ETV Bharat / state

হিমন্তক উভতি ধৰিলে দেৱব্ৰত শইকীয়াই - দেৱব্ৰত শইকীয়াৰ ভাষ্য

ভাৰতৰ ক’তোৱেই কোনো চৰকাৰে বিনামূলীয়াকৈ কৰ’ণাৰ চিকিৎসাৰ ব্যৱস্থা কৰোৱা নাই বুলি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা দাবী খণ্ডণ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ ৷ আনহাতে লক ডাউন প্ৰসংগতো চৰকাৰক পৰামৰ্শ দিলে বিৰোধী দলপতি গৰাকীয়ে ৷

হিমন্তক উভতি ধৰিলে দেৱব্ৰত শইকীয়াই
হিমন্তক উভতি ধৰিলে দেৱব্ৰত শইকীয়াই
author img

By

Published : Jul 18, 2020, 3:24 AM IST

গুৱাহাটী, ১৭ জুলাইঃ কৰ’ণাক লৈ এইবাৰ মুখযুদ্ধ আৰম্ভ হৈছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মাজত ৷ বৃহস্পতিবাৰে এখন সংবাদমেলত ডঃ শৰ্মাই মন্তব্য কৰিছিল যে অসম চৰকাৰে সম্পূৰ্ণ নিজা পুঁজিৰে ক'ৰনাৰ বিৰুদ্ধে এই যুঁজ চলাই আহিছে ৷ কেন্দ্ৰৰ পৰা কৰ’ণাৰে মোকাবিলা কৰিবলৈ কোনো ধন লাভ কৰা নাই ৷ তদুপৰি অসমত স্বাৱ পৰীক্ষা কৰাৰে পৰা আৰম্ভ কৰি চিকিৎসা সেৱা লাভ কৰা, ঔষধ যোগান ধৰা, ক'ভিড কেয়াৰ চেন্টাৰত চিকিৎসা লোৱা, খোৱালোৱা যোগান ধৰা ইত্যাদি অসম চৰকাৰে বিনামূলীয়াকৈ ব্যৱস্থা কৰিছে ৷ ভাৰতৰ কোনো ৰাজ্যতে এই ব্যৱস্থা নাই ৷ সকলো ৰাজ্যতে ৰোগীয়ে নিজে ব্যয় কৰিহে চিকিৎসা কৰাব লাগে ৷

হিমন্তক উভতি ধৰিলে দেৱব্ৰত শইকীয়াই

শুকুৰবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তথ্যসহ উভতি ধৰিছে স্বাস্থ্য মন্ত্ৰীগৰাকীক ৷ শইকীয়াই কয় - কৰ’ণাই ভাৰতত ভয়ংকৰ ৰূপ লোৱাৰ ঠিক আগে আগে কেন্দ্ৰীয় চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় দূৰ্যোগ বুলি ঘোষণা কৰিছিল আৰু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ ১৫ হাজাৰ কোটি টকাৰ এক পুঁজি ঘোষণা কৰিছিল ৷ তেন্তে সেয়া কি আছিল বুলি দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন ৷ আনহাতে ভাৰতৰ ক’তোৱেই কোনো চৰকাৰে বিনামূলীয়াকৈ কৰ’ণাৰ চিকিৎসাৰ ব্যৱস্থা কৰা নাই বুলি স্বাস্থ্য মন্ত্ৰীয়ে কালি কৰা মন্তব্যও শুদ্ধ নহয় বুলি কয় বিৰোধী দলপতিগৰাকীয়ে ৷

দেৱব্ৰত শইকীয়াৰ ভাষ্য - ইতিমধ্যে মহাৰাষ্ট্ৰ চৰকাৰে, পশ্চিমবংগ চৰকাৰে ক'ৰনা ৰোগীৰ চিকিৎসা বিনামূলীয়াকৈ কৰি আছে ৷ আনকি অন্ধ্ৰ প্ৰদেশ চৰকাৰেও সকলো সা-সুবিধা, চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰিছে ৷ তেলেংগানা চৰকাৰেও কৰিছে একে ব্যৱস্থা ৷ তেলেংগানাত হোম কোৱাৰেন্টাইনত থকা প্ৰায় ২০ হাজাৰ লোকক ঘৰতে চিকিৎসা কৰিব পৰাকৈ একোটা কীট আৰু পাল্চ অক্সিমিটাৰ বিনামূলীয়াকৈ চৰকাৰে যোগান ধৰিছে ৷ গতিকে, স্বাস্থ্য মন্ত্ৰীয়ে দাবী কৰাৰ দৰে ভাৰতৰ কোনো চৰকাৰে নকৰা কাম অসম চৰকাৰে কৰা নাই ৷ এই কাম বেলেগ ৰাজ্যৰ চৰকাৰেও কৰিছে বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৷

লক ডাউন প্ৰসংগত দেৱব্ৰত শইকীয়া

ইপিনে লক ডাউন প্ৰদান কৰাৰ পাচতো ভাৰত সফল ন’হল বুলি প্ৰকাশ কৰে বিৰোধী দলপতি গৰাকীয়ে ৷ আনহাতে গুৱাহাটীত লক ডাউনে কৰা ক্ষতিৰ কথা উল্লেখ কৰি শইকীয়াই কয় যে, ৰাইজৰ সৈতে আলোচনা কৰাতকৈ অৰ্থনৈতিক বিশেষজ্ঞ, মহামাৰী বিশেষজ্ঞ আদিৰ সৈতে কথা পাতিহে লক ডাউন দিয়া উচিত ৷ আনহাতে লক ডাউনৰ বিকল্প বিচাৰিবলৈ চৰকাৰক পৰামৰ্শ দিয়ে বিৰোধী দলপতি গৰাকীয়ে ৷

লগতে পঢ়কঃ বান পৰিস্থিতিক লৈ চৰকাৰক সমালোচনা দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.