ETV Bharat / state

বৃহস্পতিবাৰে ঘোষণা হ’ব ক’ভিডৰ নতুন এছ অ’ পি : কেশৱ মহন্ত - Widely covid infection in Guwahati

অসমত দুজন লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণ । অৱশ্যে ইতিমধ্যে অ'মিক্ৰণত আক্ৰান্ত হোৱা দুয়োজনৰে ক'ভিড ৰিপ'ৰ্ট নিগেটিভ হৈছে । ৰাজ্যৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰে আলোচনাৰ অন্তত হ'ব চূড়ান্ত সিদ্ধান্ত । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত বৰ্তমান ৮,৫৩৯ খন বিছনা সাজু কৰি ৰখা হৈছে । প্ৰয়োজন হ'লে ২৫ হাজাৰ বিছনা সাজু কৰাৰ ব্যৱস্থা আছে ।

Covid cases increase in Assam
পহিলা জানুৱাৰীৰ পৰা ক’ভিড সংক্ৰমণৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে : কেশৱ মহন্ত
author img

By

Published : Jan 5, 2022, 10:01 PM IST

গুৱাহাটী, ৫ জানুৱাৰী : অসমত দুজন লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ উপস্থিতি । ইয়াৰে এজন ১৩ বছৰীয়া কিশোৰ । মেঘালয়ত চিনাক্ত হোৱা সোণাপুৰৰ কিশোৰজন ৰোহন দাস । অ'মিক্ৰণত আক্ৰান্ত হোৱা আনজন লোক হৈছে ৩৫ বছৰীয়া হোজাইৰ মহম্মদ মামুদ হুছেইন । চৌদি আৰবৰ পৰা অহা মামুদ হুছেইনৰ নমুনাত বুধবাৰে ধৰা পৰে অ'মিক্ৰণ । যোৰহাটৰ নেষ্টৰ পৰীক্ষাগাৰত তেওঁৰ অ'মিক্ৰণ ধৰা পৰে ।

অৱশ্যে ইতিমধ্যে অ'মিক্ৰণত আক্ৰান্ত হোৱা দুয়োজনৰে ক'ভিড ৰিপ'ৰ্ট নিগেটিভ হৈছে । বুধবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ গুৱাহাটীস্থিত কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Health minister Keshab Mahanta) । তেওঁ কয় যে, মেঘালয়ত চিনাক্ত হোৱা ৰোহন দাসৰ ক'ভিড ৰিপ'ৰ্ট নিগেটিভ হৈছে আৰু তেওঁৰ পিতৃ-মাতৃৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকক চিনাক্ত কৰি যাৱতীয় পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে ।

উল্লেখ যে, কিশোৰ ৰোহন দাস এতিয়াও পলাতক অৱস্থাত আছে । কিশোৰজনৰ সন্ধানত আছে আৰক্ষী-প্ৰশাসন আৰু স্বাস্থ্য বিভাগ । ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতিত উদ্বিগ্নতা প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে (Assam health minister pandemic on covid situation) কয় যে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰে আলোচনাৰ অন্তত এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক : Omicron case in Assam : সোণাপুৰত সন্ধান পোৱা গ'ল মেঘালয়ত চিনাক্ত হোৱা অ'মিক্ৰণ আক্ৰান্তৰ

তেওঁ কয় যে, পহিলা জানুৱাৰীৰ পৰা সংক্ৰমণৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে । গুৱাহাটীত সংক্ৰমণৰ হাৰ সৰ্বাধিক (Covid cases increase in Guwahati) । বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ৫০০ ৰো অধিক লোক ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত ২৫০ ৰো বেছি গুৱাহাটী মহানগৰীৰ (Widely covid infection in Guwahati)।

তেওঁ কয় যে, ১২ ডিচেম্বৰৰ পৰা কলকাতাৰ কল্যাণী পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা ক'ভিড পজিটিভৰ ১,৫৯৮ টা নমুনাৰ ভিতৰত ১,৪৩৮ টাৰ ৰিপ'ৰ্ট আহিছে আৰু সকলো ডেল্টা ভেৰিয়েণ্ট । আনহাতে, পহিলা ডিচেম্বৰৰ পৰা ৪ জানুৱাৰীলৈ বিদেশ ভ্ৰমণ কৰি অহা ৩,১৯৮ গৰাকী লোকৰ ভিতৰত ৬২ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে । ইয়াৰে চৌদি আৰৱৰ পৰা অহা এজনৰ দেহত অ'মিক্ৰণ ধৰা পৰে ।

সংবাদমেলত, ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ কয় যে, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত বৰ্তমান ৮,৫৩৯ খন বিছনা সাজু কৰি ৰখা হৈছে । প্ৰয়োজন হ'লে ২৫ হাজাৰ বিছনা সাজু কৰাৰ ব্যৱস্থা আছে ।

গুৱাহাটী মহানগৰীত জি এম চি এইচৰ অধীনত ১,৫০৩ খন বিছনা সাজু হৈ আছে । আনহাতে, ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়াও পূৰ্ণ গতিত চলি আছে । এতিয়ালৈকে ২,২১,৩৫,৯৭২ গৰাকী লোকক প্ৰথম পালি আৰু ১,৬১,৩২,২১০ গৰাকী লোকক দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে ৰাইজক সজাগ-সচেতন হৈ থকাৰ বাবে আহ্বান জনাই ক'ভিড বিধিসমূহ মানি চলাৰ বাবে অনুৰোধ কৰে । চৰকাৰে লক ডাউন দিয়াৰ পক্ষত নাই যদিও পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত ল'ব লগীয়া হ'ব পাৰে বুলি সংবাদমেলত তেওঁ সদৰি কৰে ।

লগতে পঢ়ক : লক্ ডাউন নহয় অসমত; ক’লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.