গুৱাহাটী, 12 জুন : শনিবাৰে মহানগৰীৰ নাৰেংগীৰ সংঘটিত হৈছে এক ভয়ংকৰ ৰে'ল দূৰ্ঘটনা । নাৰেংগীৰ সেনা শিবিৰ(Narengi army camp )ত পাঁচটাকৈ ৰেলৰ ডবা লাইনচ্যুত হোৱাত অঞ্চলটোত উদ্ভৱ হয় অভাৱনীয় পৰিস্থিতিৰ ।

বহিঃৰাজ্যৰ পৰা সেনাৰ বাবে খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰী কাঢ়িয়াই অনা মালবাহী ৰেল (freight train) খনৰ পাঁটটাকৈ ডবা লাইনচুত্য হয় । এই ঘটনাৰ লগে লগে অঞ্চলটোৰ ৰাইজৰ মাজত হুৱা-দুৱাৰ সৃষ্টি হয় । ইফালে, দূৰ্ঘটনাটোৰ বাবে পথৰ দুয়োকাষে সৃষ্টি হয় ভয়াৱহ যান-জঁটৰ । যাৰ ফলস্বৰূপে বহু যান-বাহন নাৰেংগী চন্দ্ৰপুৰৰ পথতে আৱদ্ধ হৈ পৰে ।
অৱশ্যে, পৰৱৰ্তী সময়ত ঘটনাস্থলীত সেনা বাহিনীৰ লোক আৰু আৰক্ষী বাহিনী উপস্থিত হৈ মালবাহী ৰে'লখনৰ চৌদিশে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । আনহাতে, যিকোনো মুহূৰ্ততে ৰে'লখন বাগৰি যোৱাৰ আশংকা প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে । ইফালে দূৰ্ঘটনাগ্ৰস্ত ৰে'লখন উদ্ধাৰ কৰিবলৈ ৰে'ল বিভাগৰ কোনো লোক উপস্থিত নোহোৱাকলৈ ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক : যৌতুকৰ বাবে নিৰ্যাতনৰ বলি দুটি সন্তানৰ মাতৃ