ETV Bharat / state

বৃহস্পতিবাৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস - Amarjyoti Choudhury

তিনি কুৰি 9 বছৰত ভৰি দিব জ্ঞানৰ আলোক মন্দিৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ে(Established day of Pragjyotish College) ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনত আয়োজন কৰা হৈছে দিনজোৰা কাৰ্যসূচীৰ ৷

Established day of Pragjyotish College
কাইলৈ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস
author img

By

Published : Aug 31, 2022, 9:31 PM IST

গুৱাহাটী, ৩১ আগষ্ট: কেইটামান ঘণ্টাৰ পাছতে তিনি কুৰি 9 বছৰত ভৰি দিব জ্ঞানৰ আলোক মন্দিৰ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ে (Established day of Pragjyotish College)৷ ব্ৰহ্মপুত্ৰ আৰু ভৰলুৰ সংগমস্থলীত কেইগৰাকীমান জ্ঞান তপস্বীৰ প্ৰচেষ্টাত গঢ়ি উঠা বিদ্যাৰ আলয়খনৰ শুভক্ষণক স্মৰণ কৰিবলৈ সাজু হৈছে কৰ্তৃপক্ষ ৷

১৯৫৪ চনৰ এক ছেপ্তেম্বৰত এন্ধাৰৰ ভেটা ভাঙি জ্ঞানৰ আলোক বন্তিৰে লুইতৰ পাৰ জিলিকোৱাৰ সংকল্পৰে স্থাপন কৰা হৈছিল প্ৰাগজ্যোতিষ মহাবিদ্যালয় (Pragjyotish College Guwahati)৷ তেতিয়াৰে পৰা শত সহস্ৰাধিক মানৱক সম্পদ হিচাপে গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা চলাই আহিছে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই ৷ কাইলৈ এই জ্ঞান মন্দিৰৰ প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ।

প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অসমৰ সামাজিক, সাংস্কৃতিক তথা চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰলৈ অৰিহণা যোগোৱা দুগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে কুলদা কুমাৰ ভট্টাচাৰ্যক(Kulada Kumar Bhattacharya) ‘পণ্ডিত তীর্থনাথ শৰ্মা উৎকৰ্ষ বঁটা’ আৰু চিকিৎসক ডাঃ অলকা গোস্বামীক(Dr Alaka Goswami) ‘নিৰ্মলা দেৱী উৎকৰ্ষ বঁটা’ প্ৰদান কৰা হ'ব । প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাবে শিক্ষাবিদ, অধ্যাপক অমৰজ্যোতি চৌধুৰী উপস্থিত থাকিব (Amarjyoti Choudhury)৷

আনহাতে বিশিষ্ট অতিথি হিচাবে অসমৰ সমাজ জীৱনৰ পৰিচিত ব্যক্তি তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ জয়ন্ত বৰুৱা আৰু মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত থাকিব ৷ উক্ত অনুষ্ঠানত মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা, সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীক অংশগ্ৰহণ কৰিবলৈ প্ৰাক্তন ছাত্ৰ সন্মিলনে অনুৰোধ জনাইছে ।

লগতে পঢ়ক: অসমৰ নতুন মুখ্য সচিব ৰূপে দায়িত্ব গ্ৰহণ পৱন কুমাৰ বৰঠাকুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.