ETV Bharat / state

Crime against women: হিমন্ত বিশ্ব শৰ্মাৰ শাসনত গুৱাহাটীত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ

author img

By

Published : Mar 14, 2023, 12:26 PM IST

ৰাজ্যত বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ অপৰাধ ৷ সমান্তৰালকৈ বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ ৷ আৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীতো শেহতীয়াকৈ বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনাৰ লগতে নাৰীজনিত ঘটনা (Crime against women in Guwahati) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত পৰিকল্পিত অপৰাধজনিত ঘটনা হ্ৰাস পোৱা বুলি দাবী কৰি আহিছে যদিও চৰকাৰী তথ্যই ইয়াৰ ওলোটা ছবিহে প্ৰতিফলিত কৰিছে ৷

Crime against women
বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ

গুৱাহাটী, 14 মাৰ্চ : বিগত কিছু সময়ৰ ভিতৰতে সাংঘাতিক ধৰণে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ সংখ্যা ৷ সাধাৰণ ৰাইজৰ নিদ্ৰা কাঢ়ি নিয়া বহুতো শিহৰণকাৰী ঘটনাই জোকাৰি গৈছে ৰাজ্য ৷ মানুহেই মানুহৰ বৈৰী হৈ ধৰা দিছে আজিৰ সমাজত ৷

মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবছৰীয়া কাৰ্যকালত অৰ্থাৎ ২০২২ চনত গুৱাহাটী মহানগৰীত নাৰীজনিত অপৰাধৰ ঘটনা বৃদ্ধি পাইছে (Crime rate in Assam Guwahati) । সোমবাৰে বিধানসভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তৰাবিহীন এক প্রশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা তথ্যত এই কথা প্ৰকাশ পাইছে ।

তথ্য মতে, গুৱাহাটীত ২০১৬ চনত ৭১৮ টা নাৰীজনিত ঘটনা সংঘটিত হৈছিল (Crime against women) । ২০২২ চনত ৭৪৪ টা নাৰীজনিত ঘটনা সংঘটিত হৈছিল । ২০১৬ চনৰ তুলনাত ২০২২ চনত গুৱাহাটীত হত্যাৰ ঘটনাৰ কোনো বিশেষ তাৰতম্য ঘটা নাই । তথ্য মতে, গুৱাহাটীত ২০১৬ চনত ৭৫ টা হত্যাৰ ঘটনা সংঘটিত হৈছিল । আনহাতে ২০২২ চনতো হত্যাৰ ঘটনা ৭৫ টাই সংঘটিত হৈছিল ।

উল্লেখযোগ্য যে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তথ্য সদৰি কৰা মতে ২০১৬ চনৰ পৰা ২০২৩ চনৰ ২৮ ফেব্ৰুৱাৰী পর্যন্ত অসমত ৮,৩৫৪ টা হত্যাৰ ঘটনা সংঘটিত হৈছে । মুখ্যমন্ত্ৰীয়ে লিখিত উত্তৰত কয় যে উল্লিখিত সময়ছোৱাত ৰাজ্যত মহিলা ধৰ্ষণৰ গোচৰ ১২,৭২৬ টা, নাৰীজনিত অপৰাধৰ গোচৰ ১,৭০,১৭৪ টা, নাৰীজনিত অপহৰণৰ গোচৰ ৩৯,০৭৫ টা, চুৰিৰ গোচৰ ১,০৩,২৯৬ টা, ডকাইতিৰ গোচৰ ১,১৫৮ টা, লুণ্ঠনৰ গোচৰ ৯,৫৭৮ টা আৰু আত্মহত্যাৰ গোচৰ ১৮,৭৬৪ টা সংঘটিত হৈছে (Crime against women in Guwahati) ।

আনহাতে, ২০১৬ চনৰ পৰা ২০২৩ চনৰ ২৮ ফেব্ৰুৱাৰী পর্যন্ত গুৱাহাটী মহানগৰীত মুঠ মহিলা ধর্ষণ ৪৫২ টা, নাৰীজনিত অপৰাধ ৮,৭০০ টা, নাৰীজনিত অপহৰণ ৩,১৫১ টা, হত্যাৰ গোচৰ ৫১৯ টা, চুৰিৰ ঘটনা ২৬,৭৪২ টা, ডকাইতি ৫৩ টা, লুণ্ঠন ৩,৩৬৬ টা আৰু আত্মহত্যাৰ গোচৰ ২,৫২৭ টা সংঘটিত হৈছে ।

লগতে পঢ়ক: HSLC question paper leak: হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিলকৰণক কেন্দ্ৰ কৰি উত্তপ্ত বালিকুৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.