গুৱাহাটী,31 অক্টোবৰ: মহাজোঁট গঠন কৰি 2021 ত বিজেপিক ভেটিবলৈ ওলোৱা কংগ্ৰেছ দলৰ আভ্যন্তৰত এতিয়া উদ্ভৱ হৈছে এক অৰাজক অৱস্থা । নেতৃত্বৰ নিৰ্দেশ মানি নচলাটোৱেই যেন এতিয়া প্ৰদেশ কংগ্ৰেছৰ নতুন নিয়ম ! যাৰ বাবে শেহতীয়াকৈ অসমৰ তত্বাৱধায়কৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কঠোৰ নিৰ্দেশনা জাৰি কৰি এইসকল শীৰ্ষ নেতাক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাবলগীয়া হৈছে ।
প্ৰদেশ কংগ্ৰেছৰ কোনো এজন নেতায়ো মুখ খুলি স্বীকাৰ কৰিব নুখুজিলেও এই কথা ইতিমধ্যে ৰাজ্যবাসীৰ আগত স্পষ্ট হৈ পৰিছে যে, বহুকেইটা শিবিৰত বিভক্ত হৈছে প্ৰদেশ কংগ্ৰেছ । সভাপতি ৰিপুণ বৰাৰ সমৰ্থকসকলৰ এটা শিবিৰ, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এটা শিবিৰ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এটা শিবিৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ এটা শিবিৰকে ধৰি প্ৰদেশ কংগ্ৰেছ এতিয়া বহুধা বিভক্ত । মূলতঃ এআইইউডিএফ-ৰে মিত্ৰতা কৰা-নকৰাক লৈ কংগ্ৰেছ দলৰ ভিচৰচ’ৰাত শিবিৰ বিভক্ত ৰাজনীতি শেহতীয়াকৈ দুগুণে বৃদ্ধি পাইছে । বিশেষকৈ উজনি অসমৰ কংগ্ৰেছ বিধায়কসকলৰ ভিতৰত অধিকাংশই বিচৰা নাই এই মিত্ৰতা । এইসকল বিধায়ক আছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু তৰুণ গগৈৰ শিবিৰত ।
![congress lobby politics guwahati assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9380676_image.jpg)
আনহাতে, এই মিত্ৰতাৰ পোষকতা কৰা সভাপতি ৰিপুণ বৰাৰ লগতো আছে নামনি আৰু মধ্য অসমৰ একাংশ নেতা আৰু বিধায়ক । ইপিনে, কংগ্ৰেছৰ প্ৰস্তাৱিত মহাজোঁটৰ চৰকাৰ যদিহে 2021 ত দিছপুৰত গঠন হয় তেন্তে মুখ্যমন্ত্ৰী পদত কোন অধিষ্ঠিত হ’ব তাকে লৈও কংগ্ৰেছৰ আভ্যন্তৰত শীতল যুদ্ধ আৰম্ভ হৈছে ।
লগতে চাওকঃ আনুষ্ঠানিকভাৱে মুখ্য সচিবৰ দায়িত্ব ল’লে জিষ্ণু বৰুৱাই