ETV Bharat / state

মাছখোৱাৰ অবৈধ ফটকাৰ গুদাম ছীল জিলা প্ৰশাসনৰ

author img

By

Published : Nov 7, 2020, 9:54 PM IST

শনিবাৰে মহানগৰীৰ মাছখোৱাত ফটকাৰ গুদাম ছীল জিলা প্ৰশাসনৰ ৷ চৰকাৰৰ নিৰ্দেশনাক অমান্য কৰি বহিঃৰাজ্যৰ পৰা বিক্ৰী বাবে আনিছিল ফটকাসমূহ ৷ ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

fotoka seized in guwahati
মাছখোৱাৰ অবৈধ ফটকাৰ গুদাম ছীল জিলা প্ৰশাসনৰ

গুৱাহাটী, 7 নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ মাছখোৱাত শনিবাৰে এটা ফটকাৰ গুদাম ছীল কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ দিপাৱলীৰ পূৰ্বে বিক্রীৰ বাবে অবৈধভাৱে মজুত কৰি ৰাখিছিল ফটকাসমূহ।

শব্দ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দিপাৱলীৰ সময়ছোৱাত উচ্চ ক্ষমতাসম্পন্ন আতচবাজী তথা ফটকা ফুটুৱাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ৷ তাৰোপৰি এইবাৰ ক’ভিডৰ বাবে চৰকাৰৰ ফালৰ পৰাও জাৰি কৰা হৈছে বিশেষ নীতি-নিৰ্দেশনা ।

কিন্তু চৰকাৰৰ এই নিৰ্দেশনাক অমান্য কৰি বহিঃৰাজ্যৰ পৰা বিক্ৰী বাবে আনিছিল এই বৃহৎ পৰিমাণৰ ফটকা । অভিযোগ অনুসৰি,জনৈক কুমাৰ আৰু ছালৈ উপাধিৰ লোক দুজনে আনিছিল ফটকাসমূহ । ইফালে জিলা প্ৰশাসনে গুদামটো ছীল কৰাৰ লগতে ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক : পথৰ দাঁতিত উদ্ধাৰ অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.