ETV Bharat / state

CAG report on Assam budget : কেগৰ প্ৰতিবেদন সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া - কেগৰ প্ৰতিবেদন সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

ৰাজ্য চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেট সন্দৰ্ভত কেগৰ প্ৰতিবেদনক লৈ কংগ্ৰেছ দলৰ সংবাদমেল (Congress reacts over CAG report)। ২০২১-২২ বৰ্ষৰ বাজেটখন অবাস্তৱ বুলি কংগ্ৰেছে পূৰ্বেই কৈছিল । কংগ্ৰেছৰ কথাই কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে বুলি নেতা ভৰত নৰহে উল্লেখ কৰিছে ।

CAG report on Assam budget
কেগৰ প্ৰতিবেদন সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া
author img

By

Published : Apr 10, 2023, 9:21 PM IST

কেগৰ প্ৰতিবেদন সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,১০ এপ্ৰিল : ৰাজ্য চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেটখন যে অবাস্তৱ এখন‌ বাজেট আছিল সেয়া কংগ্ৰেছ দলে সেই সময়তে কৈছিল । পাছত এই কথা কেগৰ শেহতীয়া প্ৰতিবেদনত প্ৰতিফলিত হৈছে (Congress reacts over CAG report)। সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ভৰত চন্দ্ৰ নৰহে এই কথা সদৰি কৰে । তেওঁ কয় যে, যোৱা ৬ এপ্ৰিলত কেগৰ প্ৰতিবেদনত ৰাজ্য চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেটখনৰ সন্দৰ্ভত কেতবোৰ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে ।

কেগৰ প্ৰতিবেদন মতে ২০২১-২২ বৰ্ষৰ বাজেটখন অবাস্তৱ বাজেট আছিল । লগতে অনুমান আৰু ধাৰণাৰ ওপৰত ভিত্তি কৰি বাজেটখন‌ প্ৰস্তত কৰা হৈছিল । তেওঁ কয় যে, এই কথা সেই সময়ত বাজেটখন সন্দৰ্ভত কংগ্ৰেছ দলে সমালোচনা কৰি‌ কৈছিল (Congress reacts on Assam budget)। সেই সময়ত বাজেটখন সন্দৰ্ভত কংগ্ৰেছ দলে যিবোৰ সমালোচনা কৰি‌ছিল সেই কথাবোৰে কেগৰ প্ৰতিবেদনত প্ৰতিফলিত হৈছে । কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ভৰত চন্দ্ৰ নৰহে কেগৰ প্ৰতিবেদনৰ তথ্য উল্লেখ কৰি কয় যে, বকেয়া ঋণ ২০১৭-১৮ বৰ্ষৰ ৪৯,২৭৪.৮৮ কোটি টকাৰ পৰা ২০২১-২২ বৰ্ষত ৯৯,৯১৮.৫৪ কোটি টকালৈ দ্রুতগতিত বৃদ্ধি পাইছে ।

আনহাতে, মুকলি বজাৰৰ পৰা অধিক ঋণ লোৱাৰ বাবে ঋণ আৰু মুঠ বাৰ্ষিক ঘৰুৱা উৎপাদনৰ অনুপাত ২০১৭-১৮ বৰ্ষত ১৭.৪০ শতাংশৰ পৰা ২০২১-২২ বৰ্ষত ২৩.০৩ শতাংশ লৈ বৃদ্ধি পাইছে । প্রতিবেদনত আৰু উল্লেখ আছে যে ২০২১-২২ বৰ্ষত বিভিন্ন কেন্দ্রীয় আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে স্থানীয় সংস্থা বা ব্যক্তিগত প্রতিষ্ঠানসমূহক প্ৰদান কৰা অনুদানৰ ফলত ৬,১৬৮.৫৯ কোটি টকাৰ শ্ৰেণী বিভাজন ভুল হৈছিল । ফলত ৰাজহ ব্যয়ৰ পৰিৱৰ্তে মূলধনী ব্যয় অতিৰিক্তভাৱে দেখুওৱা হৈছিল । কেগৰ প্রতিবেদনত উল্লেখ থকা অনুসৰি ২০২১-২২ বৰ্ষত ৰাজ্য চৰকাৰৰ বাজেটীয় ধাৰণাবোৰ অবাস্তৱ আৰু অতিৰিক্তভাৱে প্রাক কলন হৈ আহিছিল ।

কেগৰ হিচাপ পৰীক্ষা অনুসৰি ২০০১-২০০২ ৰ পৰা ২০২০-২১ লৈ ৰাজ্য চৰকাৰৰ ৫২ টা বিভাগলৈ আগবঢ়োৱা ৩৬,৬৮৭.৮৪ কোটি টকাৰ ১৩,৬৮২ খন ব্যৱহাৰিক প্রমাণ-পত্র দাখিল কৰা হোৱা নাছিল । ব্যৱহাৰিক প্ৰমাণ-পত্ৰ নথকাৰ ফলত যি উদ্দেশ্যত অনুদান দিয়া হৈছিল প্রাপকে সেই উদ্দেশ্যত ব্যৱহাৰ কৰিছিল নে নাই, লক্ষ্য নিৰ্দ্ধাৰিত সম্পদ সৃষ্টি কৰিব পাৰিছিল নে নাই সেইটো নিশ্চিত কৰিব পৰা নগ'ল ।

২০২২ চনৰ ৩১ মার্চ পর্যন্ত স্বায়ত্তশাসিত পৰিষদ, উন্নয়ন পৰিষদ, চৰকাৰী সংস্থাৰ ৭১১ টা বাৰ্ষিক হিচাপ আৰু ৪০ টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ বাৰ্ষিক হিচাপ কেগৰ ওচৰত দাখিল কৰিব লাগিছিল । কিন্তু হিচাপ দাখিলত পলম হোৱাৰ ফলত ৰাজ্যৰ লেনদেনৰ মাহেকীয়া ৫১ হেজাৰ কোটি হিচাপত আসোঁৱাহ ওলায় আৰু এই কার্যই ফলপ্রসূ বাজেট ব্যৱস্থাপনাত প্রভাৱ পেলায় । কেগে তেওঁলোকৰ প্রতিবেদনত কেতবোৰ পৰামৰ্শও চৰকাৰলৈ আগবঢ়াইছে বুলি ভৰত চন্দ্ৰ নৰহে কয় (Bharat Narah reaction on CAG report)।

পৰামৰ্শাৱলীৰ ভিতৰত আছে ৰাজ্য চৰকাৰে সময় মতে সুদৰ দায়বদ্ধতা পালন কৰাৰ কথা বিবেচনা কৰিব লাগে । বিত্তীয় ঘাটি হ্রাস কৰিবলৈ আৰু এফ আৰ বি এম আইন-২০১১ৰ অধীনত লক্ষ্য প্ৰাপ্তিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'ব পাৰে । ৰাজ্য চৰকাৰে লোকচান হোৱা ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ কার্যকলাপৰ পর্যালোচনা কৰা উচিত । ৰাজ্য চৰকাৰে নিজস্ব ৰাজহ বৃদ্ধি কৰিবলৈ আৰু ৰাজহ ব্যয় হ্রাস কৰাৰ বাবে প্ৰচেষ্টা ল'ব পাৰে ।

কেগৰ অন্যতম পৰামৰ্শৰ ভিতৰত আছে ৰাজ্য চৰকাৰে সম্ভাব্য সম্পদ সংগ্ৰহৰ নিৰ্ভৰযোগ্য ধাৰণা, বিভাগসমূহৰ প্ৰয়োজনীয়তা আৰু আবণ্টিত সম্পদসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰৰ সামর্থৰ ওপৰত ভিত্তি কৰি এক বাস্তৱিক বাজেট প্রস্তুত কৰিব পাৰে । চৰকাৰী লেনদেনৰ হিচাপত স্বচ্ছতা আৰু শুদ্ধতা প্রমাণ কৰিবলৈ আভ্যন্তৰীণ নিয়ন্ত্রণ প্রণালী শক্তিশালী কৰা প্রয়োজন বুলিও কেগে ৰাজ্য চৰকাৰক পৰামৰ্শ দিছে ।

লগতে পঢ়ক :Conference of Patiri Doley: কাৰেং চাপৰিত পাতিৰি দলে বংশৰ চতুৰ্থ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনৰ সামৰণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.