ETV Bharat / state

প্ৰাক্তন ক্ৰিকেটাৰ প্ৰবোধ চৌধুৰীৰ মৃত্যুত অসম ক্ৰিকেট সন্থাৰ শোক প্ৰকাশ - অসম ক্ৰিকেট সন্থা

প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ শেষ কৃত্যৰ সময়ছোৱাত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ৷ ক্ৰিকেটাৰগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ ক্ৰীড়া জগততে শোকৰ ছাঁ পৰিছে ৷

ex cricketer prabudh choudhariy death
প্ৰাক্তন ক্ৰিকেটাৰ প্ৰবোধ চৌধুৰীৰ মৃত্যুত অসম ক্ৰিকেট সন্থাৰ শোক প্ৰকাশ
author img

By

Published : Sep 10, 2020, 10:18 PM IST

গুৱাহাটী,10 ছেপ্তেম্বৰঃ প্ৰাক্তন ক্ৰিকেটাৰ প্ৰবোধ চৌধুৰীৰ দেহাৱসান। বুধবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰা ক্ৰিকেটাৰ তথা বৰ্তমানৰ ৰে'লৱে কৰ্মচাৰী গৰাকীৰ বৃহস্পতিবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। গুৱাহাটীৰ নৱগ্ৰহ খ্ৰীষ্টিয়ান গ্ৰাভিয়াৰ্ডত শেষ কৃত্য সম্পন্ন কৰা হয়। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ শেষ কৃত্যৰ সময়ছোৱাত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই।

ex cricketer prabudh choudhariy death
প্ৰাক্তন ক্ৰিকেটাৰ প্ৰবোধ চৌধুৰীৰ মৃত্যুত অসম ক্ৰিকেট সন্থাৰ শোক প্ৰকাশ

প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮২ বছৰ। আনহাতে তেখেতে ১৯৬৩ ত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেত চাকৰি জীৱনৰ আৰম্ভণি কৰে। জন্মসূত্ৰে যদিও যোৰহাটৰ,তথাপি তেখেতে কৰ্মৰ তাগিদাত গুৱাহাটীৰ মালিগাঁৱতে স্থায়ী থাকিবলৈ লয়। উল্লেখযোগ্য যে,প্ৰাক্তন ৰঞ্জী খেলুৱৈ প্ৰবোধ চৌধুৰী ওৰফে পোৱালি দাই ৰঞ্জী ট্ৰফীত ২৮ টাকৈ উইকেট দখল কৰি সেইসময়তে এক অভিলেখ গঢ়িছিল। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ ক্ৰীড়া জগততে শোকৰ ছাঁ পৰিছে।

লগতে পঢ়কঃ বৰপেটাত কৃতি শিক্ষাৰ্থী আৰু শিক্ষকলৈ সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.