ETV Bharat / state

বিজেপি মিত্ৰজোঁটতকৈ অধিক ভোট লাভ কংগ্ৰেছ মহাজোঁটৰ - ভাৰতীয় জনতা পাৰ্টী

বিজেপিৰ নেতৃত্বত গঠন হোৱা মিত্ৰজোঁট ক্ৰমে বিজেপি+অগপ+ইউপিপিএলে লাভ কৰা ভোটৰ শতাংশ যদি যোগ কৰা হয়, তেন্তে বিজেপি মিত্ৰজোঁটে 42.62 শতাংশ ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে ৷ সমান্তৰালভাৱে যদি আমি কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটে লাভ কৰা ভোটৰ শতাংশ যোগ কৰো তেনেহ’লে কংগ্ৰেছ+এআইইউডিএফ+বিপিএফ+চিপিএম+চিপিআই+চিপিআইএমএল+আৰজেডিয়ে সৰ্বমুঠ 43.54 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয় ৷ এই সমগ্ৰ পৰিসংখ্যাৰ দিশটো যদি পৰ্যালোচনা কৰা হয় তেন্তে দেখা যায় যে, যদিও বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটকহে অধিক সংখ্যক লোকে সমৰ্থন আগবঢ়াইছে ৷

কংগ্ৰেছ মহাজোঁটে বিজেপি মিত্ৰজোঁটতকৈ অধিক ভোট লাভ কৰিছে

author img

By

Published : May 6, 2021, 9:48 PM IST

গুৱাহাটী,6 মে’: সদ্য সমাপ্ত 2021 ৰ অসম বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত গঠন হোৱা মিত্ৰজোঁটে বিজয় লাভ কৰি শাসনৰ বাঘজৰী নিজৰ দখললৈ আনিলে যদিও কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটে বিগত 2016 চনৰ বিধানসভা নিৰ্বাচনতকৈ ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে ৷ 2021 চনৰ বিধানসভা নিৰ্বাচনত 126 খন আসনৰ বাবে ৰাজ্যত 2,33,74,078 গৰাকী ভোটাৰ আছিল ৷ তাৰে ভিতৰত 1,91,76,846 গৰাকী ভোটাৰে ভোটদান কৰিছিল ৷ যাৰ ফলত ৰাজ্যখনত তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত সৰ্বমুঠ 82.04 শতাংশ ভোটাৰে ভোটদান কৰিছিল ৷

উল্লেখযোগ্য যে, এইবাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে 60 খন আসন লাভ কৰিছিল ৷ একেদৰে অসম গণ পৰিষদে 9 খন আসন লাভ কৰাৰ বিপৰীতে নতুনকৈ গঠন হোৱা ইউপিপিএলে 6 খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ যাৰ ফলত বিজেপি মিত্ৰজোঁটে সৰ্বমুঠ 75 খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে কংগ্ৰেছে 29 খন আসন, এআইইউডিএফে 16 খন, বিপিএফে এখন লাভ কৰাৰ বিপৰীতে চিপিআইএমে এখন আসন লাভ কৰি মুঠতে কংগ্ৰেছ মহাজোঁটে 50 খন আসন লাভ কৰিবলৈ সক্ষম হয় ৷

সেই অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে 33.21 শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 29.67 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে ৷ একেদৰে অসম গণ পৰিষদে 9.91 শতাংশ, এআইইউডিএফে 9.29 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে কংগ্ৰেছৰ লগত থকা মহাজোঁটৰ অংশীদাৰ বিপিএফে 3.39 শতাংশ, চিপিআই 0.14 শতাংশ লাভ কৰাৰ বিপৰীতে চিপিআই এমএলে 0.84 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে অল ইণ্ডিয়া ফৰ্ৱাৰড ব্লকে 0.02 শতাংশ, তৃণমূল কংগ্ৰেছে 0.19 শতাংশ, জেডিইউ 0.11 শতাংশ, এলজেপিয়ে 0.04 শতাংশ আৰু এনচিপিয়ে 0.4 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয় ৷

মন কৰিবলগীয়া যে, বিজেপিৰ নেতৃত্বত মিত্ৰজোঁট ক্ৰমে, বিজেপি+অগপ+ ইউপিপিএলে লাভ কৰা ভোটৰ শতাংশ যদি যোগ কৰা হয় তেন্তে সৰ্বমুঠ বিজেপি মিত্ৰজোঁটে 42.62 শতাংশ ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে ৷ তাৰ সমান্তৰালভাৱে যদি আমি কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটে লাভ কৰা ভোটৰ শতাংশ যদি যোগ কৰো, তেনেহ’লে কংগ্ৰেছ+এআইইউডিএফ+বিপিএফ+চিপিএম+চিপিআই+চিপিআইএমএল+আৰজেডিয়ে সৰ্বমুঠ 43.54 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয় ৷ এই সমগ্ৰ পৰিসংখ্যাৰ দিশটো যদি পৰ্যালোচনা কৰা হয় তেন্তে দেখা যায় যে, যদিও বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে কিন্তু কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটকহে অধিসংখ্যক লোকে সমৰ্থন আগবঢ়াইছে ৷

উল্লেখযোগ্য যে, এই পৰ্যন্ত নিৰ্বাচন আয়োগে নিৰ্দলীয় আৰু যিসমূহ পাৰ্টীৰ পঞ্জীয়ন হোৱা নাই, সেইসমূহ দলে বা প্ৰাৰ্থী লাভ কৰা ভোটৰ শতকৰা হাৰ ঘোষণা কৰা নাই যদিও তেওঁলোকে লাভ কৰা ভোটৰ হাৰ আনুমানিক প্ৰায় 13 শতাংশ হ’ব বুলি ধাৰণা কৰা হৈছে ৷

সেয়া যিয়ে নহওঁক কিয় বিজেপি নেতৃত্বত গঠন হোৱা মিত্ৰজোঁটে 126 খন আসনৰ 75 খন আসন লাভ কৰি এতিয়া ৰাজ্যত চৰকাৰ গঠন কৰাৰ বাবে সাজু হৈছে ৷

লগতে পঢ়কঃ চাৰিমহীয়া সন্তানক বুকুত গুজি পদুলি মুখত অপহৃত ৰিতুল শইকীয়াৰ পত্নী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.