ETV Bharat / state

Development of Guwahati : গুৱাহাটীৰ উন্নয়নৰ বাবে ২০০ কোটি টকা ধাৰ্য পৌৰ নিগমৰ

গুৱাহাটী পৌৰ নিগমৰ পাৰিষদখনে আগন্তুক পাঁচটা বছৰৰ বাবে কাম কৰাৰ‌ পৰিকল্পনা কৰিছে ৷ ২০২১-২০২২ চনত ৭০ কোটি টকা আৰু ২০২২-২০২৩ চনত ১১০ কোটি টকা সম্পত্তি কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে (Development of Guwahati) ৷ গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই (Mayor Mrigen Sarania)।

Development of Guwahati
আগন্তুক পাঁচটা বছৰৰ বাবে কাম কৰাৰ‌ পৰিকল্পনা কৰিছে GMC এ
author img

By

Published : Apr 29, 2023, 8:43 PM IST

আগন্তুক পাঁচটা বছৰৰ বাবে কাম কৰাৰ‌ পৰিকল্পনা কৰিছে GMC এ

গুৱাহাটী, ২৯ এপ্ৰিল : বিগত এটা বছৰত গুৱাহাটী পৌৰ নিগমে অধিক পৰিমাণৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । ফলত গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ পৰিমাণো বৃদ্ধি হৈছে ৷ শনিবাৰে গুৱাহাটী পৌৰ নিগমৰ উজান বজাৰৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই (Mayor Mrigen Sarania)।

তেওঁ লগতে কয়, গুৱাহাটী পৌৰ নিগমে ২০২১-২০২২ চনত ৭০ কোটি টকা সম্পত্তি কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল (Property tax collection) । আনকি ২০২২-২০২৩ চনত ১১০ কোটি টকা সম্পত্তি কৰ সংগ্ৰহ কৰিছে গুৱাহাটী পৌৰ নিগমে । গুৱাহাটী পৌৰ নিগমৰ মেয়ৰগৰাকীয়ে আৰু কয় যে, যিসকলে এতিয়লৈকে সম্পত্তি কৰ জমা দিয়া নাই, তেওঁলোকে ১ মে’ পৰা ৩০ মে’ৰ ভিতৰত সম্পত্তি কৰ জমা দিলে ১০ শতাংশ ৰেহাই পাব পৌৰ নিগমৰ তৰফৰ পৰা ৷ আনকি বিগত বছৰটোত ১ লাখ হল্ডিং নম্বৰ বৃদ্ধি হৈছে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে (Development of Guwahati)।

এই সংবাদমেলতে মেয়ৰ মৃগেন শৰণীয়াই কয় যে, পৌৰ নিগমৰ উন্নয়নমূলক কাম, বোকা কেলেংকাৰীৰ বাবে কামত যতি পৰিছিল । ইয়াৰ ভিতৰত আছিল অভিযন্তাৰ অভাৱ, পৌৰ নিগমৰ আয়ুক্ত বদলি আদি কাৰক । তেওঁ লগতে কয় যে, প্ৰজেক্ট জ্যোতি প্ৰকল্পৰ অধীনত ৯ হাজাৰ‌ ১০ হাজাৰটা বিজুলী বাতি নতুনকৈ গুৱাহাটীৰ ৰাজপথত সংযোগ কৰা হৈছে । ইতিমধ্যে পৌৰ নিগমৰ ৱাৰ্ডসমূহৰ উন্নয়নৰ বাবে তিনি লাখ টকাকৈ কাউন্সিলাৰসকলক দিয়া হৈছে । পৰৱৰ্তী ১০ লাখ টকা অহা বছৰ বাবে কাউন্সিলাৰসকলক দিয়া হ’ব ।

তেওঁ আৰু কয় যে প্ৰতিটো ৱাৰ্ডত কমিউনিটি হল আৰু কমিউনিটি টয়লেট নিৰ্মাণৰ কাম আৰম্ভ হ’ব । লগতে ১৩১ কোটি টকাৰে ৩৫২ টা ৰাস্তাও নিৰ্মাণ কৰা হ’ব । আনকি এই বছৰৰ পৰা ২০০ কোটি টকাৰ‌ উন্নয়নমূলক কাম আৰম্ভ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে ।

গুৱাহাটী পৌৰ নিগমৰ পাৰিষদখনে এবছৰৰ বাবে নহয় পাঁচ বছৰৰ বাবে কাম কৰাৰ‌ পৰিকল্পনা কৰিছে বুলিও এই সংসবাদমেলতে মেয়ৰগৰাকীয়ে মন্তব্য কৰে । উল্লেখ্য যে, উক্ত সংবাদমেলত পৌৰ নিগমৰ আয়ুক্ত এম এন দাহাল আৰু গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলাৰ মনোজ কুমাৰ নাথ আদিও উপস্থিত থাকে ।

লগতে পঢ়ক : AJYCP Leader Beaten Case: শৃংখলক গ্ৰেপ্তাৰৰ প্ৰস্তুতি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.