গুৱাহাটী, 9 জুন : গুৱাহাটীত কেইবাটাও ক'ভিড-19ৰ সামাজিক সংক্ৰমণৰ উদ্বেগজনক ঘটনা ঘটাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শীৰ্ষ মহলত প্ৰশাসনিক সালসলনি ৷ জাগীৰোডত এই ঘোষণা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷

সেই অনুসৰি জিএমচিএইছৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰক বদলি কৰা হৈছে লখিমপুৰ মেডিকেল কলেজলৈ ৷ NHM ৰ কাৰ্যবাহী সঞ্চালক ডাঃ অচ্যুত বৈশ্যক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৷ আনহাতে ডাঃ অভিজিৎ শৰ্মাক অধীক্ষক হিচাপে দায়িত্ব অৰ্পন কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৷ অসম চৰকাৰৰ প্ৰধান সচিবৰ এক প্ৰতিবেদনৰ ভিত্তিত কৰা হৈছে এই ৰদবদল ৷
লগতে পঢ়ক : "লাহে লাহে অসমত ক'ৰণা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাব" ডঃ হিমন্ত বিশ্ব শৰ্মা