গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: আগন্তুক দুবছৰৰ ভিতৰত ডিজিটেল ৰূপ পাব অসম বিধানসভাই । ইতিমধ্যে নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠা অসম বিধানসভাৰ নতুন ভৱন হ'ব সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰ । উল্লেখযোগ্য যে দেশৰ সকলো বিধানসভা ডিজিটেল কৰাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত অসম বিধানসভাকো ডিজিটেল কৰি তুলিব খোজা হৈছে । ইয়াৰ বাবে ব্যয় হ'ব প্ৰায় ৭৫০ কোটি টকা ।
মন কৰিবলগীয়া যে দেশৰ সকলো বিধানসভা ডিজিটেলাইজড্ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত ইয়াক কাৰ্যকৰীকৰণ সংসদীয় পৰিক্ৰমা বিভাগে কৰিব নে লোকসভা সচিবালয়ে কৰিব তাকে লৈ এক বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছত বিষয়টো চালি-জাৰি চাবলৈ লোকসভাৰ অধ্যক্ষই অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক অধ্যক্ষ আৰু আন ছখন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষক সদস্য হিচাপে লৈ এখন সমিতি গঠন কৰি দিছিল । সেই সমিতিৰ প্ৰতিবেদন বৃহস্পতিবাৰে লোকসভাৰ অধ্যক্ষক দাখিল কৰাৰ পিছত শুকুৰবাৰে বিয়লি দিল্লীৰ পৰা যোৰহাটলৈ উভতি আহে বিধানসভাৰ অধ্যক্ষ গোস্বামী ।
যোৰহাটৰ পৰা ফোনযোগে অধ্যক্ষ গোস্বামীয়ে ইটিভি ভাৰতক কয় যে ইতিমধ্যে এই সমিতিখনে তিনিবাৰকৈ বৈঠকত মিলিত হৈছে । প্ৰথমখন বৈঠক দিল্লীত, দ্বিতীয়খন লক্ষ্ণৌত আৰু তৃতীয়খন দিল্লীত অনুষ্ঠিত হৈছে । বৃহস্পতিবাৰৰ বৈঠকৰ পিছতে লোকসভাৰ অধ্যক্ষৰ হাতত সমিতিখনৰ প্ৰতিবেদন দাখিল কৰিছে । সংসদীয় পৰিক্ৰমা বিভাগৰ পৰিবৰ্তে লোকসভা সচিবালয়ে এই কাম কৰিব লাগে বুলি প্ৰতিবেদনত কোৱা হৈছে । যিবিলাক বিধানসভাৰ সদস্যৰ সংখ্যা এশগৰাকীৰ ভিতৰত তেনে বিধানসভালৈ দহ কোটি টকাকৈ, যিবিলাক বিধানসভাৰ সদস্যৰ সংখ্যা দুশ গৰাকীৰ ভিতৰত তেনে বিধানসভালৈ পোন্ধৰ কোটিকৈ আৰু দুশৰ অধিক সদস্য থকা বিধানসভা সমূহলৈ বিশ কোটিকৈ টকা ডিজিটেলাইজেছনৰ বাবে আগবঢ়োৱা হ'ব ।
লগতে পঢ়ক:বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ