ETV Bharat / state

নৱবৰ্ষৰ পহিলা দিনটোত অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশ

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 10:11 PM IST

Assam Book Fair Guwahati : নৱবৰ্ষৰ পহিলা দিনটোত অসম গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থপ্ৰেমীৰ ব্যাপক ভিৰ ৷ 29 ডিচেম্বৰৰ পৰা 1 জানুৱাৰী পৰ্যন্ত প্ৰায় 85 লাখ টকাৰ গ্ৰন্থ বিক্ৰী ৷

Book Fair in Guwahati
অসম গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থপ্ৰেমীৰ ব্যাপক ভিৰ
অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ভিৰ

গুৱাহাটী, 1 জানুৱাৰী : অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলাত নৱবৰ্ষৰ পহিলা দিনটোত উৎসাহী পুথিপ্ৰেমীৰ বিপুল সমাৱেশ পৰিলক্ষিত হয় ৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়ালৈ বিৰদি বাট নপোৱা অৱস্থাৰ সৃষ্টি হয় ৷ নতুন বছৰৰ গ্ৰন্থৰ সান্নিধ্যৰে আদৰিবলৈ পুথিপ্ৰেমী বিদ্বৎ সমাজ, জ্ঞানান্বেষী শিক্ষাৰ্থী আৰু লেখক-সাহিত্যিকৰ বিশাল সমাৱেশে অসম গ্ৰন্থমেলাৰ বাকৰিত উছৱৰ লহৰ সৃষ্টি কৰে ৷

বিপণিত পছন্দৰ গ্ৰন্থ ক্ৰয় কৰি নৱবৰ্ষ 2024 ক স্বাগতম জনায় পঢ়ুৱৈয়ে ৷ আজি কিতাপ বিক্ৰীও আশাব্যঞ্জক বুলি সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে ৷ 29 ডিচেম্বৰৰ পৰা আজি 1 জানুৱাৰী পৰ্যন্ত প্ৰায় 85 লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে উদ্যোক্তা সকলে ৷ ইফালে আজি বিয়লি 2 বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে আকৰ্ষণীয় অনুষ্ঠান 'লেখক-পাঠক সমাৰোহ' ৷ এই অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট ইতিহাসবিদ, অধ্যাপক ড৹ গজেন্দ্ৰ অধিকাৰীয়ে ৷

অনুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট সাংবাদিক, গ্ৰন্থকাৰ, নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড৹ সমুদ্ৰগুপ্ত কাশ্যপে ৷ তেওঁ কয় যে লেখক-পাঠকৰ সম্পৰ্কৰ আধাৰ হৈছে কিতাপ, আলোচনী, কাকত | ইয়াত লেখকসকলে লিখে আৰু পাঠক সমাজে পঢ়ে | গতিকে সম্পৰ্কৰ মাধ্যম হৈছে পঠন কাৰ্য | সেয়েহে এইক্ষেত্ৰত ইতিবাচক পৰিৱেশ ৰচনা হ’বলৈ হ’লে লেখকে শুদ্ধ ভাষাৰ প্ৰয়োগ, বাচকবনীয়া বিষয় নিৰ্বাচন আৰু সহজ সৰলভাৱে উপস্থাপন কৰিবলৈ যত্নপৰ হোৱা দৰকাৰ ৷

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি লেখক-পাঠকে নিজৰ সৃষ্টি আৰু পঠনৰ অভিজ্ঞতা , উপলব্ধিৰ বিষয়ে বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰুমী লস্কৰ বৰা, ড৹ স্মৃতিৰেখা ভূঞা, ড৹ ৰাজীৱ কুমাৰ সাহা, বংকিম ভাগৱতী, ডাঃ বিজুলী গোস্বামী, দীপশিখা ভাগৱতী, ধ্ৰুৱজ্যোতি শৰ্মা, প্ৰীতিৰেখা ভূঞা, নিভাৰাণী ৰয়, ডাঃ শুভ্ৰকিংকৰ গোস্বামী, মৃণালিনী শইকীয়া, দুলাল নাথ আদিয়ে ৷ সন্ধিয়া অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান ৷ প্ৰবোধ দাসৰ পৰিচালনাত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত যোগদান কৰে অম্বিকাগিৰী নগৰস্থিত শংকৰদেৱ শিশু কুঞ্জ, কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয় আৰু পাণ্ডু মহাবিদ্যালয়ে ৷

ইফালে আজি অসম গ্ৰন্থমেলাস্থলীত উপস্থিত হয় ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ তেওঁ গ্ৰন্থমেলাৰ জনসমাৱেশ অভূতপূৰ্ব বুলি উল্লেখ কৰি কয় যে ৰাজধানী মহানগৰ গুৱাহাটী তথা ৰাজ্যখনৰ জিলাই জিলাই অনুষ্ঠিত অসম গ্ৰন্থমেলা বৌদ্ধিক আন্দোলনৰ অনন্য নিদৰ্শন ৷ ইয়াৰ জৰিয়তে অধ্যয়ন সংস্কৃতি গঢ়ি উঠাত সহায়ক হ’ব ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই যৌথ কাৰ্যক্ৰমণিকাই নজিৰ সৃষ্টি কৰিছে বুলি কয় মন্ত্ৰী দাসে ৷

লগতে পঢ়ক : ৮৫২.৬২ কোটি টকা ব্যয়ৰে দীঘলীপুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.