ETV Bharat / state

Dr Hiren Gohain stands by his stand against CAA: CAA ৰ বিৰুদ্ধে নিজৰ স্থিতিত অটল ড৹ হীৰেন গোহাঁই

author img

By

Published : Dec 28, 2022, 9:07 PM IST

CAA বিৰোধী স্থিতিত অটল ড৹ হীৰেন গোহাঁই(Dr Hiren Gohain Comments on CAA) । কা আইন বলৱৎ কৰি এন আৰ চিক নস্যাৎ কৰিলে খিলঞ্জীয়া আৰু অখিলঞ্জীয়া অসমবাসীৰ মাজত অশান্তিৰ সৃষ্টি হ'ব বুলি মন্তব্য ড৹ হীৰেন গোহাঁইৰ ।

Dr Hiren Gohain stands by his stand against CAA
CAA বিৰোধী স্থিতিত অটল ড৹ হীৰেন গোহাঁই

CAA বিৰোধী স্থিতিত অটল ড৹ হীৰেন গোহাঁই

গুৱাহাটী,২৮ ডিচেম্বৰ: অসমৰ ভবিষ্যৎ নিৰ্দ্ধাৰণত NRC ৰ ভূমিকা নজিৰবিহীন । কা আইন বলৱৎ কৰি যদি এন আৰ চিক নস্যাৎ কৰা হয় তেনেহলে খিলঞ্জীয়া আৰু অখিলঞ্জীয়া অসমবাসী ৰাইজৰ মাজত অশান্তিৰ সৃষ্টি হ'ব । কাৰণ এন আৰ চি প্ৰস্তুত কৰাক লৈ খিলঞ্জীয়া আৰু অখিলঞ্জীয়া আৰু বহিৰাগত সকলো পক্ষৰ মাজত ঐক্য গঢ়ি উঠিছিল (Dr Hiren Gohain stands by his stand against CAA)।

কা আইন বলৱৎ কৰি এন আৰ চিক নস্যাৎ কৰিলে এই ঐক্য বিঘ্নিত হ'ব । বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁইয়ে এই মন্তব্য কৰে(Dr Hiren Gohain Comments on CAA) । সংবাদমেলত তেওঁ কয় যে NRC ক অৰ্থহীন কৰি CAA বলৱৎ কৰিলে উগ্ৰবাদী অংশবোৰে প্ৰৰোচনামূলক কাৰ্যকলাপত লিপ্ত হ'ব । অসমৰ শান্তি পুনৰ বিঘ্নিত হ'ব । NRC ৰ চূড়ান্ত ৰূপ দিয়াটো হিন্দুত্ববাদী সকলৰ পচন্দ হোৱা নাই ।

যাৰ বাবে এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ(Former NRC state coordinator Prateek Hajela) বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি বিজেপি চৰকাৰে ঐতিহাসিক দলিলক মুল‍্যহীন কৰাৰ চেষ্টা কৰি আছে । CAG এ দাঙি ধৰা প্ৰতীক হাজেলাৰ বিত্তীয় দুৰ্নীতিবোৰ তদন্তৰ দাবী কৰে হীৰেন গোহাঁইয়ে । তেওঁ কয় যে NRC প্ৰণয়ন প্ৰক্ৰিয়াত চৰকাৰে ধন খৰচ কৰাৰ পিছত এতিয়া NRC ক আবৰ্জনাত পেলালে নহ'ব ।

NRC আৰু CAA ৰ অনিশ্চয়তা সৃষ্টি কৰি ভোটাৰৰ মুনাফা আদায় কৰাৰ চক্ৰান্ত বিজেপিৰ । CAA ৰ বিৰুদ্ধে অসমত হোৱা বৃহৎ গণ আন্দোলনৰ জুই মানুহৰ মাজত এতিয়াও উমি উমি জ্বলি আছে । উচ্চতম ন্যায়ালয়ত ধমক খোৱাৰ পিছতো CAA আইন সম্পৰ্কত নিজৰ স্থিতি দাঙি ধৰিবলৈ সাহস হোৱা নাই চৰকাৰৰ । বিৰোধী ৰাজনৈতিক দলসমূহক এই সন্দৰ্ভত পৃথকে পৃথকে নিজৰ স্থিতি স্পষ্ট আৰু সবল কৰাৰ বাবে হীৰেন গোহাঁইয়ে আহ্বান জনায় ।

উচ্ছেক লৈও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ড৹ গোহাঁয়ে । তেওঁ কয় যে এই উচ্ছেদ অমানবীয় । চৰকাৰে ঠাণ্ডাৰ দিনত এনে কাম কৰিব নালাগিছিল । ইপিনে বিজেপি চৰকাৰৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰনৰ প্ৰক্ৰিয়াটোক লৈ সন্দেহ প্ৰকাশ কৰি ড৹ হীৰেন গোহাঁইয়ে কয় যে বিজেপিয়ে নিজৰ এজেণ্ডা মতে কাম কৰিছে ।

লগতে পঢ়ক: Indian-Kazakhstan Army completed training: উমৰয়ত ভাৰতীয়-কাজাখস্তানী সেনাৰ যৌথ প্ৰশিক্ষণ সমাপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.