ETV Bharat / state

Former ULFA leader Bipul Kalita : দুই শতাংশ লোকেহে আলফাক সমৰ্থন কৰিছিল !

ৱাই-২০ সন্মিলনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন আলফা নেতা বিপুল কলিতাৰ (Former ULFA leader Bipul Kalita) অপকট স্বীকাৰোক্তি । 'শান্তি স্থাপন আৰু সমন্বয়ঃ যুদ্ধ বিহীন যুগৰ সূচনা' শীৰ্ষক কাৰিকৰী অধিৱেশন আৰু আলোচনাত ডিজিপি জি পি সিং আৰু এডিজিপি হীৰেন চন্দ্ৰ নাথ ।

author img

By

Published : Feb 7, 2023, 7:37 PM IST

Y20 in Guwahati
প্ৰাক্তন আলফা নেতা বিপুল কলিতা
প্ৰাক্তন আলফা নেতা বিপুল কলিতা

গুৱাহাটী,৭ ফেব্ৰুৱাৰীঃ ‘‘জীৱনৰ চৈধ্যটা বছৰ আলফাত আছিলো, পিছত অনুভৱ কৰিলো আমাৰ পথ শুদ্ধ নহয় । মাত্ৰ ২ শতাংশ লোকেহে আলফাৰ কাৰ্যকলাপ সমৰ্থন কৰিছিল ৷’’ - এই অপকট স্বীকাৰোক্তি প্ৰাক্তন আলফা নেতা বিপুল কলিতা ওৰফে প্ৰদীপ ভৰালীৰ । গুৱাহাটীত অনুষ্ঠিত হোৱা ৱাই-২০ সন্মিলনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন আলফা নেতা বিপুল কলিতাই (Former ULFA leader Bipul Kalita) এইদৰে নিজৰ মনৰ ভাব ব্যক্ত কৰে ।

আই আই টি গুৱাহাটীত অনুষ্ঠিত ৱাই-২০ৰ (Y20 in Guwahati) আজিৰ দ্বিতীয় দিনাৰ কাৰিকৰী অধিৱেশন আৰু আলোচনাৰ (Inaugural and Technical session of the First Youth20) বিষয়বস্তু আছিল 'শান্তি স্থাপন আৰু সমন্বয়ঃ যুদ্ধ বিহীন যুগৰ সূচনা' । এই বিষয়ত পেনেলিষ্ট হিচাবে অংশগ্ৰহণ কৰি প্ৰাক্তন আলফা নেতাজনে কয় যে অসম আন্দোলনৰ প্ৰেক্ষাপটৰ পাছতে তেওঁ আলফাত যোগদান কৰিছিল । অসমখন স্বাধীন কৰাৰ এটা সপোন লৈ আলফাত যোগদান কৰিছিলো বুলি উল্লেখ কৰি তেওঁ কয় যে ১৪ বছৰ সংগঠনত থাকি বহু অভিজ্ঞতাৰ সন্মূখীন হলো । অসম আন্দোলনৰ গতিত আমি অসমক স্বাধীন কৰাৰ সপোন লৈ ওলাই গৈছিলো বুলি সদৰী কৰি তেওঁ কয় যে আমি আমাৰ সপোনৰ কথা অসমৰ ৰাইজক অৱগত কৰিছিলো । কিন্তু অসমৰ ৰাইজে আমাৰ সপোনৰ প্ৰতি সঁহাৰি জনোৱা নাছিল ।

তেওঁ লগতে কয়- ‘‘পৰৱৰ্তী সময়ত আমি উপলব্ধি কৰিছিলো যে আমি সংগ্ৰামৰ যিটো পথেৰে গৈছো সেই পথটোৰ কোনো ভৱিষ্যত নাই ৷’’ সেই কথা উপলব্ধি কৰি ২০০০ চনত মূলসূঁতিলো ঘূৰি অহাৰ কথা তেওঁ সদৰী কৰে । তেওঁ লগতে কয় যে ৰাইজৰ মাজলৈ অহাৰ পাছত অনুভৱ হ'ল যে ১৪ টা বছৰ সংগ্ৰামৰ নামত এনেয়ে অতিবাহিত কৰিলো । ৯৮ শতাংশ লোকেই আমাৰ সংগ্ৰামক সমৰ্থন নকৰে (Public support of ULFA I)।

সেই সময়ত অসমৰ লগত দিল্লীৰ দূৰত্ব আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে আজি সেই দূৰত্ব নাই । সময়ৰ লগত সকলো পৰিৱৰ্তন হ'ল । প্ৰগতিৰ দিশত আগুৱাই গৈছে অসম । তেওঁ কয় যে তেওঁলোকৰ সেই সময়ৰ ধাৰণাটো ভুল আছিল । বৰ্তমান তেওঁ স্বচ্ছ অভিযানৰ সৈতে জড়িত হৈ এন জি অ'ৰ যোগেদি নিজৰ লগতে আন বহুজনক সংস্থাপন দিবলৈ সক্ষম হোৱা বুলি সদৰী কৰে ।

কাৰিকৰী অধিৱেশনত আন এজন পেনেলিষ্ট হিচাবে অংশগ্ৰহণ কৰে প্ৰাক্তন এন ডি এফ বি নেতা বিনোৱেল ৱাৰীয়ে । তেওঁ নিজৰ মনৰ ভাব ব্যক্ত কৰি কয় যে বড়োচুক্তিৰ (Bodo Accord) পূৰ্বে জনগোষ্ঠীটোৱে বিভিন্ন সমস্যৰে যুঁজ দি আছিল । শ‍ান্তিচুক্তিৰ পাছত জনগোষ্ঠীয়ে বিভিন্ন উন্নয়নমূলক কামত নিজকে নিয়োগ কৰিব পাৰিছে । এন ডি এফ বি গঠনৰ আঁৰত বহু কাৰণ জড়িত হৈ আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে উন্নয়ন আৰু শান্তি সকলোতে প্ৰয়োজনীয় বিষয় । সশস্ত্ৰ সংগ্ৰামত বহু যুৱক-যুৱতীয়ে প্ৰাণ হেৰুৱালে ।

তেওঁ লগতে কয় যে মূলসুঁতিৰ পৰা বিচ্ছিন্ন হৈ থকাৰ বাবেই সমস্যাৰ সৃষ্টি হৈছিল । কাৰিকৰী অধিৱেশনত অংশগ্ৰহণ কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে সন্ত্ৰাসবাদ আৰু সংঘাত সন্দৰ্ভত নিজৰ অভিজ্ঞতা ব্যক্ত কৰে । তেওঁ অস্ত্ৰ-শস্ত্ৰৰ ব্যাপক ব্যৱহাৰৰ প্ৰসংগ উল্লেখ কৰি চুবুৰীয়া ৰাষ্ট্ৰৰ প্ৰভাৱৰ বিষয়ে সদৰী কৰে ।

ৰাজ্যখনে প্ৰগতিৰ দিশত আগুৱাই যোৱাৰ লগে লগে বহু সমস্যাৰ সমাধান হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্যখনত বৰ্তমান শান্তিৰ বাতাবৰণ গঢ় লৈ উঠিছে । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ জ্যেষ্ঠ উপদেষ্টা কাঞ্চন গুপ্তাই পৰিচালনা কৰা কাৰিকৰী অধিৱেশনখনত জেনেৰেল ভি কে সিং, অসম আৰক্ষীৰ বিশেষ শাখাৰ এডিজিপি হীৰেন চন্দ্ৰ নাথকে ধৰি কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । জি-২০ৰ সন্মিলনৰ আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত কেইবাখনো কাৰিকৰী অধিৱেশন আৰু আলোচনা অনুষ্ঠিত হয় ।

উল্লেখ্য যে সোমবাৰৰ পৰা গুৱাহাটীত জি-২০ৰ অধীনত য়ুথ-২০ (Y20)ৰ আৰম্ভণি বৈঠক অনুষ্ঠিত হৈছে । আই আই টি গুৱাহাটীৰ চৌহদত এই বৈঠকৰ আয়োজন কৰা হৈছে । সোমবাৰে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ৱাই-২০ ৰ প্ৰতিনিধিসকলৰ সৈতে ‘য়ুথ ডায়লগ’ ত ভাগ লৈ ভিন্ন বিষয়বস্তু সন্দৰ্ভত শ্বেতপত্ৰ মুকলি কৰে ।

উল্লেখ্য যে জি-২০ দেশসমূহৰ ১৫০ ৰো অধিক যুৱ প্ৰতিনিধিয়ে এই তিনি-দিনীয়া বৈঠকত অংশগ্ৰহণ কৰিছে । এই কাৰ্যসূচীসমূহত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ১২,০০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে । ২০১২চনত আৰম্ভ হোৱা ৱাই-২০ হৈছে জি-২০ সন্মিলনৰ যুৱ সংস্কৰণ আৰু ই হৈছে যুৱক-যুৱতীসকল জি-২০ ৰে জড়িত হ’বলৈ একমাত্ৰ আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত মঞ্চ । ই যুৱ নেতাসকলৰ বাবে অন্যতম প্ৰভাৱশালী আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক মঞ্চ ।

আনহাতে যে কাইলৈ এই তিনিদিনীয়া ৱাই-২০ সন্মিলনৰ আৰম্ভণি বৈঠকৰ সামৰণি পৰিব ।

লগতে পঢ়ক: Dog Reunited With Puppy : মাতৃ-সন্তানৰ পুনৰ মিলনত আৱেগিক দুটা পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.