ETV Bharat / state

নাগৰিকপঞ্জীৰ সমৰ্থনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

author img

By

Published : Sep 7, 2019, 7:59 PM IST

এন আৰ চিৰ চূড়ান্ত তালিকা সম্পৰ্কত নিজৰ অভিমত ব্যক্ত কৰিছে কংগ্ৰেছৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ লগতে নাম অন্তৰ্ভুক্ত নোহোৱা খিলঞ্জীয়া সকলক আইনী ভাবে সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস বিধায়কগৰাকীৰ ৷

নাগৰিকপঞ্জীৰ সমৰ্থনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

দিছপুৰ, 7 ছেপ্তেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছত ৰাজ্যজুৰি শাসক-বিৰোধী উভয়ে এন আৰ চিৰ সম্পৰ্কত অসন্তুষ্টি ব্যক্ত কৰি থকাৰ সময়তেই চূড়ান্ত তালিকাৰ সমৰ্থনত মত ব্যক্ত কৰিছে কংগ্ৰেছী বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ নেতাগৰাকীয়ে কয় যে ইতিমধ্যে এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে উন্নীত হোৱা নাগৰিকপঞ্জীৰ বিৰোধিতা কৰাটো অপ্ৰাসংগিক আৰু ই অসমৰ স্বাৰ্থৰ পৰিপন্থী এক কাৰ্য ৷ শইকীয়াই লগতে এন আৰ চি প্ৰক্ৰিয়াত দোষ ক্ৰুটি বিচাৰি অযথা বিতৰ্কৰ সৃষ্টি কৰাতকৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়াই এখন সুস্থ তালিকা তৈয়াৰ কৰাৰ পোষকতা কৰে ৷ আনহাতে নাম অন্তৰ্ভুক্ত নোহোৱা খিলঞ্জীয়া সকলক আইনীভাৱে সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এন আৰ চিক ভিত্তিহীন বুলি মন্তব্য কৰাৰ সময়তে দেৱব্ৰত শইকীয়াৰ এন আৰ চিৰ সমৰ্থনত প্ৰদান কৰা মন্তব্যই নিশ্চিতভাৱে এন আৰ চি সন্দৰ্ভত কংগ্ৰেছৰ দলীয় স্থিতিৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

Intro:NRC চূড়ান্ত তালিকাক সমৰ্থন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । NRC পুনৰৰীক্ষণ প্ৰক্ৰিয়াৰ দাবী বিৰোধিতা কৰি দেৱব্ৰত শইকীয়াই কয় যে এই প্ৰক্ৰিয়াত বিশেষ ধৰণৰ দোষ ক্ৰুটি বিচাৰি অযথা বিতৰ্কৰ সৃষ্টি কৰাতকৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়াই প্ৰকৃত তালিকাত অন্তৰ্ভুক্ত প্ৰকৃত বিদেশী ক চিনাক্ত কৰি এখন সুস্থ NRC তৈয়াৰ কৰাত গুৰুত্ব প্ৰদান কৰাৰ কথা কলে বিধায়ক গৰাকীয়ে

Body:ইয়াৰ উপৰিও 2019 চনৰ লোকপিয়ল অসমত হব লাগে বুলিও মন্তব্য কৰে বিৰোধী দলপতি গৰাকীয়ে। লগতে নাম অন্তৰ্ভুক্ত নোহোৱা খিলঞ্জীয়া সকলক আইনী ভাবে সকলো সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান শইকীয়া দেৱৰ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.