ETV Bharat / state

Wooden bridge in Guwahati : ছয়মাইল উৰণীয়া সেতুৰ ওপৰতে নিৰ্মাণ কাঠৰ দলং - উৰণীয়া সেতুৰ ওপৰতে নিৰ্মাণ

ছয়মাইলৰ উৰণীয়া সেতুত যিকোনো মূহুৰ্ততে সংঘটিত হ’ব পাৰে অঘটন ৷ কিয়নো ছয়মাইলৰ উৰণীয়া সেতুৰ পকী দলঙৰ ওপৰত এতিয়া লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিছে কাঠৰ দলং (Construction of wooden bridge over Sixmile Flyover) ৷ জানিব পৰা মতে, পকী দলঙত মেলা ফাঁট (Poor condition of Sixmile Flyover) ঢাকিবৰ বাবেই এই কাম হাতত লৈ বিভাগীয় কৰ্তৃপক্ষই ৷ যাক লৈ এতিয়া উত্থাপন হৈছে ভিন্ন প্ৰশ্নৰ ৷

Wooden bridge in Guwahati
লোক নিৰ্মাণ বিভাগৰ আজব কাণ্ড
author img

By

Published : Feb 25, 2023, 9:16 PM IST

লোক নিৰ্মাণ বিভাগৰ আজব কাণ্ড

গুৱাহাটী ২৫ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীত ৰাজ্য চৰকাৰে শেহতীয়াকৈ নিৰ্মাণ কৰিছে কেইবাখনো উৰণীয়া সেতু আৰু পদসেতু । লোক নির্মাণ বিভাগে কোটি কোটি টকাৰে নিৰ্মাণ কৰা সেতুসমূহ ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে । কিন্তু এইবাৰ লোক নিৰ্মাণ বিভাগৰ আজব কাণ্ড ।

কাঠেৰে ঢাকিছে কংক্ৰিটৰ সেতুৰ বৃহৎ ফাট । লোক নির্মাণ বিভাগে এখন উৰণীয়া সেতুৰ ওপৰতে নিৰ্মাণ কৰিছে আন কেইবাখনো কাঠৰ দলং। তথ্য অনুসৰি, ছয়মাইল উৰণীয়া সেতুৰ ওপৰত নিৰ্মাণ চলিছে এনে চাৰিখনকৈ কাঠৰ দলঙৰ কাম (Construction of wooden bridge over Sixmile Flyover)।

উল্লেখ্য যে, ২০০৯ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত নিৰ্মাণ কৰা হৈছিল ছয়মাইল উৰণীয়া সেতুখন । প্ৰায় ৪০ কোটি টকা ব্যয় সাপেক্ষে ছিনটেক্স নামৰ নির্মাণকাৰী প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰিছিল উৰণীয়া সেতুখন । কিন্তু মুকলিৰ প্ৰায় দহ বছৰ পিচতে নির্মাণৰ সময়ত ৰৈ যোৱা বিভিন্ন ক্ৰটি বাবে সেতুখনৰ কেবা স্থানটো বৃহৎ ফাট মেলা পৰিলক্ষিত হৈছিল (Poor condition of Sixmile Flyover)। ফলত সম্ভাব্য দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি লোক নির্মাণ বিভাগে উৰণীয়া সেতুখনৰ ওপৰতে নিৰ্মাণ কৰিছে কাঠৰ দলং কেইখন ।

লগতে পঢ়ক : Missing student rescued: মৰিয়নিত উদ্ধাৰ কটনৰ সন্ধানহীন ছাত্ৰ সূৰ্য নাৰায়ণ দাস

কিন্তু বৰ্তমান পকী উৰণীয়া সেতুৰ ওপৰত নিৰ্মাণ কৰা এই কাঠৰ দলংকেইখন (Wooden bridge in Guwahati) অধিক বিপদজ্জনকহে হৈ পৰিছে । কাৰণ দলংকেইখনৰ মাজভাগত দিয়া হোৱা নাই স্থায়ী ৰেলিং । ফলত দলং কেইখনেৰে যান-বাহনৰ অহা যোৱা আৰম্ভ হোৱাৰ পিচত অঘটন সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে ।

উল্লেখযোগ্য যে, বিগত সময়ত এই ছয়মাইল উৰণীয়া সেতুখনত কেইবাটাও সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছিল । ইয়াৰ লগতে বিভিন্ন স্থানত ৰেলিং ভাঙি দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছিল । এনে অৱস্থাত পকী উৰণীয়া সেতুৰ ওপৰত নিৰ্মাণ কৰা চাৰিখন কাঠৰ দলক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (People reaction about Sixmile Wooden bridge) ।

উৰণীয়া সেতুখনৰ ওপৰত সৃষ্টি হোৱা ফাঁটবোৰ ঢাকিবৰ বাবে লোক নির্মাণ বিভাগে কাঠৰ দলং নিৰ্মাণৰ কৰা দেখি সকলোৰে এটা বাক্যশাৰী মনলৈ আহিছে ‘‘ঘৰৰ ওপৰত ঘৰ, তাতে পৰি পৰি মৰ’’ ৷

লগতে পঢ়ক : Scam in Majuli Panchayat: মাজুলীৰ পঞ্চায়তত পৰ্বতসম কেলেংকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.