ETV Bharat / state

বাৰ বছৰৰ ভিতৰত এইবাৰ বৰষুণৰ মাত্ৰা সৰ্বাধিক কিয় ?

এক জুলাইৰ শেহতীয়া প্ৰতিবেদন অনুসৰি এইবাৰৰ বাৰিষাত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে একেসময়তে বিপদ সীমাৰ ওপৰেৰে বৈ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় প্ৰতিখন জিলাই প্লাৱিত কৰাৰ মূল কাৰণ হ'ল জুন মাহৰ পৰা অব্যাহত অত্যাধিক বৰষুণ। তথ্য অনুসৰি বিগত বাৰ বছৰৰ ভিতৰত এইবাৰ অসম আৰু ইয়াৰ চুবুৰীয়া অৰুণাচল আৰু মেঘালয়ত বৰষুণৰ মাত্ৰা সৰ্বাধিক। আৰু যোৱা এক জুলাই পৰ্যন্ত অসমৰ চৈধ্য লাখ লোক বানৰ দ্বাৰা প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে।

বাৰ বছৰৰ ভিতৰত এইবাৰ বৰষুণৰ মাত্ৰা সৰ্বাধিক

author img

By

Published : Jul 14, 2020, 10:17 PM IST

নিউজ ডেস্ক, 14 জুলাইঃ অসম আৰু ইয়াৰ গাতে লাগি থকা অৰুণাচল আৰু মেঘালয়ত যোৱা জুন মাহৰ পৰা অব্যাহত নেৰানেপেৰা বৰষুণে অসমৰ প্ৰতি ভয়াৱহ সংকটত মাতি আনিছে। এনে অত্যাধিক বৰষুণৰ বাবে অসমৰ বান পৰিস্থিতিয়ে ভয় লগা ৰূপ ধাৰণ কৰিছে । অতি লক্ষণীয় ভাৱে এই বাৰৰ বানক যোৱা কেইবাটাও বছৰৰ ভিতৰত ডাঙৰ বান বুলি অভিহিত কৰিছে ডাৰ্টমাউথ নামৰ সংস্থাটোৱে । সমগ্ৰ বিশ্বৰে বান পৰিস্থিতিৰ নিৰীক্ষণত নিয়োজিত আন্তৰাষ্ট্ৰীয় সংস্থা 'ডাৰ্টমাউথ ফ্লাড অবজাৰভেটৰী'ৰ যোৱা এক জুলাইৰ শেহতীয়া প্ৰতিবেদন অনুসৰি এইবাৰৰ বাৰিষাত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে একেসময়তে বিপদ সীমাৰ ওপৰেৰে বৈ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় প্ৰতিখন জিলাই প্লাৱিত কৰাৰ মূল কাৰণ হ'ল জুন মাহৰ পৰা অব্যাহত অত্যাধিক বৰষুণ। তথ্য অনুসৰি বিগত বাৰ বছৰৰ ভিতৰত এইবাৰ অসম আৰু ইয়াৰ চুবুৰীয়া অৰুণাচল আৰু মেঘালয়ত বৰষুণৰ মাত্ৰা সৰ্বাধিক। আৰু যোৱা এক জুলাই পৰ্যন্ত অসমৰ চৈধ্য লাখ লোক বানৰ দ্বাৰা প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে।

অসম আৰু ইয়াৰ চুবুৰীয়া অৰুণাচল আৰু মেঘালয়ত বৰষুণৰ মাত্ৰা সৰ্বাধিক

ইতিমধ্যে প্ৰকাশিত তথ্য অনুসৰি যোৱা এক জুলাইৰ পৰা আজিলৈ,অৰ্থাৎ 14 জুলাইলৈ অসমত বৰষুণৰ পৰিমাণ আছিল 774.7 মি মি, যি নিয়মীয়া বৰষুণ (637.5 mm)তকৈ 22 শতাংশ বেছি। চুবুৰীয়া ৰাজ্য অৰুণাচলতো এই সময়ছোৱাত বৰষুণৰ পৰিমাণ আছিল 11 শতাংশ বেছি । অৰুণাচলত বৰষুণৰ পৰিমাণ হ'ব লাগিছিল 735.6 মি মি, কিন্তু হৈছে 817.8 মি মি । একেদৰে মেঘালয়ে এইবাৰ ভংগ কৰিবলৈ লৈছে বৰষুণৰ হাৰৰ পূৰ্বৰ সকলো হাৰ। মেঘালয়ত এইবাৰ বৰষুণৰ পৰিমাণ পূৰ্বৰ হাৰতকৈ 43 শতাংশই বেছি। এই সময়ত মেঘালয়ত বৰষুণৰ পৰিমাণ হ'ব লাগিছিল 1267 মি মি। কিন্তু বৰষুণ হৈছে 1819 মি মি। তিনিখন ৰাজ্যত হোৱা এনে অত্যাধিক হাৰৰ বৰষুণে স্বাভাৱিকতেই প্ৰভাৱিত কৰিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বহন ক্ষমতা । এনে পৰিস্থিতিত অসমৰ বৰপেটা,নলবাৰী,কামৰূপ,গোলাঘাট,ধেমাজি,দৰং আদিকৈ প্ৰতিখন জিলাকে প্লাৱিত হৈছে ।

বাৰ বছৰৰ ভিতৰত এইবাৰ বৰষুণৰ মাত্ৰা সৰ্বাধিক কিয় ?
বাৰ বছৰৰ ভিতৰত এইবাৰ বৰষুণৰ মাত্ৰা সৰ্বাধিক কিয় ?
আনহাতে,তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ আন চাৰিখন ৰাজ্যত এই সময়ছোৱাত বৰষুণৰ পৰিমাণ কিন্তু নিয়মীয়া হাৰতকৈ বহু কম। উদাহৰণ স্বৰূপে নগালেণ্ডত বৰষুণৰ পৰিমাণ 14 শতাংশ কম হোৱাৰ লগতে মিজোৰামতো বৰষুণৰ পৰিমাণ 37 শতাংশ কম। মণিপুৰত আকৌ বৰষুণৰ পৰিমাণ 41 শতাংশই কম। ত্ৰিপুৰাত এইকেইদিনত নিয়মীয়া পৰিমাণত কৈ এক শতাংশ বৰষুণ কম আছিল।ডাৰ্টমাউথৰ শেহতীয়া প্ৰতিবেদনলৈ আঙুলিয়াই দি অসমৰ বান পৰিস্থিতি সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ অধ্যাপক ডঃ শৰৎ ফুকনে ই টি ভিক আজি জনোৱা মতে এইবাৰৰ এই বৰষুণৰ পৰিমাণ প্ৰায় তেৰ বছৰৰ ভিতৰত সৰ্বাধিক । 2007 চনৰ পিছত এইবাৰ অসম আৰু চুবুৰীয়া ৰাজ্য দুখনত বৰষুণৰ পৰিমাণে অভিলেখ ভংগ কৰিছে। বাৰিষাৰ সময়ত এনে অৱস্থা অস্বাভাৱিক নহয় যদিও এইবাৰৰ বৰষুণৰ হাৰ অতি লক্ষণীয়। ডাৰ্টমাউথে এই বানপানীক ইন্ডিয়া ফ্লাড 2020 হিচাপে অভিহিত কৰিছে।

লগতে চাওকঃ বাক্সাত ৰঞ্জন দৈমাৰী আৰু অখিল গগৈৰ সু চিকিৎসাৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.