ETV Bharat / state

মহানগৰীত মুক্ত মনেৰে বিচৰণ হৰিণা পহুৰ

গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত মুক্ত মনেৰে বিচৰণ কৰিছে হৰিণা পহুৱে ৷ একাংশ বন্যপ্ৰেমীয়ে জনাঞ্চললৈ ওলাই অহা হৰিণাক খাদ্যৰ যোগানো ধৰিছে ৷

ETV BHARAT
মহানগৰীত মুক্ত মনেৰে বিচৰণ হৰিণা পহুৰ
author img

By

Published : Apr 20, 2020, 2:47 PM IST

গুৱাহাটী, 20 এপ্ৰিলঃ মহানগৰী নাৰেংগীত প্ৰতিদিনেই মুক্ত মনেৰে বিচৰণ কৰিছে হৰিণা পহুৱে ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত ভয়- শংকা এৰি মুক্ত মনেৰে বিচৰণ কৰা দেখিবলৈ পোৱা গৈছে জীৱ-জন্তুৱে ৷

মহানগৰীত মুক্ত মনেৰে বিচৰণ হৰিণা পহুৰ

লক ডাউনে যেন প্ৰকৃতিৰ জীৱ-জন্তুৰ বাবে কঢ়িয়াই আনিছে ভাল দিনৰ ৷ ইতিমধ্যে জীৱ-জন্তুবোৰে মুক্ত মনেৰে বিচৰণ কৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানত ৷ মহানগৰীৰ নাৰেংগীতো দেখা গ'ল তেনে এক দৃশ্য ৷ লোক এজনৰ ঘৰৰ চৌহদতে মুক্ত মনেৰে খাদ্য খাইছে হৰিণাটোৱে ৷ একাংশ বন্যপ্ৰেমীয়ে জনাঞ্চললৈ ওলাই অহা হৰিণাক খাদ্য যোগানো ধৰিছে ৷ স্থানীয় ৰাইজে চিৰিয়াখানা কৰ্তৃপক্ষক উক্ত ঘটনাটো অৱগত কৰি হৰিণাটোক উদ্ধাৰ কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে,ইতিমধ্যে নাৰেংগী অঞ্চলত এই কেইদিনত ধাৰাবাহিকভাৱে ৰাজপথলৈ ওলাই আহিছে কেইবাটাও হৰিণা পহু ৷

লগতে পঢ়ক- মহানগৰীত জি এম চি আৰু পশুপালন বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.