নিউজ ডেস্ক, 19 মাৰ্চ: 27 মাৰ্চৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ Enforcement and Regulatory Authorities য়ে নিজৰ অভিযান অব্যাহত ৰাখিছে ৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত জাৰি হৈ আছে নিৰ্বাচনী আচৰণ বিধি ৷ উক্ত বিধি জাৰি হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ভিন্ন প্ৰান্ত অব্যাহত থকা অভিযানত 18 মাৰ্চ পৰ্যন্ত মুঠ 75 কোটি মূল্যৰ ধন তথা সা-সম্পত্তি জব্দ হৈছে ৷ আৱকাৰী বিভাগৰ নিয়মাৱলী ভংগ কৰাৰ অভিযোগত বৰ্তমানলৈকে 224 গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে 16 খন বাহনো জব্দ কৰা হৈছে ৷
শুকুৰবাৰে মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সদৰী কৰে ৷ মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 25 ফেব্ৰুৱাৰীৰ পৰা 18 মাৰ্চৰ ভিতৰত ৰাজ্যত মুঠ 75 কোটি মূল্যৰ ধন আৰু বিভিন্ন সামগ্ৰী জব্দ কৰা হৈছে ৷ এই 75 কোটিৰ ভিতৰত 16.14 কোটি নগদ ধন জব্দ হোৱাৰ লগতে 19.21 কোটি মূল্যৰ সুৰা জব্দ কৰা হৈছে ৷
বিজ্ঞপ্তিটোত প্ৰকাশ কৰা তথ্য অনুসৰি, প্ৰায় 2.82 কোটি মূল্যৰ সোণ আৰু ৰূপৰ অলংকাৰ জব্দ হোৱাৰ লগতে, 30.30 কোটি বজাৰ মূল্যৰ ড্ৰাগছ আৰু 6.63 কোটি চিগাৰেট আৰু জালুক জাতীয় সামগ্ৰী জব্দ হৈছে ৷ 26 ফেব্ৰুৱাৰীৰ পৰা 18 মাৰ্চৰ ভিতৰত জব্দকৃত এই সকলো সামগ্ৰীৰ মুঠ মূল্য হৈছে 75 কোটি ৷
বৰ্তমানলৈকে জব্দকৃত সামগ্ৰী সমূহৰ ভিতৰত তালিকাৰ শীৰ্ষত আছে, 7 মাৰ্চত নাজিৰাখাটৰ পৰা এনচিবিয়ে জব্দ কৰা 15.14 কোটি মূল্যৰ Crystalline Methamphetamine, 7 আৰু 8 মাৰ্চত ডিআিআইৰ হাতত জব্দ হোৱা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা আৰু মণিপুৰৰ পৰা সৰহবৰাহ কৰা 5.99 কোটি মূল্যৰ 3682 কিলোগ্ৰাম ড্ৰাগছ আৰু 1 কিলোগ্ৰাম সোণ আৰু 15 মাৰ্চত ডিব্ৰুগড় জিলাত ডিআৰআইয়ে জব্দ কৰা 4.52 কোটি মূল্যৰ 37,569 লিটাৰ সুৰা ৷
প্ৰাপ্ত তথ্য অনুসৰি 26 ফেব্ৰুৱাৰীত নিৰ্বাচনী দিন ঘোষণা কৰাৰ পাছত 18 মাৰ্চলৈকে খুচুৰাভাৱে বিক্ৰী হোৱা সুৰাৰ মুঠ পৰিমাণ হৈছে 77 লাখ লিটাৰ ৷ জানিব পৰা মতে, বোকাজান, চৰাইদেউ, ধেমাজী, যোৰহাট, মৰিগাঁও, শিৱসাগৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলং আদি জিলাত সুৰা বিক্ৰীৰ হাৰ 30 শতাংশ বৃদ্ধি পাইছে ৷ আবকাৰী বিভাগৰ বিষয়াই সুৰাৰ বিপনী সমূহক ইতিমধ্যে ইয়াৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে ৷
জানিব পৰা মতে 29 খন নিৰ্বাচনী জিলাত অবৈধভাৱে সামগ্ৰী লুকুৱাই থোৱাৰ সম্ভাৱনা থকা অঞ্চলসমূহত কৌশলগত তথা আকস্মিক অভিযানো চলাই থকা হৈছে ৷ আবকাৰী বিভাগে চিনাক্ত কৰা 138 খন বিপনী স্পৰ্শকাতৰ হিছাপে ধৰা হৈছে ৷ উল্লেখ্য যে, সুৰা আৰু সুৰা জাতীয় সামগ্ৰীৰ অবৈধ সৰহবৰাহ পৰ্যবেক্ষণ কৰাৰ বাবে আবকাৰী বিভাগৰ ফালৰ পৰা আন্তঃজিলা সীমাত 15 খনকৈ চেক গেট স্থাপন কৰা হৈছে ৷ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েয়ে জানিবলৈ দিয়া মতে, অবৈধভাৱে ধন, সুৰা, ড্ৰাগছ, জুৱেলাৰী আৰু অন্যান্য অবৈধ সামগ্ৰী সমূহৰ সৰহবৰাহ ৰোধ কৰাৰ বাবে সংশ্লিষ্ট বিভাগ সমূহে 24 ঘন্টাই সকলোবোৰ নিৰীক্ষণ কৰি আছে ৷
লগতে পঢ়ক: ব্যতিক্ৰমী মন্ত্ৰীয়ে ব্যতিক্ৰমী ধৰণে দাখিল কৰিলে মনোনয়ন