ETV Bharat / state

মুক্তি পালে নিৰ্বাচনক লৈ এটা বিশেষ গীত

author img

By

Published : Sep 8, 2020, 11:25 AM IST

নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে এতিয়া বাঢ়িছে জনপ্ৰতিনিধিৰ ব্যস্ততা । কোনোৱে যদি আধাৰশিলা স্থাপন কৰিছে, কোনোৱে আকৌ দিছে বিভিন্ন প্ৰতিশ্ৰুতি । একাংশ নেতাৰ কৰ্ম-কাণ্ড উদঙাই কেইজনমান সংগীতৰ লগত জড়িত যুৱকে নিৰ্মাণ কৰিলে আকৌ নিৰ্বাচন আহি পালে শীৰ্ষক এটি ব্যতিক্ৰমী গীতৰ ভিডিঅ’।

election special song
election special song

গুৱাহাটী, 8 ছেপ্টেম্বৰ : ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামাহ মান বাকী । নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে এতিয়া বাঢ়িছে জনপ্ৰতিনিধিৰ ব্যস্ততা । কোনোৱে যদি আধাৰশিলা স্থাপন কৰিছে, কোনোৱে আকৌ দিছে বিভিন্ন প্ৰতিশ্ৰুতি । মুঠৰ ওপৰত পাঁচ বছৰে শুই বহি পাৰ কৰা একাংশ জনপ্ৰতিনিধিৰ এতিয়া আপোন আপোন লগা মাতষাৰৰ পৰা বাদ পৰি যোৱা নাই সমষ্টিৰ কোনো এজন লোক ৷ সকলোৰে লক্ষ্য নিজৰ গাদী ৰক্ষা কৰাতো ৷

আচলতে প্ৰতিটো নিৰ্বাচনৰ আগত এনেবোৰ দৃশ্য প্ৰায়েই সুলভ ৷ এইবাৰ একাংশ নেতাৰ কৰ্ম-কাণ্ড উদঙাই কেইজনমান সংগীতৰ লগত জড়িত যুৱকে নিৰ্মাণ কৰিলে আকৌ নিৰ্বাচন আহি পালে শীৰ্ষক এটি ব্যতিক্ৰমী গীতৰ ভিডিঅ’। গীতটোত কণ্ঠদান কৰিছে সমীৰ চিন্ময়ে। গীতৰ কথা সাংবাদিক সৌৰভ গাৰ্গৰ। গীতটোত সংগীত পৰিচালনা কৰিছে ৰাজা শৰ্মাই । গীতটোৰ সৈতে বিশেষ ভাবে জড়িত হৈ আছে অসমৰ বিশিষ্ট সংগীত পৰিচালক মানস ৰবীন ।

নিৰ্বাচনক লৈ এটা বিশেষ গীত

বৰ্তমান সময়ত ৰাজ্যত আঞ্চলিকতাবাদৰ প্ৰবল বতাহ বলা পৰিলক্ষিত হৈছে ৷ কিছুদিন পূৰ্বে ৰাজ্যসভালৈ মনোনীত হোৱা ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠন হৈছে সংযুক্ত গণ মৰ্চা নামেৰে এটি নতুন আঞ্চলিক দল ৷ একেদৰে সদৌ অসম ছাত্ৰ সন্থায়ো কুচকাৱাজ চলাইছে আঞ্চলিকতাবাদী ৰাজনৈতিক দল গঠনৰ ৷ সমান্তৰালকৈ ৰাজনীতিৰ পথাৰত নমাৰ যো-জা চলাইছে অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও ৷

কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত উঠা আঞ্চলিকতাবাদৰ ঢৌৱে কিছু পৰিমাণে আচৰিত কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক ৷ বিশেষকৈ পৃথকে পৃথকে গঠন হ’ব খোজা দল সমূহৰ বাবে ’21ত বিজেপি লাভান্বিত হ’ব বুলিও বহুতে ইতিমধ্যে ব্যক্ত কৰিছে ৷ তাৰমাজতে শেহতীয়াকৈ আছুৰ সৈতে একেটা ভেটিতে ঠিয় দিয়াৰ কথা ঘোষণা কৰিছে অখিল গগৈয়ে ৷ কৃষক নেতা গৰাকীয়ে মত প্ৰকাশ কৰিছে যে, পৃথকে পৃথকে যুঁজ দিয়াত কৈ একত্ৰিত আৰু সন্মিলিতভাৱে এক বৃহৎ আঞ্চলিক শক্তিৰ জন্ম দিলেহে পৰাভূত কৰিব পৰা যাব বিজেপিক ৷ অনাগত দিনত ৰাজ্যৰ নিৰ্বাচনমুখী ৰাজনীতিত আৰু কি কি নতুনত্ব আহে সেইয়া অৱশ্যেই লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : বুঢ়াচাপৰি অভয়াৰণ্যলৈ তীব্ৰ ভাবুকি নমাইছে লুইতৰ খহনীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.