ETV Bharat / state

ECI team in Guwahati : গুৱাহাটীত 11 টা ৰাজনৈতিক দলৰ সৈতে ECI ৰ বৈঠক

author img

By

Published : Mar 27, 2023, 10:25 PM IST

সোমবাৰে গুৱাহাটীৰ হোটেল ৰেডিছন-ব্লুত অসমৰ 11 টা ৰাজনৈতিক দলৰ সৈতে আলোচনাত মিলিত হয় ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা দল (ECI held a meeting with 11 political parties to discuss) ৷ অসমৰ 11 টা ৰাজনৈতিক দলৰ সৈতে ভাৰতীয় নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত এক আলোচনাত মিলিত হয় (Constituency delimitation of Assam) ৷

ECI team in Guwahati
অসমৰ ৰাজনৈতিক দলৰ সৈতে ECI ৰ বৈঠক
গুৱাহাটীত 11 টা ৰাজনৈতিক দলৰ সৈতে ECI ৰ বৈঠক

গুৱাহাটী, 27 মাৰ্চ : তিনিদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে গুৱাহাটীত উপস্থিত হ’ল ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা দল (ECI team in Guwahati)। উদ্দেশ্য সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত গণমত সংগ্ৰহ কৰা (ECI team visits Assam) ৷

নিৰ্বাচন আয়োগৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি সোমবাৰে অসমৰ 11 টা ৰাজনৈতিক দলৰ আহ্বান কৰি এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত শাসনাধীস্থ বিজেপি দলেও অংশগ্ৰহণ কৰে ৷ দেশৰ নিৰ্বাচন আয়োগক সাক্ষাৎ কৰাৰ অন্তত বিজ‌েপি দলৰ হৈ সংবাদ মাধ্যমৰ আগত মন্ত্ৰী অশোক সিংহলে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

মন্ত্ৰী অশোক সিংহলে কয়, ‘‘আমাৰ দলৰ বক্তব্য আয়োগৰ ওচৰত ৰাখিছো । আমি কৈছো যে সমষ্টি হ্ৰাস হ’ব নালাগে’’ । তেওঁ আৰু কয়, ‘‘উজনি অসমত বিশেষকৈ যোৰহাট, গোলাঘাট, শিৱসাগৰ, তিনিচুকীয়া আদি জিলাত জনসংখ্যা বৃদ্ধি হোৱা নাই । নামনি অসমত বিশেষকৈ ধুবুৰী, গোৱালপাৰা, বৰপেটা, নগাঁও আদি জিলা জনসংখ্যা বৃদ্ধি হৈছে ৷ কিয়নো জন নিয়ন্ত্ৰণ সঠিকভাৱে হোৱা নাই নামনি অসমত’’ ।

তেওঁ আৰু কয়, ‘‘জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি উজনি অসমৰ আসনৰ সংখ্যা কমিব নালাগে ৷ সেয়া আমি নিৰ্বাচন আয়োগৰ ওচৰত অনুৰোধ ৰাখিছো ৷ লগতে ধেমাজি জিলাত যদি এখন আসনৰ সংখ্যা বৃদ্ধি হয়, তেন্তে সুবিধাজনক হ’ব’’ ৷ইয়াৰ উপৰিও কোকৰাঝাৰ লোকসভাৰ অনুসূচীত জনজাতি (ভৈয়াম) সংৰক্ষিত আসনখন একে থাকিব লাগে বুলি নিৰ্বাচন আয়োগক অনুৰোধ জনাই মন্ত্ৰী অশোক সিংহলে ৷

লগতে পঢ়ক : ECI team visits Assam: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগক লৈ অসমত কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দল

কাৰণ তাত বিশেষকৈ বড়ো জনগোষ্ঠীৰ আৱেগ জড়িত হৈ আছে ৷ সেয়ে উক্ত আসনখন অনুসূচীত জনজাতিৰ বাবেই সংৰক্ষিত হৈ থাকিব লাগে বুলি নিৰ্বাচন আয়োগক অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো অসমৰ ভৱিষ্যতৰ লগত জড়িত (Constituency delimitation of Assam) ৷ সেয়ে কোনো দল-সংগঠনকে ইয়াৰ লগত খেলা নকৰিবলৈ আহ্বান জনায় মন্ত্ৰী সিংহলে ৷

আনহাতে, পূৰ্বতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছিল যে কংগ্ৰেছ দলে দেশৰ নিৰ্বাচন আয়োগে সোমবাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আহ্বান কৰা অসমৰ 11 টা ৰাজনৈতিক দলৰ সৈতে হোৱা বৈঠকত অংশগ্ৰহণ নকৰে । এই সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলে কয়, ‘‘কংগ্ৰেছ দলে বিৰোধিতা কৰি বিৰোধীৰ ধৰ্মহে পালন কৰিছে ৷ যিকোনো এটা ভাল কাম হ’লে কংগ্ৰেছে বিকৰোধিতা কৰেই ৷ সমষ্টি পুনৰনিৰ্ধাৰণ সন্দৰ্ভত হোৱা বৈঠকত কংগ্ৰেছ দল আহে নে নাহে সেয়া তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব’’ ৷

লগতে পঢ়ক : ECI team in Assam : গুৱাহাটীত উপস্থিত নিৰ্বাচন আয়োগৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.