ETV Bharat / state

মহানগৰীৰ চিটি বাছৰ চালক আৰু হেণ্ডিমেনৰ শোচনীয় অৱস্থা

author img

By

Published : May 30, 2020, 10:59 AM IST

পৰিয়াল চলাব পৰাকৈ দৈনিক টকা উপাৰ্জন কৰিব পৰা নাই চালক, হেণ্ডিমেনে । টকাৰ অভাৱত দিনটো একো নোখোৱাকৈ গাড়ীত কাম কৰি আছে বহু লোকে ৷

Crisis among bus driver and conductor of Guwahati city bus
মহানগৰীৰ চিটি বাছৰ চালক আৰু হেণ্ডিমেনৰ শোচনীয় অৱস্থা

গুৱাহাটী, 30 মে': লক ডাউনৰ বাবে মহানগৰীৰ চিটি বাছৰ চালক আৰু হেণ্ডিমেনৰ শোচনীয় অৱস্থা । পৰিয়াল চলাব পৰাকৈ দৈনিক টকা উপাৰ্জন কৰিব পৰা নাই চালক, হেণ্ডিমেনে । টকাৰ অভাৱত দিনটো একো নোখোৱাকৈ গাড়ীত কাম কৰি আছে বহু লোকে ৷ সদৌ অসম মটৰ পৰিবহন সন্থাৰ প্ৰধান সম্পাদক প্ৰদীপ দাসে জানিবলৈ দিয়া অনুসৰি মহানগৰীত 700 খন চিটি বাছৰ পৰিৱৰ্তে চলিছে মাত্ৰ 50 খন চিটিবাছ । প্রশাসনে 50% যাত্ৰীৰ উঠাবৰ বাবে অনুমতি প্ৰদান কৰিছিল যদিও 50% যাত্ৰীৰো অভাৱ হৈছে মহানগৰীত । ডিজেলৰ দাম বৃদ্ধিৰ ফলত 50% যাত্ৰীৰে লোকচান হোৱাৰ লগতে মালিক সকলৰ অৱস্থা শোচনীয় বুলি জানিবলৈ দিলে প্ৰদীপ দাসে ।

আনহাতে, চৰকাৰে চিটি বাছ সমূহৰ ক্ষেত্ৰত এতিয়ালৈ কোনো পদক্ষেপ নোলোৱাটো অতি দুখ প্ৰকাশ কৰিছে প্ৰধান সম্পাদক গৰাকীয়ে। আনহাতে চৰকাৰে ঘোষণা কৰা 20 লাখ কোটি টকাৰ পেকেজত পৰিবহন বিভাগৰ বাবে কোনো পেকেজ নথকাৰ ফলতো ভাগি পৰিছে চিটি বাছৰ মালিক, চালক আৰু হেণ্ডিমেন সকল ৷ গতিকে 75 % যাত্ৰী উঠাবলৈ অনুমতি দিয়াৰ বাবে আহ্বান জনোৱাৰ লগতে চিটি বাছ চলাই জীৱন নিৰ্বাহ কৰা লোকসকলৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে সদৌ অসম মটৰ পৰিবহণ সন্থাই ।

আনহাতে বৰ্তমান সময়ত বাছৰ চালক আৰু হেণ্ডিমেনৰ অৱস্থা অতি দুখ লগা । পূৰ্বতে যদি প্ৰায় 1000 টকা পাইছিল এতিয়া কেৱল 400 টকাহে দিনটোৰ উপাৰ্জন হয় । দিনটোৰ উপাৰ্জনৰ টকা মালিকক দিয়াৰ পিছত নিজলৈ কেৱল 100 টকা বা 150 টকা ৰোৱাৰ ফলত এক শোচনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে চালক হেণ্ডিমেন সকল ৷ উল্লেখ্য যে, তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত মহানগৰীত 100 খন চিটি বাছ চলোৱাৰ অনুমতি প্ৰদান কৰিছিল প্ৰশাসনে। পৰবৰ্তী পৰ্য্যায়ত প্ৰশাসনে মহানগৰীত 200 খন বাছ চলাচলৰ অনুমতি দিছিল যদিও দুদিন মান চলাচল কৰাৰ পিছতে যাত্ৰীৰ অভাৱত চিটি বাছ সমূহ এখন এখন কৈ মহানগৰীৰ ৰাজপথত চলা বন্ধ হৈছিল ।

লগতে পঢ়কঃ ডিব্ৰুগড়ত উপস্থিত বহিঃৰাজ্যৰ পৰা অহা চাৰিখন যাত্ৰীবাহী ৰে'ল

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.