ETV Bharat / state

Book distribution program: মেট্ৰিকৰ প্ৰশ্নকাকত ভাইৰেল হোৱা বাতৰিয়ে মোক হহুৱালে- শিক্ষামন্ত্ৰী

নতুন শিক্ষানীতিৰ আধাৰত ২০২৩-২৪ শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education minister Ranoj Pegu)

Education minister Ranoj Pegu book distribution program in Guwahati
মেট্ৰিকৰ প্ৰশ্নকাকত ভাইৰেল হোৱা বাতৰিয়ে মোক হহুৱালে
author img

By

Published : Mar 4, 2023, 3:46 PM IST

মেট্ৰিকৰ প্ৰশ্নকাকত ভাইৰেল হোৱা বাতৰিয়ে মোক হহুৱালে

গুৱাহাটী, ৪ মাৰ্চ: ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণৌজ পেগুৱে (Education minister Ranoj Pegu) ৷ শনিবাৰে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ নাৰেংগীৰ বোন্দাস্থিত কেন্দ্ৰীয় ভঁৰালত ৰাজ্যৰ অষ্টম, নৱম, দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২০২৩-২৪ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় (Book distribution program in Guwahati)৷

উল্লেখযোগ্য যে, এইবৰ্ষত মুঠ ১৯ টা ভাষা আৰু ৮ টা মাধ্যমৰ বাবে প্ৰকাশ কৰা ৩,৩৫,৪৩,০৬৩ খন পাঠ্যপুথি ৷ 'ক' শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ৬০,৪০,১১৫ গৰাকী শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰা হ'ব এই পুথিসমূহ । পাঠ্যপুথি বিতৰণৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰি শিক্ষামন্ত্ৰী পেগুৱে কয় যে, প্ৰাৰম্ভিক অৱস্থাত ৰাজ্যৰ ১৬ খন জিলাৰ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ কৰা হ’ব ।

নতুন শিক্ষা বৰ্ষ আৰম্ভ হোৱাৰ আগে আগে যাতে ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়া পাঠ্যপুথি লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰচেষ্টা অধিক তৰান্বিত কৰা হৈছে। বৰ্তমান শিক্ষা বিভাগে নিৰৱিচ্ছিন্ন প্ৰচেষ্টাৰে বিদ্যালয়সমূহত গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰি আহিছে ৷ বৰ্তমান সময়ত ৰাজ্যৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে।

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে শিক্ষা বিভাগে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰয়াস কৰিছে ৷ ইয়াৰ সুফল ৰাইজে অচিৰেই দেখিবলৈ পাব । এই সমগ্ৰ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে অসম পাঠ্যপুথি প্ৰণয়ন নিগমৰ লগতে সৰ্বশিক্ষা অসম, এচ চি ই আৰ টি, অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক সহযোগিতা জনোৱাৰ বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

ইফালে নতুন শিক্ষাবৰ্ষত কি মাধ্যম হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, মাধ্যম সলনি নহয় । মাতৃভাষাতেই শিক্ষকে পাঠদান কৰিব ৷ কিন্তু গণিত বিষয়টো ইংৰাজী ভাষাত পঢ়িব পৰাকৈ আমি ব্যৱস্থা কৰিছো । তদুপৰি নতুন পাঠ্যক্ৰমৰ অধীনত সমাজ অধ্যয়নৰ কিতাপত ইতিহাস আৰু ভূগোল সন্নিৱিষ্ট কৰা হৈছে ।

আনহাতে শুকুৰবাৰে হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতৰ ফটো সামাজিক মাধ্যমত ভাইৰেল (Metric question viral) হোৱা বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এনেধৰণৰ বাতৰি যে মোক অলপ হঁহুৱালে। আচলতে ব্যস্ততাৰ বাবে হাঁহিবলে সময় পোৱা নাছিলো।

দুই ঘণ্টাৰ পিছতহে পৰীক্ষাগৃহৰ কৰা ইংৰাজী প্ৰশ্নকাকতৰ ফটো ভাইৰেল হৈছিল । সাধাৰণতে এক ঘণ্টাৰ পিছত ছাত্ৰ-ছাত্ৰী পৰীক্ষা হলৰ পৰা ওলাই যাব পাৰে । এইক্ষেত্ৰত কোনো ছাত্ৰ-ছাত্ৰী যে পৰীক্ষা হলৰ পৰা ওলাই আহি প্ৰশ্নকাকত ফাদিল কৰিলেও কোনো ক্ষতি নহয় । অৱশ্যে প্ৰশ্নকাকত ফাদিল কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

এই পাঠ্যপুথি বিতৰণ অনুষ্ঠানত পাঠ্যপুথি প্ৰণয়ন নিগমৰ অধ্যক্ষ দেৱানন্দ হাজৰিকা, উপাধ্যক্ষ তুলসী বৰঠাকুৰ, মিছন সঞ্চালক ড৹ ওম প্ৰকাশ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা আৰু পৰিচালন সঞ্চালক এছ এন চৌধুৰীৰ লগতে আন বিশিষ্ট লোকসকল উপস্থিত থাকে ।

লগতে পঢ়ক: Bathou prayer and Kherai in Kokrajhar : তিনিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত আৰম্ভ বাথৌ প্ৰাৰ্থনা আৰু খেৰাই মহোৎসৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.