ETV Bharat / state

পত্নীক দাৰে ঘপিয়াই নিৰ্যাতন চলোৱা ডাক্টৰ ছাৰে নিয়মিত লৈছিল ড্ৰাগছ - গ্ৰাহস্থ্য হিংসা

চিকিৎসকৰ অমানৱীয় কাণ্ড ; দাৰে ঘপিয়াই ক্ষত বিক্ষত কৰিছিল পত্নীক । সম্প্ৰতি সংবাদ মাধ্যমৰ আগত মুখ খুলিছে পত্নী গৰাকীয়ে ৷

drugs-has-been-the-catalyst-behind-domestic-violence-in-a-physicists-home
পত্নীক দাৰে ঘপিয়াই নিৰ্যাতন চলোৱা ডাক্টৰ ছাৰে নিয়মিত লৈছিল ড্ৰাগছ
author img

By

Published : Sep 16, 2021, 4:07 PM IST

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : শেহতীয়াকৈ গ্ৰাহস্থ্য হিংসাৰ গোচৰত সাঙোৰ খাইছিল নগাঁৱৰ ৰহাৰ এগৰাকী চিকিৎসক ৷ জানিব পৰা গৈছে যে, পত্নী নিৰ্যাতনকাৰী ৰহাৰ ৰণথলী চিকিৎসালয়ৰ চিকিৎসক জনৈক নাথ আছিল ড্ৰাগছ আসক্ত । তেওঁ প্ৰতিদিনে নিয়মিত ভাৱে লৈছিল দুটাকৈ ড্ৰাগছৰ ইঞ্জেকচন । তাৰোপৰি ঘৰত কোনো নথকাৰ সময়ত এটা আছুতীয়া কোঠাত ড্ৰাগছ লৈছিল মানৱ সেৱাৰ নামত নিয়োজিত চিকিৎসক জনে ।

বিয়াৰ কেইবছৰমান মান পিছতে স্বামী এজন ড্ৰাগছ আসক্ত বুলি জানিব পাৰি এনে কাৰ্যৰ পৰা তেওঁক আঁতৰি থাকিবলৈ তেওঁৰ পত্নীয়ে বাধা প্ৰদান কৰি শুদ্ধ পথত আহিবলৈ অনুৰোধ কৰিছিল ৷ পিছে চিকিৎসক গৰাকীয়ে প্ৰতিবাৰেই পত্নীৰ সেই অভিযোগ অস্বীকাৰ কৰি আহিছিল । ইয়াকে লৈ দুয়োৰে মাজত সংঘাতৰ সূত্ৰপাত হয় ।

পত্নীক দাৰে ঘপিয়াই নিৰ্যাতন চলোৱা ডাক্টৰ ছাৰে নিয়মিত লৈছিল ড্ৰাগছ

ভুক্তভোগী মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি, নগাঁও জিলাৰ ৰহাৰ ৰণথলীৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ স্ত্ৰীৰোগ বিশেষজ্ঞ গৰাকীৰ সৈতে সামাজিক প্ৰথাৰে বিবাহপাশত আবদ্ধ হৈছিল তেওঁ ।

বিয়াৰ পিছত দুয়ো চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ আবাসত থাকিব লৈছিল । কিন্তু চলিত বৰ্ষৰ জুন মাহত তেওঁ স্বামীৰ দুগৰাকী পত্নী আৰু সন্তান থকাৰ বিষয়ে জানিব পাৰি এই সকলো কথা পৰিয়ালক অৱগত কৰিব বুলি স্বামীক জনায় পত্নী গৰাকীয়ে ।ইয়াকে লৈ দুয়োৰে মাজত সংঘাত বৃদ্ধি পায় ।

এই সংঘাতে এনে পৰ্যায় পাই যে, যোৱা ১১ জুনত উদণ্ড চিকিৎসক গৰাকীয়ে পত্নীৰ শৰীৰত দাৰে ঘপিয়াই আক্ৰমণ কৰে । ইয়াতে শান্ত নাথাকি দানৱৰূপী চিকিৎসক গৰাকীয়ে প্ৰায় তিনি মাহ ধৰি চেতনা নাশক বেজী দি ঘৰতে আৱদ্ধ কৰি ৰাখে পত্নীক । এনেদৰে তিনিমাহ ধৰি চিকিৎসক স্বামীয়ে দিনটোৰ বাবে টোপনিৰ বেজী দি তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া পত্নীয়ে যোৱা ৭ ছেপ্টেম্বৰৰ নিশা সংজ্ঞা ঘূৰাই অহাত মাতৃলৈ মোবাইল যোগে মেচেজ কৰি তেওঁক উদ্ধাৰ কৰিবলৈ কয় ।

পিছদিনা অৰ্থাৎ ৮ ছেপ্টেম্বৰত মহিলা গৰাকীৰ মাতৃয়ে নগাঁৱৰ ৰহাৰ ঘৰলৈ গৈ কন্যাক উদ্ধাৰ কৰি গুৱাহাটীৰ নিজ ঘৰলৈ লৈ আনে । ঘৰলৈ অহাৰ পিছত চিকিৎসক গৰাকীয়ে ফোনযোগে আৰক্ষীৰ কাষ চাপিলে কথা বিষম হব বুলিও ভাবুকি দিয়ে । আনকি নগাঁও আৰক্ষী তেওঁৰ হাতৰ মুঠিত আছে বুলি কৈ পত্নীক ওলোটাই ধমক দিয়া বুলি ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰে ৷

ইয়াৰ মাজতে যোৱা ৯ ছেপ্টেম্বৰত ভুক্তভোগী পৰিয়ালে নুনমাটি থানাত চিকিৎসক গৰাকীৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰে । ভুক্তভোগী মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে থানাত এজাহাৰ দাখিল কৰাৰ পিছত পূৰ্বৰ সূৰ সলনি কৰিবলৈ বাধ্য হৈছে চিকিৎসক জন । আনকি পত্নীক ফোনত মেছেজ দি হৈ যোৱা সকলো কথা পাহৰি ঘৰলৈ আহিবলৈ অনুৰোধ কৰাৰ লগতে বেংকক যাবলৈ ভিছা বনোৱাৰ কথা কৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰে ।

ইফালে নুনমাটি থানাত চিকিৎসক গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ ৬ দিন অতিক্ৰম কৰাৰ পিছতো ৰহা ৰণথলীৰ অভিযুক্ত চিকিৎসক গৰাকীৰ বিৰুদ্ধে নুনমাটি আৰক্ষী কিম্বা নগাঁও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে । আৰক্ষীৰ ব্যৰ্থতাৰ বাবে সম্প্ৰতি অভিযুক্ত চিকিৎসক জন পলাই থাকিবলৈ সক্ষম হোৱা বুলি অভিযোগ তুলি উচিত ন্যায়ৰ দাবী তুলি ৰাজ্যৰ মুখমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ।

লগতে পঢ়ক : অৱশেষত আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ SBI কাণ্ডৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.