৰাকী 7 মাহৰ অন্তঃসত্বা আছিল ৷

প্ৰসৱৰ সময়ত উপযুক্ত চিকিৎসা নোপোৱা বাবে দুভাগ্যৱশতঃ পেটতে গৰ্ভস্থ সন্তানটো মৃত্যু হৈছিল । বিগত জুলাই মাহত যুৱতীগৰাকীয়ে মাতৃৰ সৈতে GMCH ত স্বাস্থ্য পৰীক্ষাৰ বাবেও আহিছিল । যিহেতু যুৱতীগৰাকীয়ে প্ৰসৱৰ সময়ত উপযুক্ত চিকিৎসা পোৱা নাছিল যাৰ বাবে বৰ্তমান বিভিন্ন ৰোগত সংক্ৰমিত হৈছে ৷ যাৰ বাবে অতি সংকটজনক অৱস্থাত GMCH ত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী ৷

৭ মাহৰ অন্তঃসত্বা আছিল অভিযুক্ত যুৱতীগৰাকী

আনহাতে, সোমবাৰে উদ্ধাৰ হোৱা নৱজাতটিৰ মৃতদেহ সন্দৰ্ভত কোনো বিশেষ তথ্য নাই বুলি মন্তব্য কৰে অধীক্ষক ডাঃ অভিজিত শৰ্মাই ৷ কিয়নো মৃত নৱজাতটিৰ পৰীক্ষা হ’লেহে সেই নৱজাতকটি অভিযুক্ত যুৱতীগৰাকীৰ হয় নে নহয় সেয়া নিশ্চিত হ’ব ৷

লগতে পঢ়ক : TSR jawan mysterious death : ত্ৰিপুৰাত TSR জোৱানৰ ৰহস্যজনক মৃত্যু

উল্লেখ্য যে, সোমবাৰে মহানগৰীৰ হেঙেৰাবাৰী নিজন বাট অঞ্চলত থকা এটা ভাড়াঘৰৰ বন্ধ কোঠাত উদ্ধাৰ হয় অৰ্ধগলিত অৱস্থাত এটা নৱজাতকৰ মৃতদেহ (Newborn baby Body recovered in Guwahati) ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

মহানগৰ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, নিজান বাটৰ বাসিন্দা ৰাতুল কাকতি নামৰ এজন লোকৰ ঘৰত যোৱা এমাহ ধৰি ভাড়াতীয়া হিচাপে বসবাস কৰি আছিল এগৰাকী মহিলা আৰু তেওঁৰ কন্যা । সোমবাৰে পুৱাৰ ভাগত তলা ওলমি থকা উক্ত ভাড়া ঘৰটোৰ পৰা দুৰ্গন্ধ ওলোৱাত অতিষ্ঠ হৈ পৰে ওচৰ-চুবুৰীয়া ৷

ফলত কাষৰীয়া লোকৰ কিছু সন্দেহ ওপজাত খবৰ দিয়া হয় দিছপুৰ থানত ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ আৰক্ষীৰ উপস্থিতিত বন্ধ কোঠাৰ তলা খুলি কোঠাটোৰ ভিতৰৰ থকা এটা মোনাৰ পৰা অৰ্ধ গলিত অৱস্থাত উদ্ধাৰ কৰা হয় এটি নৱজাতকৰ মৃতদেহ (Body of Newborn baby found from Rented House at Borbari) ৷

এই ঘটনাৰ আলমতে উক্ত ভাড়াঘৰটোত ভাড়াতীয়া হিচাবে থকা অভিযুক্ত যুৱতীগৰাকীৰ লগতে সোধ-পোচৰ বাবে আটক কৰিছে যুৱতীগৰাকীৰ মাতৃক ৷

লগতে পঢ়ক : বন্ধ কোঠাৰ ভিতৰত মোনাত উদ্ধাৰ নৱজাতকৰ অৰ্ধগলিত মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.