গুৱাহাটী,২০ মাৰ্চঃ পাঁচটা গেৰাণ্টিলৈ নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হোৱা কংগ্ৰেছ দলে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মুকলি কৰে দলৰ নিৰ্বাচনী ইস্তাহাৰ । কংগ্ৰেছে দলীয় ইস্তাহাৰখনক 'ৰাইজৰ ইস্তাহাৰ' আখ্যা দিছে ।
ইস্তাহাৰত আৰম্ভণিতে কংগ্ৰেছৰ পাঁচটা গেৰাণ্টি 'কা' বাতিল, ৫লাখ চৰকাৰী চাকৰি, মাহে ২০০ ইউনিট বিজুলী বিনামূল্যে, চাহ শ্ৰমিকৰ মজুৰি ৩৬৫ টকা আৰু গৃহিণীলৈ মাহে ২০০০ টকা দিয়াৰ কথা উল্লেখ কৰা হৈছে । তদুপৰি ২০০১ চনৰ পৰা ২০১৬ চনলৈ কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসন কালৰ বহু বিষয় উল্লেখ কৰা হৈছে ইস্তাহাৰত । অসমৰ বিদেশী সমস্যাৰ সমাধানকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্রত যাৱতীয় পদক্ষেপ গ্ৰহণৰ কথা ইস্তাহাৰত কোৱা হৈছে । সেইদৰে গ্ৰাম্য অৰ্থনীতিৰ বিকাশেৰে গ্ৰাম্য জীৱনৰ মান অধিক উন্নত কৰাৰ সংকল্প, ক'ৰণা কালত ক্ষতিগ্ৰস্ত হোৱাসকলক সকাহ দিয়া, উদ্যোগ আৰু বাণিজ্যখণ্ডৰ বিকাশেৰে নতুন দিগন্তৰ সূচনা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিত সৰ্বাধিক গুৰুত্ব, মূল্যবৃদ্ধি ৰোধ, কৃষক আৰু কৃষখণ্ডৰ উন্নতি সাধনেৰে অৰ্থনৈতিক ৰূপান্তৰৰ সপোন, মীনপালন-পশুপালন আৰু দুগ্ধ উৎপাদনেৰে স্ব-নিয়োজনৰ পৰিকল্পনা, হস্ততাঁত আৰু বস্ত্র শিল্পৰ উন্নয়ন, সংগঠিত আৰু অসংগঠিত খণ্ডত কৰ্মৰতসকলৰ সুৰক্ষা সুনিশ্চিত কৰা, ৰাজ্যৰ আন্তঃগাঠনি নিৰ্মাণত যথোপযুক্ত গুৰুত্ব, সীমা বিবাদ নিষ্পত্তি, ভূমি সংস্কাৰ, গৃহ আৰু প্ৰশাসনীয় সংস্কাৰ সাধন, ৰাজ্যিক কৰ্মচাৰীৰ কল্যান সাধন, পৰ্যটন খণ্ডৰ বিকাশেৰে অৰ্থনৈতিক ভেটি সুদৃঢ় কৰা, ব্যাপক সংস্কাৰেৰে শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তন, স্বাস্থ্যখণ্ডৰ অধিক উন্নয়নৰ বাবে দায়বদ্ধতা, বান আৰু খহনীয়া নিয়ন্ত্রণৰ বাবে বিজ্ঞানসন্মত বাস্তৱিক পদক্ষেপ গ্ৰহণ, বিদ্যুতীকৰণৰ সম্প্ৰসাৰণ, মহিলা কল্যাণ-মহিলাৰ সুৰক্ষা আৰু সবলীকৰণত গুৰুত্ব আৰোপ, বিশুদ্ধ খোৱাপানী যোগান, বয়োজ্যেষ্ঠ-মুক্তিযুদ্ধা আৰু শ্বহীদ পৰিয়ালৰ কল্যান সাধন, চাহ শ্ৰমিকৰ সামগ্ৰিক বিকাশ আৰু ক্ষুদ্ৰ চাহ খেতিয়কক সকাহ দিয়াৰ লক্ষ্য, বৰাক উপত্যকাৰ উন্নয়ন, সংখ্যালঘু-অনুসূচিত জাতি আৰু জনজাতিৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যান সাধন, পাৰ্বত্য জিলাৰ উন্নয়ন, বিটিচিৰ উন্নয়ন, অসমৰ বৰ্ণাঢ্য কলা-সংস্কৃতিৰ বিকাশ আৰু সংৰক্ষণ, ক্ৰীড়া ক্ষেত্রৰ উন্নয়ন, আধুনিক গুৱাহাটী নিৰ্মাণ আৰু পৰিবহণ ব্যৱস্থা অধিক সুচল কৰা আদি বিষয়ত সবিশেষ কৰ্মসূচী ইস্তাহাৰত সন্নিবিষ্ট কৰা হৈছে। সকলো বিষয়ৰ ৰূপৰেখা দাঙি ধৰা হৈছে ইস্তাহাৰত। কংগ্ৰেছৰ চৰকাৰ হ'লে চৰকাৰী বাছত মহিলাৰ যাতায়ত বিনামূলীয়া হ'ব, কৃষকৰ ঋণ মাফ হ'ব, কাগজ কল দুটা কাৰ্যক্ষম হ'ব, ভূমিহীনে পট্টা পাব, ধৰ্মীয় অনুষ্ঠানে পাব আৰ্থিক অনুদান, প্ৰতিখন জিলাত একোখনকৈ গো-শালা হ'ব, সাংবাদিকৰ বাবে বঁটা, প্ৰতি কুইণ্টল ধানৰ নুন্যতম সমৰ্থিত মূল্য হ'ব ২৫০০ টকা, শ্বহীদ পৰিয়ালক পেন্সন প্ৰদান কৰা হ'ব, প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত এটি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব, চেনি আৰু কেৰাচিন পুনৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে সুলভ মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা হ'ব। বহু বিষয় সামৰি ইস্তাহাৰত ঘোষণা কৰা হৈছে। উল্লেখ্য যে, সাংসদ গৌৰৱ গগৈৰ অধ্যক্ষতাত ৩৫ জনীয়া নিৰ্বাচনী ইস্তাহাৰ কমিটীৰ দ্বাৰা ২০২১ৰ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰা হৈছে ।
লগতে পঢ়ক: মৰাণৰ বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ