গুৱাহাটী, 17 আগষ্টঃ ৰাজীৱ ভৱনত কুটুমৰ বিৰুদ্ধে কুটুমৰ যুঁজ৷ এককথাত গৃহকন্দলে জুৰুলা কৰিছে প্ৰদেশ কংগ্ৰেছৰ বৰঘৰক ৷ বিগত কিছুদিন ধৰি নিজ দলৰ কৰ্মীৰ মাজতে চলি থকা ক্ষমতাকেন্দ্ৰিক বাকবিতণ্ডাত প্ৰায় বিধ্বস্ত হৈ পৰিছে ৰাজীৱ ভৱনৰ ভিতৰচ’ৰা ৷
সোমবাৰে ৰাজীৱ ভৱনৰ এই গৃহ কন্দলে চূড়ান্ত ৰূপ পালে ৷ পাক ঘৰৰ কাজিয়াৰ স্থান এইবাৰ হ’ল ৰাজপথ৷ বিবাদৰ বিষয়- কংগ্ৰেছ নেতা দুলু আহমেদ বনাম একালৰ কংগ্ৰেছৰ প্ৰতাপী মন্ত্ৰী তথা বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইন ৷
কংগ্ৰেছ নেতা দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰ দাবীত সোমবাৰে দুলু আহমেদৰ সমৰ্থকসকলে ৰাজীৱ ভৱনত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ উল্লেখ্য যে, বিগত প্ৰায় এবছৰে নিলম্বন হৈ আছে প্ৰদেশ কংগ্ৰেছৰ নেতা দুলু আহমেদ৷ আহমেদৰ সমৰ্থকসকলৰ অভিযোগ একাংশ অসম কংগ্ৰেছৰ দলৰ শীৰ্ষ নেতাৰ চক্ৰান্ততে দলৰ পৰা নিলম্বন কৰা হৈছিল দুলু আহমেদক৷ সেয়েহে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক বিষয়টো পুনৰ বিবেচনা কৰি ২৪ ঘন্টাৰ ভিতৰত দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ দাবীত ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইফালে কংগ্ৰেছ দলৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীয়ে ৰাজীৱ ভৱনত প্ৰতিবাদ কৰিব লগা হোৱাটো দুখৰ বিষয় বুলি মন্তব্য কৰে একাংশ কংগ্ৰেছৰ সমৰ্থকে৷