ETV Bharat / state

Dipanka Nath marriage : বিবাহপাশত আবদ্ধ দীপাংক কুমাৰ নাথ

author img

By

Published : Dec 15, 2022, 6:10 PM IST

Updated : Dec 15, 2022, 10:56 PM IST

গুৱাহাটীৰ বৰাগাঁওস্থিত সোমনাথ মন্দিৰত অনুষ্ঠিত হ'ল বহু চৰ্চিত বিয়াখন । গোৱালপাৰাৰ পৰা দৰা সাজত ওলাই আহিল দীপাংক কুমাৰ নাথ (Dipanka Nath wedding at Guwahati)। বৰযাত্ৰী হৈ দীপাংক কুমাৰ নাথৰ সৈতে আহিল আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সম্পাদক শংকৰজ্যোতি বৰুৱা, নৱ নিযুক্ত সভাপতি উৎপল শৰ্মাকে ধৰি বহু আছু নেতা ।

Dipanka Nath marriage
বিবাহপাশত আবদ্ধ দীপাংক কুমাৰ নাথ
বিবাহপাশত আবদ্ধ দীপাংক কুমাৰ নাথ

গুৱাহাটী,১৫ ডিচেম্বৰ : অৱশেষত বিবাহপাশত আবদ্ধ হ'ল আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ (Former AASU leader Dipanka Nath marriage)। বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীশ্ৰী সোমনাথ মন্দিৰত সম্পন্ন হয় বহু চৰ্চিত বিয়াখন । প্ৰাক্তন আছু নেতাগৰাকীৰ বিয়াৰ বাবে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে বৰাগাঁৱৰ তেতেলিয়াস্থিত সোমনাথ মন্দিৰ (Dipanka Nath wedding at Guwahati)। পুৱাৰ ভাগতে গোৱালপাৰাৰ পৰা দৰা সাজত ওলাই আহিল দীপাংক কুমাৰ নাথ ।

সোমনাথ মন্দিৰত উপস্থিত হোৱাৰ পাছতে দীপাংক কুমাৰ নাথৰ বিবাহ ৰূপা হাজৰিকাৰ সৈতে সম্পন্ন হয় (Dipanka Nath wedding)। আনহাতে বৰযাত্ৰী হৈ দীপাংক কুমাৰ নাথৰ সৈতে আহিল আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সম্পাদক শংকৰজ্যোতি বৰুৱা, নৱ নিযুক্ত সভাপতি উৎপল শৰ্মাকে ধৰি বহু আছু নেতা । সকলোৱে দৰা-কইনাক আশীৰ্বাদ দিয়াৰ লগতে ভৱিষ্যত জীৱনৰ বাবে শুভকামনা আৰু আশীৰ্বাদ জনায় ।

প্ৰাক্তন আছু নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজোতি গগৈও বিয়াত উপস্থিত থাকে (Lurinjyoti Gogoi at Dipanka Nath wedding)। আনহাতে সন্ধিয়া ৫ বজাৰ পৰা মন্দিৰতে অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । জানিব পৰা মতে অভ্যৰ্থনা অনুষ্ঠানত বৰ্তমানৰ আছু নেতা, প্ৰাক্তন আছু নেতাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু লোক উপস্থিত থাকিব ।

উল্লেখ্য যে সাংসাৰিক হোৱাৰ বাবেই ছাত্ৰ সন্থাৰ মজিয়াত দীৰ্ঘদিন থকাৰ পাছত শেহতীয়াকৈ দীপাংক কুমাৰ নাথে আছুৰ পৰা অব্যাহত লয় । ইফালে তেওঁৰ পিতৃ-মাতৃয়ে জনোৱা মতে দীৰ্ঘদিন ধৰি বিয়াৰ বাবে পুত্ৰক জোৰ দি আহিছিল । কিন্তু দীৰ্ঘদিনৰ অন্তত অৱশেষত তেওঁলোকৰ কথাত মান্তি হ'ল । সম্প্ৰতি এই বহু চৰ্চিত বিয়াখনকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে ।

লগতে পঢ়ক :Assam Book Fair Guwahati : ২৯ ডিচেম্বৰৰ পৰা চানমাৰিত দ্বিতীয় অসম গ্ৰন্থমেলা

Last Updated : Dec 15, 2022, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.