গুৱাহাটী,১৪ এপ্ৰিলঃ মহামাৰী ক'ৰণাৰ দ্বিতীয় ঢৌৰ মাজতে ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হৈছে হেঁপাহৰ-আদৰৰ ৰঙালী বিহু । ৰাজ্যজুৰি আজি ব্যাপক উৎসাহ-উদ্দীপনাৰে পৰম্পৰা ৰক্ষা কৰি গৰু বিহু উদযাপন কৰিছে অসমবাসীয়ে । ৰঙালীৰ এই পাৰভঙা আনন্দ-উল্লাসৰ মাজতে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী ক'ৰণাৰ দ্বিতীয় ঢৌৱে । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ৫৯০ গৰাকী ক'ভিড-19 আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ২৪৯ গৰাকী লোক। আনহাতে ডিব্ৰুগড়ত ৭৪ গৰাকী, কামৰূপ গ্ৰাম্যত ৪৮ গৰাকী, যোৰহাট জিলাত ২৫ গৰাকী আৰু বৰপেটাত ১৮ গৰাকী লোক ক'ৰণাত আক্ৰান্ত হয়।

ইফালে ৰাজ্যত অব্যাহত আছে ক'ৰণাৰ ভেকচিন প্ৰদানৰ কাৰ্যসূচী। ১৩ এপ্ৰিললৈ ৰাজ্যখনৰ ১৫, ৪৩, ৬৬৪ গৰাকী লোকক ক'ভিডৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ১২,৭১,৪১৪ গৰাকীক ভেকচিনৰ প্ৰথম পালি আৰু ২,৭২,২৫০ গৰাকীক দ্বিতীয় পালি প্ৰদান কৰা হয় । আনহাতে ৰাজ্যত ক'ৰণাৰ দ্বিতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাও দ্ৰুতগতিত বৃদ্ধি কৰা হৈছে । ১৩ এপ্ৰিলৰ দিনটোত ৰাজ্যত ৫৯,৩১০ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হয় আৰু ইয়াৰ ভিতৰত ৫৯০ গৰাকী ক'ভিড পজিটিভ হয় । মঙলবাৰৰ দিনটোত ক'ভিড পজিটিভৰ হাৰ আছিল ০.৯৯ শতাংশ । আনহাতে ক'ভিডত মঙলবাৰে মৃত্যু হয় এজন লোকৰ। এতিয়ালৈকে ক'ভিডত ১,১১৯ গৰাকী লোকৰ মৃত্যু হৈছে । সেই হিচাপত মৃত্যুৰ হাৰ ০.৫১ শতাংশ। আনহাতে ক'ৰনাত আক্ৰান্ত হৈ অন্য কাৰণত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১,৩৪৭ গৰাকী । বৰ্তমানলৈ ৰাজ্যখনত ৭৬,৮৩,৪৮৩ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছে আৰু ইয়াৰ ভিতৰত মুঠ ২,২১,৪৮৩ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে। এতিয়ালৈকে ২,১৬,০৯৩ গৰাকী ক'ভিড ৰোগী সুস্থ হৈছে আৰু সুস্থ হোৱাৰ হাৰ ৯৭.৫৭ শতাংশ।
মঙলবাৰলৈ ৰাজ্যত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ২,৯৪২ গৰাকী। উল্লেখ যে, ২০২০ চনৰ ৩১ মাৰ্চত অসমত প্ৰথম ক'ভিড ৰোগী ধৰা পৰিছিল। বিগত বৰ্ষৰ শেষৰ ফালে ক'ভিডৰ সংক্ৰমণ ক্ৰমাৎ হ্ৰাস পাইছিল যদিও বিধানসভা নিৰ্বাচনৰ পাছৰ পৰা পুনৰ বৃদ্ধি পাব ধৰিছে। বৰ্তমান দৈনিক শ শ লোক ক'ৰণাত আক্ৰান্ত হৈছে । ক'ৰণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে শেহতীয়াকৈ কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । বিশেষকৈ ক'ৰণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে বিছনাৰ সংখ্যা বৃদ্ধি কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে গুৱাহাটীৰ কালাপাহাৰত থকা ক'ভিড চেন্টাৰত ১২৬ খন বিছনা, মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ৬৪ খন বিছনা থকাৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো ৫৫৫ খন বিছনা ক'ৰণা আক্ৰান্ত ৰোগীৰ বাবে সুকীয়াকৈ ৰখা হৈছে। মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালতো ক'ভিড ৰোগীৰ বাবে বিছনাৰ সংখ্যা বৃদ্ধি কৰাৰ ব্যৱস্থা আছে। আনহাতে সোনাপুৰ হাস্পতালতো ক'ভিড ৰোগীৰ বাবে শতাধিক বিচনাৰ ব্যৱস্থা আছে। বৰ্তমান সময়ত কালাপাহাৰত থকা ক'ভিড চেন্টাৰ আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত সৰ্বাধিক ৰোগী আছে। ইফালে ক'ৰণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা যাত্রীৰ ক'ৰণা পৰীক্ষা বাধ্যতামূলক কৰিছে । তদুপৰি জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা। চৰকাৰে ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ৰাইজক সজাগ-সচেতন হৈ থকাৰ বাবে আহ্বান জনাইছে।
লগতে পঢ়কঃ ইটিভি ভাৰতৰ হায়দৰাবাদস্থিত মুখ্যকাৰ্যালয়ত ৰঙালীৰ উছাহ