গুৱাহাটী, ৪ আগষ্ট:এম এছ এম ই সমূহৰ বিকাশেৰে অসমক সমৃদ্ধিৰ এক নতুন পথত আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে আজি গুৱাহাটীৰ গড়চুকস্থিত আসাম স্কীল ডেভেল'পমেণ্ট মিছনত(Assam Skill Development Mission)আয়োজন কৰা এক অনুষ্ঠানত বুজাবুজিৰ চাৰিখন চুক্তি স্বাক্ষৰ কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ গ্ৰহণ কৰে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ।

প্ৰথমখন চুক্তি অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ তথা উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ সৈতে ৱালমাৰ্ট আৰু ফ্লিপকাৰ্টৰ মাজত সম্পন্ন হয়(Walmart and Flipkart)। এই ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তিখনে সামগ্ৰীৰ প্ৰদৰ্শন, ৰপ্তানি আৰু সামগ্ৰীৰ সফল বাণিজ্যকৰণৰ ক্ষেত্ৰত এম এছ এম ই সমূহক সহায় কৰিব ।আনহাতে, HCL Technologies আৰু Department Of Employment And Craftsmen Trainingৰ মাজত আনখন চুক্তি হয় । এই চুক্তিখনৰ উদ্দেশ্য হৈছে এইচ চি এলৰ দ্বাৰা পৰিচালিত বিভিন্ন কাৰ্যসূচীৰ অধীনত অসমত যুৱক-যুৱতীসকলৰ নিয়োগযোগ্যতা বৃদ্ধি কৰি দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীসকলক উপকৃত কৰা ।

সেইদৰে HCL টেকন’লজিছ আৰু অসম দক্ষতা বিশ্ববিদ্যালয়ৰ মাজত হোৱা বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে HCL-TSS ৰ দক্ষতা আৰু নিয়োগ কাৰ্যসূচীত যোগদান কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলক নিযুক্তিৰ সুবিধা প্ৰদান কৰা আৰু বিশ্ববিদ্যালয় চৌহদত যোগ্য প্ৰাৰ্থীসকলৰ পৰামৰ্শ আৰু মূল্যায়নৰ বাবে স্থান প্ৰদান কৰাত পাৰস্পৰিক সহায় আগবঢ়োৱা । অসম দক্ষতা বিকাশ অভিযানৰ সৈতে ফ্লিপকাৰ্টৰ বুজাবুজি চুক্তিৰ জৰিয়তে ফ্লিপকাৰ্টে ফ্লিপকাৰ্ট Supply Chain Operation Academyত অসমৰ যুৱক-যুৱতীসকলক প্ৰশিক্ষণ, প্ৰামাণিকৰণ আৰু ই-কমাৰ্চ যোগান শৃংখল প্ৰতিভাৰ এটা স্থল সৃষ্টি কৰাৰ সুযোগ প্ৰদান কৰিব ।

উক্ত অনুষ্ঠানত অংশ গ্ৰহণ কৰি দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে এই চুক্তিয়ে বহু সপোন বাস্তৱ হোৱাৰ দিশে আগুৱাই নিব । ৱালমাৰ্টৰ সৈতে হোৱা বুজাবুজিৰ জৰিয়তে এম এছ এম ই ছেক্টৰৰ লোকসকলৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছোঁ বুলি উল্লেখ কৰি তেওঁ কয় যে এম এছ এম ইৰ সৈতে জড়িত কমেও তিনি হাজাৰ লোকক ৱালমাৰ্টৰ জৰিয়তে বিকশিত কৰা হ'ব ।

সেইদৰে ফ্লিপকাৰ্টৰ যোগেদি ই-বাণিজ্যৰ ক্ষেত্ৰত অসমৰ যুৱক যুৱতীক প্ৰশিক্ষণ দিয়া হ'ব । আনহাতে,এইচ চি এলৰ সৈতে হোৱা চুক্তিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিত পৰিৱৰ্তন অনা হ'ব । উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ তথা উচ্চ শিক্ষিত মেধাবী শিক্ষৰ্থীক প্ৰশিক্ষণ দিয়াই প্ৰতিষ্ঠিত কোম্পানীত চাকৰি দিয়াৰ ক্ষেত্ৰত সহায়ক হ'ব । অসমত হাজাৰ হাজাৰ কোটি টকাৰ কাম চলি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে তাত কাম কৰিবলৈ দক্ষ লোকৰ অভাৱ ঘটিছে । ফলত বাহিৰৰ লোক আহি অসমত কাম কৰি আছে । যাৰ পৰিপ্ৰেক্ষিতত দক্ষতা বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি তেওঁ কয় । উক্ত অনুষ্ঠানটোত বিভাগীয় বিষয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক:Jihadi activities in Assam : অসমত মৌলবাদীৰ উত্থানক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী