গুৱাহাটী, 2 ফেব্ৰুৱাৰী: গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ আইন পাঠ্যক্ৰমৰ এঘাৰটাতকৈ অধিক ষান্মাসিকৰ ফলাফল বিগত কেইবামাহো ধৰি ঘোষণা হোৱা নাই । ফলাফলসমূহ ঘোষণা কৰাৰ লগতে আইনৰ বাবে সুকীয়াকৈ উপ-পৰীক্ষা নিয়ন্ত্ৰক অথবা বিশেষ কৰ্তব্যৰত বিষয়া নিয়োগ কৰাৰ দাবীত ৩ ফেব্ৰুৱাৰীত ১১ ঘন্টীয়া অনশনৰ কাৰ্যসূচী ঘোষণা কৰিছিল বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটে । আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ পিছতেই বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আইন মহাবিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাক ফলাফল ঘোষণা তথা পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কৰে ।
সেইমৰ্মে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ উপদেষ্টা উৎপল শৰ্মা আৰু আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নয়নজ্যোতি গগৈৰ নেতৃত্বত আছু গোট আৰু আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ এটি দলে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড৹ ধ্ৰুৱজ্যোতি চৌধুৰীৰ লগত আলোচনাত মিলিত হয় । বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ সভাপতি কংকন মেধি আৰু সাধাৰণ সম্পাদক মৃদুস্মিতা ডেকাই এই সন্দৰ্ভত কয় যে- আলোচনা কালত ফলাফল ঘোষণাৰ দাবী উত্থাপন হোৱা ১১ টা ষান্মাসিকৰে ৩ টা ষান্মাসিকৰ ফলাফল ৭ ফেব্ৰুৱাৰীৰ ভিতৰত, ৪ টা ষান্মাসিকৰ ফলাফল ১০ ফেব্ৰুৱাৰীৰ ভিতৰত আৰু বাকী ষান্মাসিকসমূহৰ ফলাফল ২০ ফেব্ৰুৱাৰীৰ ভিতৰত ঘোষণা কৰিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে (Gauhati University authorities accept Aasu demand for declaration of results) ।
লগতে সভাৰ সিদ্ধান্ত অনুসৰি উপ-পৰীক্ষা নিয়ন্ত্ৰক বা বিশেষ কৰ্তব্যৰত বিষয়া নিয়োগ সন্দৰ্ভতো পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগত আলোচনা কৰিব । ইয়াৰ পিছতেই আছুৰ দলটোৱে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ হেমন্ত কুমাৰ নাথৰ সৈতে আইনৰ পাঁচবছৰীয়া পাঠ্যক্ৰম আৰু তিনি বছৰীয়া পাঠ্যক্ৰমৰ বছৰেকীয়া মাচুল সমান কৰা সন্দৰ্ভত আলোচনা কৰে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ finance committee ত বিষয়টো সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি পঞ্জীয়কগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে । কৰ্তৃপক্ষই আন্দোলনৰ দাবীসমূহ সময় নিৰ্ধাৰিত সূচীৰে সৈতে সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে স্থগিত কৰা হৈছে এঘাৰ ঘন্টীয়া অনশনৰ কাৰ্যসূচী ।
আলোচনাত বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি বৰষা ডেকা, সাধাৰণ সম্পাদক তন্ময় কাজি, আইন মহাবিদ্যালয় আছু গোটৰ উপদেষ্টা বিমান হালৈ, ৰূপম মহন্ত আৰু নয়নজ্যোতি শৰণীয়া উপস্থিত থাকে । সময় নিৰ্ধাৰত সূচী অনুযায়ী দাবীসমূহ পূৰণ নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা ধাৰাবাহিক আন্দোলনৰ কথাও ঘোষণা কৰে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটে ।
লগতে পঢ়ক: Exclusive - ধনী সকলৰ বাবেহে এই বাজেট, মধ্যবিত্ত আৰু দৰিদ্ৰৰ বাবে নহয়: প্ৰিয়ংকা গান্ধী