গুৱাহাটী, ৯ মাৰ্চ : এইবাৰ গুৱাহাটী পৌৰ নিগমৰ চকু গুৱাহাটীৰ অট্টালিকা তথা ফ্লেটসমূহৰ ওপৰত (GMC drive against illegal buildings) । Occupancy Certificate নথকা অট্টালিকা তথা ফ্লেটসমূহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব গুৱাহাটী পৌৰ নিগমে (Guwahati Municipal Corporation) । গুৱাহাটীৰ যিসকল লোকৰ অট্টালিকা তথা ফ্লেটৰ Occupancy Certificate নাই সেইসকলৰ বিৰুদ্ধে শীঘ্ৰে গুৱাহাটী পৌৰ নিগমে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব । ইতিমধ্যে গুৱাহাটী পৌৰ নিগমে এই সন্দৰ্ভত জাননী জাৰি কৰিছে ।

উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমে প্ৰকাশ কৰা মতে, বহু সংখ্যক অট্টালিকা তথা ফ্লেটত Occupancy Certificate নথকাকৈ মানুহে বসবাস কৰি আছে । পৌৰ নিগমৰ পৰিকল্পনা বিভাগৰ (planning department of GMC) শেহতীয়া অনুসন্ধানত এই কথা ওলাই পৰিছে । যাৰ বাবে গুৱাহাটী পৌৰ নিগমে অট্টালিকা তথা ফ্লেটৰ Occupancy Certificate নথকাসলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব । মন কৰিবলগীয়া যে, অট্টালিকা তথা ফ্লেট নিৰ্মাণৰ বাবে গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ পৰা অনুমতি ল'ব লাগে । লগতে অট্টালিকা তথা ফ্লেটত বসবাস কৰাৰ ক্ষেত্ৰত গৰাকীয়ে পৌৰ নিগমৰ পৰা অট্টালিকা তথা ফ্লেটৰ Occupancy Certificate ল'ব লাগে ।
এই সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ উজানবজাৰস্থিত কাৰ্যালয়ত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰে এক সংবাদমেল আয়োজন কৰে । উক্ত সংবাদমেলত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয় যে, গুৱাহাটীৰ বহুতো বিল্ডিঙৰ Occupancy Certificate নাই । বিল্ডিঙৰ পুৰণা অনুমতিসমূহ (Building Permission) (যাৰ ৭ বছৰ হোৱা নাই) নবীকৰণ কৰি লোৱা আৱশ্যক । তেওঁ কয় যে যিবোৰ অট্টালিকা নিয়ম অনুসৰি নিয়মীয়াকৰণ কৰিব পাৰি, সেইবোৰৰ নিয়মীয়াকৰণ কৰাৰ বাবে ৯ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে উজানবজাৰস্থিত গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত এক বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে ।
উক্ত শিবিৰত ৰাইজৰ সুবিধা অনুসৰি সহায় কৰি অট্টালিকাৰ আসোঁৱাহসমূহ দূৰ কৰি সম্পূৰ্ণ নিয়মীয়াকৰণ (Regularisation) কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয় । গুৱাহাটীবাসী ৰাইজে শিবিৰৰ পৰা নিজৰ নিজৰ অট্টালিকাসমূহ অতি সহজে আৰু সোনকালে আসোঁৱাহমুক্ত কৰি উপকৃত হ'ব পাৰিব বুলি মেয়ৰ শৰণীয়াই উল্লেখ কৰে । লগতে মেয়ৰ মৃগেন শৰণীয়াই যিসকল ব্যৱসায়ীয়ে আজিলৈকে তেওঁলোকৰ ব্যৱসায়িক অনুজ্ঞা-পত্ৰসমূহ (Trade Licence) লোৱা নাই বা নবীকৰণ কৰা নাই, সেইবোৰ অনতিপলমে কৰি ল'বলৈ আহ্বান জনায় । অন্যথা গুৱাহাটী পৌৰ নিগমৰ নীতি-নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ কয় ।
লগতে পঢ়ক :Record sale of Liquor in Assam: ফাকুৱাৰ দুদিনত সমগ্ৰ অসমত ১০ কোটিৰো অধিক টকাৰ সুৰা বিক্ৰীৰ অভিলেখ