ETV Bharat / state

কিহৰ বাবে হত্যাৰ বলি হ’ল ডিম্পল কুমাৱত ?

author img

By

Published : Sep 3, 2021, 9:15 PM IST

চাঞ্চল্যকৰ ডিম্পল কুমাৱত হত্যাকাণ্ডৰ ৰহস্য ফাদিল । আশিকে চিগাৰেট খাবলৈ ডিম্পলক বাধা দিয়াত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটে । পটাত থৈ পটা গুটিৰে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰাৰ কথা স্বীকাৰ আশিকৰ ৷

for one cigarette ashik killed dimple brutally at guwahati
ডিম্পল কুমাৱত

গুৱাহাটী, ৩ ছেপ্টেম্বৰ : মহানগৰীৰ উজান বজাৰত বুধবাৰে সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল । হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে আশিকে চিগাৰেট খাবলৈ ডিম্পলক বাধা দিয়াত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটে । ডিম্পলে আশিকক এক চৰ মৰাত আশিকে পটা গুটি, প্ৰেছাৰ কুকাৰ আৰু চুৰিৰে নিৰ্মমভাৱে আক্ৰমণ কৰি হত্যা কৰে ডিম্পলক । পটাত থৈ পটা গুটিৰে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে ।

হত্যাকাণ্ড সংঘটিত কৰি ঘটনাটোৰ বেলেগ ৰূপ দিবলৈ চেষ্টা কৰি আশিকে গডৰেজ খুলি কাপোৰ বাহিৰত পেলাই ৰাখিছিল ৷ জেৰাত সম্পৰ্কীয় ভাতৃ আশিক গুপ্তাই সকলো স্বীকাৰ কৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰে । ইপিনে আৰক্ষীয়ে ম’বাইলক কেন্দ্ৰ কৰিও কাজিয়াৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ।

কিহৰ বাবে হত্যাৰ বলি হ’ল ডিম্পল কুমাৱত ?

ইপিনে ডিম্পলৰ মাকে কয় যে, আশিক গুপ্তা তেওঁৰ বায়েকৰ লৰা । আশিকে পূৰ্বতে ড্ৰাগছ সেৱন কৰিছিল ৷ কিন্তু দুমাহ মানৰ পৰা ড্ৰাগছ লোৱা নাই যদিও ভাং সদায় খাইছিল আশিকে । আশিকে প্ৰায় তিনিমাহ মান পূৰ্বে ঘৰৰ পৰা ৫ লাখ টকা চুৰি কৰিছিল । তেতিয়া আশিকক দেউতাকে ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত প্ৰথমে কেইদিন মান আশিক জেঠায়েকৰ ঘৰত আছিল যদিও যোৱা প্ৰায় এমাহ ধৰি তেওঁলোকৰ ঘৰত আছিল ।

ডিম্পল আৰু আশিক দুয়োৰে মাজে মাজে ম’বাইলক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হৈছিল । বুধবাৰেও ম’বাইলক কেন্দ্ৰ কৰি দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছত হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি ডিম্পলৰ মাতৃয়ে মন্তব্য কৰে । ডিম্পলক প্ৰেছাৰ কুকাৰেৰে মাৰি দিয়াত সংজ্ঞাহীন হৈ তলত পৰি যোৱাত মূৰৰ তলত পটা থৈ পটা গুটিৰে প্ৰহাৰ কৰাৰ লগতে চুৰিৰে হানি-খুচি নৃসংশভাৱে হত্যা কৰা বুলিও মাতৃয়ে মন্তব্য কৰে ।

বুধবাৰে ডিম্পলৰ মাতৃ তেওঁলোকৰ উজান বজাৰত থকা দোকানলৈ পুৱা ৮.৩০ বজাত ওলাই যোৱাৰ পিছত ঘৰৰ পৰা দেউতাক ১০.১৫ মান বজাত ওলাই গৈছিল । ১০.৩০ মান বজাত ডিম্পললৈ দেউতাকে ফোন কৰাত আশিকে ফোন ৰিছিভ কৰি ডিম্পল বাথৰূমত থকা বুলি কৈছিল । ঘটনা সংঘটিত কৰি আশিকে ডিম্পলৰ ম’বাইলৰ চিমকাৰ্ড পেলাই ম’বাইল লুকুৱাই ৰাখি ডিম্পলৰ মাক দেউতাকৰ দোকানলৈ যায় ।

মাকে ডিম্পলৰ বাবে খোৱা বস্তু লৈ আনিবলৈ আশিকক ৫০ টকা দিয়ে । আশিকে সেই টকা লৈ দোকানৰ পৰা গুচি যায় । ইপিনে ডিম্পলৰ পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে ডিম্পলৰ হত্যাকৰীক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে । অসম মহিলা সংঘ আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ সম্পাদিকাদ্বয় অসমী গগৈ আৰু নিয়তি বৰ্মণে দোষীক ফাষ্ট্ৰেক আদালতত শাস্তি দিবলৈ দাবী জনোৱাৰ লগতে ড্ৰাগছ-মদৰ ব্যৱসায়ী সকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । আনহাতে আশিকক শুকুৰবাৰে আৰক্ষীয়ে আদালতত হাজিৰ কৰি ২ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লয় ।

লগতে পঢ়ক : ডিম্পল কুমাৱত হত্যাকাণ্ডৰ A to Z

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.