ETV Bharat / state

ক'ভিড 19 ৰ বাবে বহুকেইটা গুৰুত্বপূর্ণ গোচৰৰ তদন্তত স্থবিৰতা

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ কেইবাজনো বিষয়া সম্প্ৰতি ক'ভিড 19 ত আক্ৰান্ত ৷ এপিডিচিএলৰ নিযুক্তি কেলেংকাৰী, আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদর্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ, বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা গোচৰকে ধৰি কেইবাটাও হাই প্ৰফাইল গোচৰৰ তদন্তত স্থবিৰতা আহিছে ৷

author img

By

Published : Nov 7, 2021, 7:53 AM IST

ক'ভিডৰ বাবে বহুকেইটা গুৰুত্বপূর্ণ গোচৰৰ তদন্তত স্থবিৰতা

গুৱাহাটী, 7 নৱেম্বৰ : ক'ভিড সংক্ৰমণৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ তদন্ত বিগত কিছুদিন ধৰি স্থবিৰ হৈ আছে ৷ এপিডিচিএলৰ নিযুক্তি কেলেংকাৰী, আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদর্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ, বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা গোচৰকে ধৰি কেইবাটাও হাই প্ৰফাইল গোচৰৰ তদন্তত স্থবিৰতা আহিছে ৷

তদন্তকাৰী সংস্থাটোৰ আৰক্ষী অধীক্ষকৰ পৰা তদন্তকাৰী বিষয়ালৈ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দহ-বাৰজন বিষয়া-কৰ্মচাৰী ক'ভিড 19 ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া গুৰুত্বপূৰ্ণ গোচৰসমূহৰ তদন্ত স্থগিত ৰাখিব লগা গৈছে ৷ উল্লেখ্য যে, এপিডিচিএলৰ নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত থকাৰ সন্দেহত কেইবাগৰাকী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি জেৰা চলোৱাৰ অন্তত কিছুসংখ্যক প্ৰার্থীক সোধা-পোছা আৰম্ভ কৰিছিল ৷ প্ৰতিদিনে প্ৰায় ১০-১৫ জনকৈ প্ৰার্থীক সোধা-পোছাৰ বাবে তদন্তকাৰী সংস্থাটোৱে তলৱ কৰিছিল ৷

ক'ভিড 19 ৰ বাবে বহুকেইটা গুৰুত্বপূর্ণ গোচৰৰ তদন্তত স্থবিৰতা
ক'ভিড 19 ৰ বাবে বহুকেইটা গুৰুত্বপূর্ণ গোচৰৰ তদন্তত স্থবিৰতা

প্ৰথম কেইটামান দিনত কিছুসংখ্যক প্ৰার্থীক সোধা-পোছা কৰে যদিও পৰৱৰ্তী সময়ত এই প্ৰক্ৰিয়াও স্থগিত হয় ৷ যাৰ ফলত এপিডিচিএলৰ তদন্ত প্ৰক্ৰিয়া দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে ৷ কাৰণ বহু প্ৰার্থীক সোধা-পোছা কৰিবলৈ এতিয়াও বাকী আছে ৷ প্ৰায় ২৭০ গৰাকী প্ৰার্থীক সোধা-পোছাৰ বাবে সংস্থাটোৱে এখন দীঘলীয়া তালিকা যুগুত কৰিছিল ৷

তাৰে ১২৪ গৰাকীক প্ৰথম পর্যায়ত সোধা-পোছা আৰম্ভ কৰিছিল ৷ এই সোধা-পোছাৰ কালত কিছুসংখ্যকৰ পৰা তদন্তকাৰী সংস্থাটোৱে কিছু অনিয়ম, খেলিমেলি ধৰা পেলাবলৈ সক্ষম হৈছিল ৷ কোন কেইজন প্ৰার্থীয়ে সাক্ষাৎকাৰ বা লিখিত পৰীক্ষাত উত্তীর্ণ হ'বৰ বাবে বাছনি পৰীক্ষাৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীক উৎকোচ দিছিল তাৰ তথ্য উলিয়াই ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা অভিযুক্তসকলক পুনৰ জেৰা কৰাৰ কথা আছিল ৷

সেইদৰে উৎকোচ দিয়া প্ৰার্থীকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনীয়তাৰ কথা তদন্তকাৰী সংস্থাটোৱে সদৰী কৰিছিল ৷ তাৰ বাবে তদন্তয়ো গতি লাভ কৰিছিল ৷ কিন্তু তদন্তৰ গতিত বিধি-পথালি দিলে ক'ভিডে ৷ আনহাতে আয় বহির্ভূত সম্পত্তি গঢ়ি কাৰাবন্দী হৈ থকা আই পি এছ বিষয়া ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা অভিযোগ বহু দূৰলৈ শিপাই থকাৰ তথ্য পোহৰলৈ অহাৰ সময়তো সেই তদন্ততো ক'ভিড 19 য়ে বিধি-পথালি দিছে ৷ কিছু পৰিমাণে স্থবিৰতা আহিছে বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে চলি থকা গোচৰৰ তদন্ততো ৷

গতিকে স্থবিৰ হোৱা এইসমূহ গুৰুত্বপূৰ্ণ তথা হাই প্ৰফাইল গোচৰৰ তদন্ত আগবঢ়াই নিয়াত এতিয়া স্বাভাৱিকতে দীর্ঘ সময় প্ৰয়োজন হ'ব ৷ ইফালে তদন্তকাৰী সংস্থাটোত পঞ্জীয়ন হৈ থকা পূৰ্বৰো কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ তদন্ত শেষ হোৱা নাই ৷

লগতে চাওক: কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.