ETV Bharat / state

অভিশপ্ত ৩০ অক্টোবৰ : মুক্তি পাব নেকি মূল অভিযুক্ত ৰঞ্জন দৈমাৰীয়ে ! - Cursed October 30

কাৰাগাৰতে ৰাজ আতিথ্যত থকা ৰঞ্জন দৈমাৰীৰ ৬ ডিচেম্বৰৰ পৰা হ'ব দৈনিক শুনানি । বিস্ফোৰণত চিৰজীৱনৰ বাবে পংগুত্বক আঁকোৱালি লােৱা বহুজনে প্রতিমূহুর্ততে আর্তনাদ কৰাৰ বিপৰীতে ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা মুক্তিৰ বাবেহে এতিয়া প্ৰক্ৰিয়া সম্পূর্ণ কৰি তােলা হৈছে । সেই ক'লা দিনটোৰ কথা মনত পৰিলে আজিও ভুক্তভােগী লােকসকলে শিহৰিত হৈ উঠে ।

Will the main accused Ranjan Daimari be released?
মুক্তি পাব নেকি মূল অভিযুক্ত ৰঞ্জন দৈমাৰীয়ে !
author img

By

Published : Oct 30, 2021, 6:20 PM IST

গুৱাহাটী, ৩০ অক্টোবৰ : ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ অসম । এই দিনটোতে একালৰ বড়াে উগ্রপন্থী সংগঠন এন ডি এফ বিয়ে গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু বঙাইগাঁও জিলাৰ মুঠ ৯ টা স্থানত ধাৰাবাহিক বােমা বিস্ফোৰণ ঘটাই প্ৰায় ৮০ জন লােকৰ প্রাণ কাঢ়ি নিছিল । আহত হৈছিল চাৰি শতাধিক লোক ।

বৰ্বৰ বিস্ফোৰণত চিৰদিনলৈ পংগুত্বক আঁকোৱালি লৈছিল শতাধিক লােকে । সেই ক'লা দিনটোৰ কথা মনত পৰিলে আজিও ভুক্তভােগী লােকসকলে শিহৰিত হৈ উঠে। ৩০ অক্টোবৰৰ বােমা বিস্ফোৰণৰ ঘটনাই ১৩ বছৰত ভৰি দিলে । উক্ত হত্যালীলাৰ মূল পৰিকল্পনাকাৰী এন ডি এফ বিৰ মুৰব্বী ৰঞ্জন দৈমাৰীসহ ১৪জন উগ্রপন্থী যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ।

কিন্তু এনে কুখ্যাত হত্যাযজ্ঞৰ পাছতাে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ৰঞ্জন দৈমাৰীক বিশেষ কাৰাগাৰতে ৰাজআতিথ্য দি ৰাখিছে ৰাজ্য চৰকাৰে । বিস্ফোৰণত চিৰজীৱনৰ বাবে পংগুত্বক আঁকোৱালি লােৱা বহুজনে প্রতিমূহুর্ততে আর্তনাদ কৰাৰ বিপৰীতে ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা মুক্তিৰ বাবেহে এতিয়া প্ৰক্ৰিয়া সম্পূর্ণ কৰি তােলা হৈছে ।

লগতে পঢ়ক : পুনৰ ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত উত্তাল বড়োভূমি

মূলসুঁতিলৈ ঘূৰি অহা বড়াে বিদ্রোহী সংগঠনসমূহে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পাছত ৰঞ্জন দৈমাৰীৰাে মুক্তিৰ দাবী তীব্ৰতৰ কৰি তুলিছে । ৰাজ্য চৰকাৰে অতি কৌশলপূর্ণভাৱে ৰঞ্জন দৈমাৰীৰ মুক্তিৰ বাবে সম্ভৱপৰ সহায় কৰাৰ বাবেও সাজু হৈছে । সেই সূত্রেই ৰঞ্জন দৈমাৰীয়ে মুক্তিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছে ।

চলিত সপ্তাহত উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠত হােৱা শুনানিত ৰঞ্জন দৈমাৰী মুক্তিৰ আৱেদনৰ গােচৰটোৰ ৬ ডিচেম্বৰৰ পৰা উচ্চ ন্যায়ালয়ত দৈনিক শুনানিৰ বাবে দিন ধার্য কৰা হৈছে । ৩০ অক্টোবৰৰ বােমা বিস্ফোৰণৰ খলনায়ক ৰঞ্জন দৈমাৰীয়ে মুক্তি পাব নে নাই সেই সন্দৰ্ভত শুনানিৰ এমাহৰ ভিতৰতে ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ সম্ভাৱনা আছে ।

লক্ষণীয় বিষয় যে, এই বৰ্বৰ নৰসংহাৰ কৰাৰ পাছতো ৰঞ্জন দৈমাৰীৰ দৰে কুখ্যাত হত্যাকাৰী আজি কাৰাগাৰত বিশেষ ৰাজঅতিথ্যত আছে । ইয়াৰ বিপৰীতে আপোনজনক হেৰুওৱা আৰু চিৰদিনৰ বাবে পংগুত্বক আঁকোৱালি লােৱাসকলে এক বুজাব নোৱাৰা বেদনা লৈ জীৱন অতিবাহিত কৰি আছে ।

লগতে পঢ়ক :ঠিকনা সলনি হ’ব ৰঞ্জন দৈমাৰীৰ

উল্লেখ্য যে, ২০০৮ চনৰ গুৱাহাটীত ৩ টা, বৰপেটা ৰোডত ২ টা, বঙাইগাঁৱত এটা আৰু কোকৰাঝাৰত ২ টাকৈ বিস্ফোৰণ সংঘটিত হৈছিল । একপ্ৰকাৰ সমগ্ৰ ৰাজ্য কঁপি উঠিছিল । সেই কঁপনি বিশেষভাৱে আজিও অনুভৱ কৰে ভুক্তভোগীসকলে । এই ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত বিদ্ৰোহী সংগঠন এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ঘটনাৰ ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল ।

ঘটনাৰ তদন্ত কৰি দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চি বি আয়ে । চাৰ্জশ্বীটত ২২ জনৰ নাম আছিল যদিও ৭ জন পলাতক আছিল । আদালতত উপস্থিত থকা ১৫ জনৰ ভিতৰত ১৫ জনকে দোষী সাব্যস্ত কৰিছিল আদালতে । বিস্ফোৰণত দোষী সাব্যস্ত হোৱাসকল হৈছে ক্ৰমে ৰঞ্জন দৈমাৰী, জৰ্জ বড়ো, জয়ন্তী ব্ৰহ্ম, অজয় বসুমতাৰী, প্ৰভাত বড়ো, ৰাজু চৰকাৰ, খৰ্গেশ্বৰ বসুমতাৰী, মৃদুল গয়াৰী, বি থৰাই ওৰফে বৈশাগী, মথুৰাম ব্ৰহ্ম, আনচাই বড়ো, ইন্দ্ৰ ব্ৰহ্ম, লক’ বসুমতাৰী, ৰাজেন গয়াৰী আৰু নীলিম দৈমাৰী ।

লগতে পঢ়ক : ৰঞ্জন দৈমাৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন এনডিএফবিৰ নেতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.