ETV Bharat / state

CPI protest: মহানগৰীত CPI ৰ তীব্ৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 8:56 PM IST

মঙলবাৰে ৰাজ্যজুৰি CPI এ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে মহানগৰীতো CPI কৰ্মীসকলে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী । মূল্যবৃদ্ধিকে আদি কৰি কেইবাটাও বিষয়ত সৰৱ হৈ পৰে প্ৰতিবাদকাৰীসকল ।

CPI protest in Guwahati
মহানগৰীত CPI ৰ তীব্ৰ প্ৰতিবাদ

মহানগৰীত CPI ৰ তীব্ৰ প্ৰতিবাদ

গুৱাহাটী,৭ নৱেম্বৰ: বয়-বস্তুৰ চৰাদামৰ বিৰুদ্ধে লগতে বৰ্তমান অসমৰ সামগ্ৰিক সমস্যাসমূহক লৈ আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে CPI এ । গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখতো মঙলবাৰে অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে হাতে-হাতে বেনাৰ প'ষ্টাৰ লৈ চৰকাৰ বিৰোধী শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ সাব্যস্ত কৰি চি পি আই অসম ৰাজ্যিক পৰিষদৰ সম্পাদক কনক গগৈয়ে সংবাদ মাধ্যমৰ আগত আগত আগবঢ়াই কেতবোৰ বিস্ফোৰক মন্তব্য ।

তেওঁ কয় যে বর্তমান নিত্য ব্যৱহাৰ্য সামগ্রীকে আদি কৰি সকলো সা-সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনজীৱন বিপৰ্যস্ত কৰি তুলিছে । গতিকে চৰকাৰে বস্তুৰ দাম হ্ৰাস কৰি সকলো নিত্য প্রয়োজনীয় সামগ্রী সুলভ মূল্যৰ দোকানৰ জৰিয়তে যোগান ধৰিবলৈ চি পি আইয়ে দাবী জনায় । আনহাতে দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰি বিজেপি দলে অসমত শাসনভাৰ লোৱাৰ পিছত অসমত কোনো দিশতে দুর্নীতি বন্ধ হোৱা নাই ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও NHPC ৰ বিৰুদ্ধেও সৰৱ হৈ পৰে প্ৰতিবাদকাৰীসকল । এই সন্দৰ্ভত চি পি আই অসম ৰাজ্যিক পৰিষদৰ সম্পাদকগৰাকীয়ে কয় যে, ভাৰত চৰকাৰৰ অধীনত থকা NHPC য়ে এই শতিকাৰ আৰম্ভণিতে অৰুণাচল প্ৰদেশৰ অন্তৰ্গত সোৱণশিৰি নদীত কেৱল বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে বৃহৎ নদী বান্ধ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । অৰুণাচল প্ৰদেশৰ ঠুনুকা শিলাস্তৰৰ ওপৰেদি প্ৰবাহিত আৰু ভূমিকম্প প্ৰৱন অঞ্চলত এনে নদীবান্ধ নিৰ্মাণৰ প্ৰতিবাদ কৰি অহাৰ পিছতো নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিলে NHPC এ ।

যাৰ ফলত ২৭ অক্টোবৰত ভূমিস্খলন হৈ নদীবান্ধত ভূমিস্খলনৰ ফলত আটাইকেইটা ডাইভাৰ্চন টানেল বন্ধ হৈ পৰাৰ ফলত নদীৰ জলপৃষ্ঠ অস্বাভাৱিক ভাৱে হ্ৰাস পোৱা দেখা গৈছিল । ইয়াৰ ফলত নদীখনৰ নামনি অংশৰ জনগণৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে জৈৱবৈচিত্ৰৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে বুলি তেওঁ উল্লেখ কৰে । লগতে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু জৈৱ-বৈচিত্ৰতাত বাধা প্রদান নোহোৱাকৈ বহুমুখী পৰিকল্পনাৰে বহনক্ষম নদীবান্ধ নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

লগতে তেওঁ কয় যে, সাম্প্ৰতিক চৰকাৰৰ বিৰুদ্ধে নানান দুর্নীতি অভিযোগ উত্থাপিত হৈছে আৰু খোদ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধেও অভিযোগ উত্থাপিত হৈছে । ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত ভূমি ক্ৰয়ৰ কেলেংকাৰী, মাটিৰ শ্ৰেণী পৰিবৰ্তনৰ লগতে ১০ কোটি টকা ৰাজসাহায্য লাভৰ কেলেংকাৰী আৰু ৰিজৰ্ট ক্ৰয়ৰ কেলেংকাৰী অভিযোগ উত্থাপিত হৈছে ।

সেয়ে ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে এই সকলোবোৰ কেলেংকাৰীৰ অভিযোগ চি বি আইৰ জৰিয়তে তদন্ত কৰোৱাই আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনোৱা বুলি উল্লেখ কৰে ৷ বিক্ষোভ প্ৰদৰ্শনৰ পিছতে জিলা আয়ুক্তৰ জৰিয়তে তিনিটা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: Eviction in Goalpara: উচ্ছেদক লৈ ৰাজনীতি নকৰিবলৈ আজমলক সকীয়নি ক্ষুব্ধ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.