গুৱাহাটী, ২৩ নৱেম্বৰ : অপৰাধ নগৰীলৈ পৰ্যবসিত হৈছে গুৱাহাটী মহানগৰী । ঘৰৰ তলাবন্ধ অৱস্থাত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ(Deadbody recovered at Hatigaon) ৷ মহানগৰীত সোমবাৰে নিশা উদ্ধাৰ হৈছে মৃতদেহটো ।
প্ৰাপ্ত তথ্য অনুসৰি, হাতীগাঁৱৰ লখিমী নগৰৰ চিন্ময় পথৰ গৃহ নং ২৪ ৰ স্বত্বাধিকাৰী হৈছে আতিকুৰ ৰহমান নামৰ লোকজন ৷ এই লোকজনৰ ঘৰতে ৰহস্যজনক অৱস্থাত মৃতদেহটো উদ্ধাৰ হয় ।
লগতে চাওক: beltola murder case : কোনে হত্যা কৰিলে বৰুৱা দম্পতীক ?
ইতিমধ্যে উদ্ধাৰ হোৱা মৃতদেহটো মিলন ছেত্ৰী নামৰ লোকজনৰ বুলি জানিব পৰা গৈছে ৷ স্থানীয় বাসিন্দাসকলে জনোৱা অনুসৰি, যোৱা পাঁচ বছৰ ধৰি ঘৰটো চোৱা-চিতা কৰাৰ দায়িত্বত আছিল মিলন ৷
ৰঙৰ মিস্ত্ৰী হিচাপে কৰ্মৰত মিলন যোৱা ১৮ নৱেম্বৰৰ পৰাই সন্ধানহীন হৈ আছিল ৷ সোমবাৰে অঞ্চলটোৰ লোকে উৎকট দুৰ্গন্ধ পাই খবৰ দিয়ে আৰক্ষীক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘৰটোৰ তলা ভাঙি উদ্ধাৰ কৰে মৃতদেহটো(deadbody recovered inside the room) । মৃতদেহটোৰ কাষৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ডেগাৰ-ছুৰীকে ধৰি চোকা অস্ত্ৰ ৷
আৰক্ষীয়ে এয়া হত্যা নে আত্মহত্যা সেয়া প্ৰকাশ কৰা নাই ৷ কিন্তু আঘাতৰ চিহ্নলৈ চাই এয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ৷
লগতে চাওক: Narayan Chakraborty murder case : মৌচুমী চক্ৰৱৰ্তীক তিনিদিনৰ আৰক্ষী জিন্মালৈ প্ৰেৰণ