ETV Bharat / state

কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল ৰাজ্যিক Cabinet ত ?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (DR. HIMANTA BISWA SARMA)ৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হ'ল অষ্টমখন কেবিনেট(CABINET) । বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰি কৰে মন্ত্রী পীযুষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু বিমল বৰাই ।

Dicision of eight cabinet meeting of Assam Government
ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
author img

By

Published : Jul 7, 2021, 4:05 PM IST

গুৱাহাটী, ৭ জুলাই : বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অষ্টমখন কেবিনেট বৈঠক(CABINET MEETING) বুধবাৰে অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(DR. HIMANTA BISWA SARMA)ৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰি কৰে মন্ত্রী পীযুষ হাজৰিকা(PIYUSH HAZARIKA), ডাঃ ৰণোজ পেগু(DR. RANOJ PEGU) আৰু বিমল বৰা(BIMAL BORA)ই । মন্ত্ৰীকেইগৰাকীৰ লগত উপস্থিত থাকে মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা(JAYANTA MALLA BARUAH) ।

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ :

  1. এতিয়াৰে পৰা চৰকাৰী সকলো কাৰ্যসূচী, সভা-সমিতি তথা অনুষ্ঠানৰ আৰম্ভণিতে জাতীয় সংগীত পৰিবেশন কৰা হ'ব আৰু সামৰণিত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হ'ব ।
  2. এতিয়াৰে পৰা চৰকাৰী অনুষ্ঠানত ব্যৱহাৰ কৰা গামোচা শিপিনীয়ে হাতে বোৱা গামোচা ব্যৱহাৰ কৰা হ'ব ।
  3. সকলো চৰকাৰী অনুষ্ঠানতে থলুৱা খাদ্যৰে আপ্যায়ন কৰা হ'ব ।
  4. কেবিনেটৰ সিদ্ধান্ত অনুসৰি দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিনটো অৰ্থাৎ ২৮ জুলাইৰ দিনটো 'দেশভক্তি দিৱস' হিচাপে ৰাজ্যজুৰি পালন কৰা হ'ব ।
  5. লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিন অৰ্থাৎ ৫ আগষ্টৰ দিনটো 'কৰ্মচাৰী দিৱস' হিচাপে পালন কৰা হ'ব । 'কৰ্মচাৰী দিৱস'ত প্রতিখন জিলাৰ ৫ গৰাকীকৈ শ্ৰেষ্ঠ কৰ্মচাৰীক সন্মানিত কৰা হ'ব । ৰাজ্যিক ভিত্তিত ১০ গৰাকী কৰ্মচাৰীক সন্মানিত কৰা হ'ব । ইয়াত শিক্ষকসকলক সামৰি লোৱা নহ'ব ।
  6. সম্পূৰ্ণ কনটেইনমেণ্ট জ'ন হৈ থকা সাতখন জিলাত সংশ্লিষ্ট জিলাৰ অভিভাৱক মন্ত্রীসকলৰ লগতে সচিবসকলে তিনিদিন থাকি পৰিস্থিতিৰ বুজ ল'ব লাগিব ।
  7. স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত ক'ভিডৰ বাবে ব্যস্ত থকাত তেওঁৰ ঠাইত দায়িত্ব দিয়া হৈছে মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীক ।
  8. বিত্তমন্ত্রী অজন্তা নেওগ বাজেট অধিৱেশনৰ বাবে ব্যস্ত থকাত তেওঁৰ ঠাইত দায়িত্ব দিয়া হৈছে মন্ত্ৰী বিমল বৰাক ।
  9. কেবিনেটে 'টেট' উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ প্রমাণপত্রৰ ম্যাদ ৭ বছৰৰ পৰিৱৰ্তে জীৱনজোৰা কৰিছে । অৱশ্যে টেট উত্তীৰ্ণৰ প্রমাণপত্রৰ ম্যাদ জীৱনজোৰা থাকিলেও চাকৰিৰ ক্ষেত্রত বয়সৰ সীমা প্রযোজ্য থাকিব ।
  10. কেবিনেটৰ সিদ্ধান্ত অনুসৰি জুলাই মাহৰ আগলৈকে অনাদায় হৈ থকা বিদ্যুতৰ বিল আদায় দি চৰকাৰী কৰ্মচাৰীসকলে নিজৰ বিভাগত এন অ' চি (NOC) জমা দিব লাগিব । অন্যথা দৰমহা লাভ নকৰিব ।
  11. অনাদায় বিল দিয়াৰ পাছত সাধাৰণ গ্ৰাহকৰ দৰে চৰকাৰী কৰ্মচাৰীসকলে বিল নিয়মীয়াকৈ দি থাকিলে আগষ্টৰ পৰা এন অ' চি দিয়াৰ প্ৰয়োজন নাই ।

    লগতে পঢ়ক:উচ্চতম ন্যায়ালয় পালেগৈ অসমৰ জনসংখ্যা নীতিৰ প্ৰসংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.