ETV Bharat / state

Assam Six Tribe: লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ‌ স্বীকৃতি প্ৰদান কৰাৰ দাবী কংগ্ৰেছৰ

author img

By

Published : Aug 1, 2023, 5:36 PM IST

6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত চন্দ্ৰ নৰহে ৷ এতিয়ালৈকে কেন্দ্ৰই জনজাতিৰ মৰ্যাদা প্ৰদান নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে বিধায়ক নৰহে ৷

Assam Six Tribe
Assam Six Tribe
৬ জনগোষ্ঠীক জনজাতিকৰণৰ‌ স্বীকৃতি প্ৰদান কৰাৰ দাবী কংগ্ৰেছৰ

গুৱাহাটী, 1 আগষ্ট: অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ‌ স্বীকৃতি প্ৰদান কৰাৰ দাবী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত চন্দ্ৰ নৰহৰ । গুৱাহাটীৰ ৰাজীৱ ভৱনত মঙলবাৰে সংবাদমেল সম্বোধন কৰি ভৰত চন্দ্ৰ নৰহে টাই আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোঁচ ৰাজবংশীসকলক শীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবী জনায় ।

তেওঁ কয় যে 2022-23 বৰ্ষত ভাৰত চৰকাৰে সংসদত উত্থাপন কৰা বিলত দেশৰ 18 টা জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰস্তাৱ গৃহীত হ'ল । কিন্তু সেই বিলত অসমৰ ৬ জনগোষ্ঠীৰ কথা উত্থাপন নহ'ল । আগন্তুক 2024 ৰ লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পূৰ্বে সংসদত অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন আৰু গৃহীত কৰাৰ বাবে তেওঁ বিজেপি চৰকাৰক দাবী জনায় ।

ভৰত চন্দ্ৰ নৰহে কয় যে ৰামেশ্বৰ তেলীৰ দৰে চাহ জনগোষ্ঠীৰ এজন কেন্দ্ৰীয় মন্ত্ৰী থকাৰ পিচতো অসমৰ 6 জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান নকৰিলে । 2014 চনতেই তেতিয়াৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে 6 জনগোষ্ঠীক জনজাতিকৰণ মর্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।

2016 চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰা ইস্তাহাৰতো অসমত চৰকাৰ গঠন কৰিলেই জনগোষ্ঠীকেইটাক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল । পিছে কেন্দ্ৰত 9 বছৰ আৰু অসমত বিজেপিয়ে চৰকাৰ গঠনৰ 7 বছৰ পাৰ হৈ গ’ল যদিও আজিকোপতি উক্ত জনগোষ্ঠীকেইটাক দিয়া প্ৰতিশ্ৰুতি পূর্ণ নকৰিলে ।

উল্লেখ্য যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত অসম চৰকাৰে গঠন কৰা মন্ত্ৰী পৰ্যায়ৰ কমিটী সন্দৰ্ভত কোনো কথা নাজানে কেন্দ্ৰীয় চৰকাৰে । এই কথা লোকসভাত খোদ প্ৰকাশ কৰিছে জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিশ্বেশ্বৰ টুডুৱে । ইয়াৰ পাচতেই সমগ্ৰ বিষয়টো অনিশ্চিয়তাত সুমাই পৰিছে ৷

লগতে পঢ়ক: ST status to six communities: ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অসম চৰকাৰৰ কমিটী সম্পৰ্কে জ্ঞাত নহয় কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.