গুৱাহাটী, ১২ জুন: ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ(drugs) বিৰোধী অভিযানত পুনৰ সফলতা অসম আৰক্ষীৰ । এইবাৰ গুৱাহাটীৰ সমীপৱৰ্তী চাংসাৰিত আটক এখন গেছ টেংকাৰ(gas tanker)সহ দুই ড্ৰাগছ সৰবৰাহকাৰী । টেংকাৰখনৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ কৰা দুজন মণিপুৰী যুৱকক আটক কৰাৰ লগতে যুৱক দুজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ২৫০ গ্ৰাম সন্দেহজনক হেৰ'ইন । ড্ৰাগছ সৰবৰাহকাৰী(drugs peddler) কেইজন ক্ৰমে মণিপুৰৰ ইমানুৱেল খ্ৰাছী আৰু খোংথকজাম অজয় মেটেই ।
এখন গেছ টেংকাৰৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য লাভ কৰি সেই খবৰৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ যুটীয়া আৰক্ষী আয়ুক্তৰ নেতৃত্বত কামৰূপ আৰক্ষীয়ে অভিযান চলাইছিল ।
অৱশেষত শুকুৰবাৰে নিশা গেছ টেংকাৰখনৰ অৱস্থিতিৰ তথ্য লাভ কৰে আৰক্ষীয়ে । উত্তৰ গুৱাহাটীৰ বটলিং প্লাণ্টৰ পাৰ্কিং জ'নত আছিল গেছ টেংকাৰখন । টেংকাৰখনৰ নম্বৰ MN-০১-AA-১২৫২ । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স এক্টৰ (NDPS) কেইবাটাও ধাৰাত চাংসাৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে ।