ETV Bharat / state

আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃতদেহ উদ্ধাৰ

author img

By

Published : Jun 28, 2020, 6:53 PM IST

তেজেৰে লুতুৰি পুতুৰি অৱস্থাত দেওবাৰে এটা মৃতদেহ উদ্ধাৰ হৈছে মহানগৰীৰ জালুকবাৰীস্থিত আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ মহাবিদ্যালয়খনৰ নিৰ্মীয়মান কেণ্টিনৰ কক্ষত উদ্ধাৰ হয় মৃতদেহটো ৷ সমগ্ৰ ঘটনাটোক এটা পৰিকল্পিত হত্য়াকাণ্ড বুলি ধাৰণা কৰা হৈছে ৷

Deadbody recovered at Jalukbari ayurbedic medical College and hospital guwahati kamrup metro assam etv bharat news
মৃতদেহ উদ্ধাৰ

গুৱাহাটী,28 জুন: মহানগৰীৰ জালুকবাৰীত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ । আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিৰ্মীয়মান কেণ্টিনগৃহত উদ্ধাৰ হোৱা মৃতদেহটো উক্ত কেণ্টিনৰে নিৰ্মাণকাৰ্যত বনুৱা হিচাপে কৰ্মৰত চাহানুৰ ইছলাম নামৰ ব্যক্তিগৰাকীৰ বুলি চিনাক্ত কৰা হৈছে ৷ উদ্ধাৰ হোৱা মৃতদেহৰ অৱস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অনুমান কৰা হৈছে ৷

আৰক্ষীৰ তদন্ত অব্যাহত

ঘটনাস্থলীত জালুকবাৰী আৰক্ষীৰ চিআইডি আৰু ফৰেনচিকৰ দল উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰে ৷ প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা অনুসৰি এটা ইলেক্ট্ৰ’নিক যন্ত্ৰৰ বাবে সহযোগী বনুৱাৰ সৈতে কাজিয়াৰ সূত্ৰপাত ঘটিছিল চাহানুৰৰ ।

লগতে চাওকঃ বৰপেটাত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.