ETV Bharat / state

হলিউডৰ " ষ্টাৰ ট্ৰেক -ছিজন থ্ৰি" ৰ অভিনেতা আদিল হুছেইনৰ সৈতে ই টিভি ভাৰতৰ EXCLUSIVE সাক্ষাৎকাৰ

author img

By

Published : Oct 14, 2019, 4:30 PM IST

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় ৱেব চিৰিজ "ষ্টাৰ ট্ৰেক"ত অভিনয় কৰিবলৈ সুযোগ পাইছে অসম তথা ভাৰতবৰ্ষৰ প্ৰতিভাৱান সন্তান আদিল হুছেইনে ৷ উল্লেখ্য যে, " ষ্টাৰ ট্ৰেক " ত কাম কৰিবলৈ সুযোগ পোৱা আদিল হুছেইন হৈছে দ্বিতীয়গৰাকী ভাৰতীয় অভিনেতা আৰু প্ৰথমগৰাকী অসমীয়া ৷ ইতিবাচক খবৰটো হ'ল হলিউড তথা বলিউডৰ কামৰ মাজতেই অভিনেতা আদিল হুছেইনে শীঘ্ৰেই পৰিচালনা কৰিব এখন অসমীয়া ছবি ৷

অভিনেতা আদিল হুছেইন

গুৱাহাটী, ১৪ অক্টোবৰঃ '৮০ ৰ দশকত গোৱালপাৰাৰ পৰা আহি গুৱাহাটীত নাটক কৰিবলৈ লোৱা যুৱকজনৰ পৰিচয় এতিয়া বিশ্বব্যাপী । গুৱাহাটীৰ পৰা গৈ প্ৰথমে বলিউড আৰু তাৰ পিছত এতিয়া এইগৰাকী সুযোগ্য অসম সন্তানে খোজ পেলাবলৈ সক্ষম হৈছে হলিউডত । হলিউডৰ জনপ্ৰিয় তথা বিখ্যাত চিৰিজ " ষ্টাৰ ট্ৰেক - ছিজন থ্ৰি " ত অভিনয় কৰিবলৈ সুযোগ পোৱা এইগৰাকী অভিনেতাৰ নাম আদিল হুছেইন । " ষ্টাৰ ট্ৰেক " ত কাম কৰিবলৈ সুযোগ পোৱা আদিল হুছেইন হৈছে দ্বিতীয়গৰাকী ভাৰতীয় অভিনেতা আৰু প্ৰথমগৰাকী অসমীয়া । ইয়াৰ পূৰ্বে " ষ্টাৰ ট্ৰেক " ত অভিনয় কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল পাৰ্চিছ খাম্বাটা ।

অভিনেতা আদিল হুছেইনৰ সৈতে ই টিভি ভাৰতৰ EXCLUSIVE সাক্ষাৎকাৰ

সম্প্ৰতি আদিল হুছেইন ব্যস্ত হলিউডত । সমান্তৰাল ভাৱে কাম কৰি গৈছে বলিউডৰ ছবিৰ লগতে অন্যান্য ভাৰতীয় ভাষাৰ ছবিতো । আদিল অভিনীত দুখনকৈ ছবি " ৰাহগীৰ " আৰু " নিৰ্বাণা ইন " ইতিমধ্যে বুছান চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে। আমেৰিকান প্ৰডাক্সনৰ আন এখন ছবি " ইল্লিগেল " শীঘ্ৰে আহি আছে ভাৰতৰ ছবিগৃহলৈ , য'ত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে আদিল হুছেইনে । সবাতোকৈ ডাঙৰ তথা ভাল খবৰটো হ'ল- আদিল হুছেইনে খুব সোনকালেই পৰিচালনা কৰিব এখন অসমীয়া ছবি । সম্প্ৰতি ছবিখনৰ স্ক্ৰীপ্টৰ কাম চলি আছে। এই সকলো কথা শুনক আদিল হুছেইনৰ নিজৰ মুখেৰে । বৰ্তমান হলিউডত ব্যস্ত থকা আদিল হুছেইনৰ সৈতে ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ এক EXCLUSIVE টেলিফ'নিক সাক্ষাৎকাৰ ।

Intro:গুৱাহাটী, ১৪ অক্টোবৰঃ '৮০ ৰ দশকত গোৱালপাৰাৰ পৰা আহি গুৱাহাটীত নাটক কৰিবলৈ লোৱা যুৱকজনৰ পৰিচয় এতিয়া বিশ্ববিয়াপি। গুৱাহাটীৰ পৰা গৈ প্ৰথমে বলিউড আৰু তাৰ পিছত এতিয়া এইগৰাকী সুযোগ্য অসম সন্তানে খোজ পেলাবলৈ সক্ষম হৈছে হলিউডত। হলিউডৰ বিশ্ববিখ্যাত " ষ্টাৰ ট্ৰেক - ছিজন থ্ৰি " ত অভিনয় কৰিবলৈ সুযোগ পোৱা এইগৰাকী বিখ্যাত অভিনেতাৰ নাম আদিল হুছেইন। " ষ্টাৰ ট্ৰেক " ত কাম কৰিবলৈ সুযোগ পোৱা আদিল হুছেইন হৈছে দ্বিতীয়গৰাকী ভাৰতীয় অভিনেতা আৰু প্ৰথমগৰাকী অসমীয়া।Body:ইয়াৰ পূৰ্বে " ষ্টাৰ ট্ৰেক " ত অভিনয় কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল পাৰ্চিছ খাম্বাটা। সম্প্ৰতি আদিল হুছেইন ব্যস্ত হলিউডত। সমান্তৰাল ভাবে কাম কৰি গৈছে বলিউডৰ ছবিৰ লগতে অন্যান্য ভাৰতীয় ভাষাৰ ছবিতো। আদিল অভিনীত দুখনকৈ ছবি " ৰাহগীৰ " আৰু " নিৰ্বাণা ইন " ইতিমধ্যে বুছান চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে। আমেৰিকান প্ৰডাক্সনৰ আন এখন ছবি " ইল্লিগেল " শীঘ্ৰে আহি আছে ভাৰতৰ ছবিগৃহলৈ , য'ত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে আদিল হুছেইনে।Conclusion:সৱাটোকৈ ডাঙৰ খবৰটো হ'ল- আদিল হুছেইনে খুব সোনকালেই পৰিচালনা কৰিব এখন অসমীয়া ছবি। সম্প্ৰতি ছবিখনৰ স্ক্ৰীপ্টৰ কাম চলি আছে। এই সকলো কথা শুনক আদিল হুছেইনৰ নিজৰ মুখেৰে। বৰ্তমান হলিউডত ব্যস্ত থকা আদিল হুছেইনৰ সৈতে ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ এক EXCLUSIVE টেলিফোনিক সাক্ষাৎকাৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.