ETV Bharat / state

Cross voting controversy: গড্ডাৰ চিনাক্তকৰণক লৈ বিৰোধী শিবিৰত বোকা ছটিওৱাৰ ৰাজনীতি - Cross voting controversy

ৰাজ্যৰ ৰাজনীতিত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ৰছ ভোটিঙক লৈ চৰ্চা অব্যাহত আছে(Cross voting controversy in Assam)। নিজৰ দলকে বিশ্বাসঘাতকতা কৰা এইসকল গাড্ডাৰ বিধায়ক কোন ? এ আই ইউ ডি এফে ক্ৰছ ভোটিঙৰ বাবে কংগ্ৰেছ নেতৃত্বক দোষাৰোপ কৰি তেওঁলোকৰ নাম ৰাজহুৱা কৰাৰ দাবী জনাইছে । কৰিমুদ্দিন বৰভূঞাই অভিযোগ কৰি কয় যে কংগ্ৰেছৰ ২১ জন বিধায়কৰ ভোট লাভ কৰিছে দ্ৰৌপদী মুৰ্মুৱে । নৈতিকতাহীন ৰাজনীতিত এতিয়া অসম যে প্ৰথম সেই কথাই যেন ৰাষ্ট্ৰপতি নিৰ্বাচনে আওপকীয়াকৈ প্ৰমাণ কৰিলে ।

বিৰোধী শিবিৰত বোকা ছটিওৱাৰ ৰাজনীতি
Cross voting controversy
author img

By

Published : Jul 22, 2022, 2:24 PM IST

গুৱাহাটী,২২ জুলাইঃ ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পন্ন হৈ উঠাৰ পিছতে ৰাজ্যৰ ৰাজনীতি পুনৰ গৰম হৈ পৰা পৰিলক্ষিত হৈছে ৷ সমান্তৰালভাৱে প্ৰশ্ন উঠিছে গাড্ডাৰ কোন । কোনে বিশ্বাসঘাতকতা কৰিলে নিজ দলক বুলি । উল্লেখ্য যে আশংকা কৰাৰ দৰেই ৰাজ্যৰ বিৰোধী দলৰ বিধায়কে ভোট দিলে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰুপদী মুৰ্মুক((Cross voting controversy in Assam) ।

উল্লেখ্য যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাজ্যৰ মুঠ ২২জন বিৰোধী দলৰ বিধায়কে এন ডি এৰ প্ৰাৰ্থীগৰাকীক ভোট দিয়াৰ কথা স্পষ্ট হৈ পৰিল । ইয়াৰ লগে লগে আৰম্ভ হৈছে বিৰোধীৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতি । ইফালে ৰং চাইছে শাসকীয় দল বিজেপিয়ে । ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ পাছতে সৰৱ চৰ্চা আৰম্ভ হৈছে যে নিজৰ দলকে বিশ্বাসঘাতকতা কৰা গড্ডাৰ বিধায়কসকল কোন বুলি । বিৰোধীৰ শিবিৰ হৈছে কংগ্ৰেছ, এ আই ইউ ডি এফ, ৰাইজৰ দল আৰু চি পি আই এম ।

উল্লেখ্যযোগ্য যে অসমত এন ডি এৰ মুঠ বিধায়কৰ সংখ্যা হৈছে ৭৯জন । ইয়াৰে বিজেপিৰ ৬৩ জন, অগপৰ ৯ জন আৰু ইউ পি পি এলৰ ৭ জন বিধায়ক । আনহাতে বিধানসভাৰ মজিয়াত বিজেপি মিত্ৰজোঁটত আছে বি পি এফ । বি পি এফৰ তিনিজন বিধায়কেও ভোট দিছিল এন ডি এৰ প্ৰাৰ্থীগৰাকীক । সেই অনুসৰি এন ডি এৰ প্ৰাৰ্থীগৰাকীয়ে অসমৰ মুঠ ৮২জন বিধায়কৰ ভোট নিশ্চিতভাৱে লাভ কৰিছে । কিন্তু ভোট গণনাত দেখা গ'ল যে দ্ৰৌপদী মুৰ্মুৱে অসমৰ পৰা মুঠ ১০৪টা ভোট লাভ কৰিছে(Droupadi Murmu new President of India) । ইফালে বিৰোধী দল কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হ’ল ২৭জন । ইয়াৰে তিনিজন নিলম্বিত হৈ আছে । এ আই ইউ ডি এফৰ ১৫ জন বিধায়ক আছিল যদিও দুজনে ভোট দিয়া নাছিল ।

আনহাতে বিধানসভাত চি পি এমৰ এজন আৰু ৰাইজৰ দলৰ এজন বিধায়ক আছে । ইয়াকে ধৰি বিৰোধী শিবিৰত থকা ৪২জন বিধায়কে ভোট দিছিল । কিন্তু ভোট গণনাত ওলাই পৰিল যে বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহাই অসমৰ বিৰোধী শিবিৰৰ পৰা লাভ কৰিলে মাত্ৰ ২০ জন বিধায়কৰ ভোটহে । বাকী ২২জন বিৰোধী শিবিৰৰ বিধায়কে ক্ৰছ ভোটিঙৰ দ্বাৰা দ্ৰুপদী মুৰ্মুক জয়ী কৰাত সহায় কৰিলে । ক্ৰছ ভোটিং কৰা বিধায়কৰ সংখ্যালৈ যদি লক্ষ্য কৰা হয় তেনেহ'লে দেখা পোৱা যায় যে এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দুয়োটা দলৰে বিধায়কে এন ডি এৰ প্ৰাৰ্থীগৰাকীক ভোট দিছে । কিয়নো এ আই ইউ ডি এফৰ ভোটদান কৰা বিধায়কৰ সংখ্যা হৈছে ১৩জন। এনেস্থলত ক্ৰছ ভোটিং কৰা বাকী ৯ জন বিধায়কেই হ’ব লাগিব কংগ্ৰেছ বা আন বিৰোধী দল দুটাৰ । মন কৰিবলগীয়া কথা যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনাই কেইবাজনো বিজেপিৰ বিধায়কে মুকলিকৈয়ে ঘোষণা কৰিছিল যে তেওঁলোকে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ পৰা কমেও ২০-২২টা ভোট লাভ কৰিব । বিজেপিৰ বিধায়কসকলে কৰা এই দাবী সত্য ৰূপে পৰিগণিত হ'ল ।

উল্লেখ্য যে ৰাজ্যসভাৰ বিগত নিৰ্বাচনতো ৰাজ্যত বিৰোধী দলৰ বহুকেইজন বিধায়কে ক্ৰছ ভোটিং কৰি ৰাজ্যত যে বিৰোধী ঐক্যবদ্ধ নহয় সেই কথা উদঙাই দিছিল । ইয়াৰ পাছত এতিয়া ৰাষ্ট্ৰপতি নিৰ্বাচনটো বিৰোধী বিধায়কসকলে ক্ৰছ ভোটিং কৰা কথাই বিৰোধী বিধায়কসকলে যে গোপনে বিজেপিৰ সৈতে হাত মিলাই আছে সেই কথা পুনৰবাৰ প্ৰমাণিত কৰিলে । ইফালে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত ক্ৰছ ভোটিঙক কেন্দ্ৰ কৰি এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজত বোকা ছটিওৱা খেল দেখিবলৈ পোৱা গৈছে । নৈতিকতাহীন ৰাজনীতিত এতিয়া অসম যে পিছ পৰি ৰোৱা নাই সেই কথাই যেন ৰাষ্ট্ৰপতি নিৰ্বাচনে আওপকীয়াকৈ প্ৰতিষ্ঠা কৰিলে । এনে ৰাজনৈতিক পৰিৱেশৰ মাজত কংগ্ৰেছৰ নেতৃত্বই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আঙুলি টোৱাইছে । এ আই ইউ ডি এফৰ বিধায়কে এই ক্ৰছ ভোটিঙৰ বাবে কংগ্ৰেছ নেতৃত্বক দোষাৰোপ কৰি অসমৰ ৰাইজৰ সন্মুখত সেইসকলনো কোন সেয়া ৰাজহুৱা কৰিবলৈ দাবী তুলিছে ।

ইফালে এন ডি এৰ প্ৰাৰ্থীক ভোট দিয়া বিৰোধী বিধায়কসকলক ধন্যবাদ জ্ঞাপন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে কোনে ভোট দিছে কবলৈ অসুবিধা যদিও কংগ্ৰেছৰ পৰা বেছিকৈ ভোট পোৱা গৈছে । তেওঁ কয় যে কংগ্ৰেছ দলত আমাৰ বহু সতীৰ্থ বন্ধু আছে আৰু তাৰ পৰা বেছি ভোট আহিছে । আনহাতে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই আক্ষেপ কৰি কয় যে কংগ্ৰেছৰ কেইজনমানে ক্ৰছ ভোট কৰাটো খাটাং । ইয়াক দুৰ্ভাগ্যজনক আখ্যা দি তেওঁ কটাক্ষ কৰি কয় যে কোনে ক্ৰছ ভোটিং কৰিছে সেই কথা কৰিমুদ্দিন বৰভূঞাই বেছি ভালদৰে জানিব । সেইদৰে কংগ্ৰেছৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলে কয় যে এই বিষয়টো দলৰ মজিয়াত আলোচনা হ'ব । তেওঁ বিজেপিয়ে ধনবল আৰু প্ৰশাসনীয় হেঁচা প্ৰয়োগ কৰাৰ প্ৰসংগও উল্লেখ কৰে । সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰি বিহিত ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ কয় ।

ইফালে এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই অভিযোগ কৰি কয় যে কংগ্ৰেছৰ ২১ জন বিধায়কৰ ভোট লাভ কৰিছে দ্ৰৌপদী মুৰ্মুৱে । এ আই ইউ ডি এফৰ কোনেও এন ডি এৰ প্ৰাৰ্থীক ভোট দিয়া নাই বুলি উল্লেখ কৰি তেওঁ কয় যে আমাৰ ১৫ জন বিধায়কৰ ভিতৰত দুজন বাহিৰত আছিল৷ বাকী ১৩ জন বিধায়কে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীক ভোট দিছিল বুলি তেওঁ কয় । সম্প্ৰতি বিৰোধীৰ শিবিৰত বোকা ছটিওৱাৰ ৰাজনীতি তুংগত উঠিছে । ২৫ জুলাইত দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুৱে শপত ল’ব । ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সম্পন্ন হ’ল যদিও এই নিৰ্বাচনে ৰাজ্যত বিৰোধী শিবিৰ সন্দৰ্ভত বহু প্ৰশ্নবোধক এৰি থৈ গ’ল ।

লগতে পঢ়ক: Cross voting in presidential election: কংগ্ৰেছৰ ৪ বিধায়কক গাড্ডাৰ আখ্যা ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.