ETV Bharat / state

মহানগৰীত ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

গীতানগৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সহ 6 জন ড্ৰাগছ সৰবৰাহকাৰী৷

ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
author img

By

Published : Sep 15, 2019, 11:52 AM IST

গুৱাহাটী, 15 ছেপ্টেম্বৰঃ মহানগৰীত সক্ৰিয় ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মহানগৰ আৰক্ষী ৷ শনিবাৰে নিশা গীতানগৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সহ 6 জন ড্ৰাগছ সৰবৰাহকাৰী । ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে অমৰ সিং, তেওঁৰ পুত্ৰ ৰবি সিং, দ্বীপ চেত্ৰি, বিনোদ বাৰ্মা, মৃণ্ময় মিশ্ৰ, আৰু বিশাল সিং৷

ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

উল্লেখ্য যে চান্দমাৰী সংমণ্ডলৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত পুতুল বৈশ্য আৰু গীতানগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিদানন্দ বৰাৰ নেতৃত্বত চলোৱা অভিযানত এই ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আটক কৰা হয় ৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে নবীন নগৰৰ পৰা আটক কৰে আটাইকেইজন ড্ৰাগছ সৰবৰাহকাৰীক। তথ্য অনুসৰি ধৃত অমৰ সিঙে দীৰ্ঘদিন নবীন নগৰৰ এটা ঘৰত ভাড়াতীয়া হিচাপে বাস কৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল । আৰক্ষীয়ে অমৰ সিঙৰ ঘৰৰ পৰা 36 তাকৈ হেৰোইন ভৰ্তি কনটেইনাৰ জব্দ কৰে ৷ সম্প্ৰতি আটকাধীন আটাইকেইজনকে আৰক্ষীয়ে অধিক তথ্যৰ বাবে থানাত জেৰা অব্যাহত ৰাখিছে।

Intro:মহানগৰীত সক্ৰিয় ড্ৰাগছ ব্যৱসায়ী চক্ৰBody:মহানগৰীত সক্ৰিয় ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ ব্যাপক অভিযান ৷ শনিবাৰে নিশা গীতানগৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সহ ছজন ড্ৰাগছ সৰবৰাহকাৰী । ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ নাম ক্ৰমে অমৰ সিং, আৰু তেওঁৰ পুত্ৰ ৰবি সিং, দ্বীপ চেত্ৰি, বিনোদ বাৰ্মা, মৃণ্ময় মিশ্ৰ, আৰু বিশাল সিং৷ উল্লেখ্য যে চান্দমাৰী সংমণ্ডলৰ ACP পুতুল বৈশ্য আৰু গীতানগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিদানন্দ বৰাৰ নেতৃত্বত চলিছিল এই অভিযান ৷আৰক্ষীৰ দলটোৱে শনিবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি নবীন নগৰৰ পৰা আটক কৰে আটাইকেইজন ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত অমৰ সিঙে দীৰ্ঘদিন নবীন নগৰৰ এটা ঘৰত ভাড়াতীয়া হিচাপে বসবাস কৰি চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা। ধৃত অমৰ সিঙৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৩৭ তাকৈ হেৰোইন ভৰ্তি কনতেইনাৰ ।আটকাধীন আটাইকেইজনকে আৰক্ষীয়ে অধিক তথ্যৰ বাবে থানাত জেৰা অব্যাহত ৰাখিছে।Conclusion:লিপিকা ডেকা,গুৱাহাটীী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.