ETV Bharat / state

অসমৰ মুখ্যমন্ত্ৰী পদক লৈ বিজেপিত মতান্তৰ ! - হিমন্ত বিশ্ব শৰ্মা

আশা কৰা ধৰনেই নিৰ্বাচনৰ ফলাফল পোহৰলৈ অহাৰ ছয় দিনৰ পিছতো শাসকীয় মিত্ৰশক্তিয়ে ঠিৰাং কৰিব পৰা‌ নাই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব কোন ! ক’ভিডকালীন এক জৰুৰী অৱস্থা চলি থকাৰ সময়ত এই কথা লক্ষণীয় বুলি বিবেচিত হৈছে। এই‌ পৰিস্থিতিয়ে পোহৰলৈ আনিছে অসমৰ মুখ্যমন্ত্ৰীক লৈ নতুন দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজত হোৱা সংঘাতৰ কথা ।‌

অসমৰ মুখ্যমন্ত্ৰী পদক লৈ বিজেপিত মতান্তৰ !

author img

By

Published : May 7, 2021, 7:26 PM IST

গুৱাহাটী, ৭মে: অসমৰ মুখ্যমন্ত্ৰীৰ আসনত কাক অধিস্থিত কৰা হয় তাক লৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজত আৰম্ভ হৈছে তীব্ৰ সংঘাত । দলৰ এক শীৰ্ষ সূত্ৰৰ পৰা জানিব পৰা হৈছে এই কথা । সূত্ৰটোৰ মতে এনে সংঘাত কেন্দ্ৰীক অচলাৱস্থাৰ বাবেই ৰোৱা ছয় দিনৰ ধৰি গেঠেলা মাৰি আছে অসমৰ পঞ্চদশ বিধানসভা বা চৰকাৰ গঠন প্ৰক্ৰিয়া। মনকৰিবলগীয়া যে যোৱা দুই মেৰ দিনা দুপৰীয়াৰ ভাগতে নিৰ্বাচনৰ ফলাফল পোহৰলৈ অহাৰ পিছত তিনি মেৰ দিনাই দিছপুৰত এখন নতুন চৰকাৰে দায়িত্ব ল'ব বুলি সকলোৱে ভাবিছিল। কিন্তু তিনি মে দূৰতে, আজি পৰ্যন্ত অন্ত পৰা‌ নাই সেই অপেক্ষাৰ । সেয়ে সচেতন জনৰ মনত স্বাভাবিকতে প্ৰশ্ন উঠিছে - কিয় এই অহেতুক বিলম্ব ? কি কাৰকে ক্ৰিয়া কৰিছে এই বিলম্বৰ আঁৰত ?

উল্লেখ নিস্প্ৰয়োজন মে এদিন ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন লৈয়েই বিজেপিৰ যোগ দিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই । ২০১২ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ যি সংঘাত আৰম্ভ হৈছিল তাৰ কাৰণ আছিল মুখ্যমন্ত্ৰীৰ আসন খন । কিন্তু সেই সংঘাতে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক কেৰিয়াৰক অন্য মাত্ৰা প্ৰদান কৰিলে আৰু বিজেপিৰ যোগদানেৰে তেওঁ হৈ পৰিল অসমৰ মাটিত হিন্দুত্ববাদৰ প্ৰবক্তা । ২০১৬ চনৰ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বিজেপিত যোগ দিয়া হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিক ভাৱে সেই নিৰ্বাচনটোত নহ'লেও পিছৰটো (২০২১) ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন লৈয়েই এইবাৰৰ নিৰ্বাচনটোত দেহেকেহে লাগি দিছিল । দলৰ সূত্ৰটোৰ মতে বিজেপিলৈ আগমনৰ সময়ত দলৰ সভাপতি অমিত শ্বাহে ২০২১ ৰ নিৰ্বাচনত জয়ী হ'লে নিশ্চিত ভাৱে মুখ্যমন্ত্ৰী পতাৰ প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাক ।‌‌ সেই অনুসৰি এইবাৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত হিমন্ত বিশ্ব শৰ্মাকহে মধ্যমনি কৰি মিত্ৰজোঁট ৰাইজৰ ওচৰত চাপিছিল ।‌‌

উল্লেখযোগ্য যে, এই কথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসকে ধৰি কেইবাজনো শীৰ্ষ নেতাই জানিছিল ।‌‌ এনে প্ৰেক্ষাপটতে অমিত শ্বাহৰ সূত্ৰ জয় শ্বাহৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠতা বৃদ্ধি পাইছিল । কিন্তু দলীয় সূত্ৰটোৰ মতে অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাক দিয়া এই প্ৰতিশ্ৰুতি অৱগত কৰা নাছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বা‌ দলৰ সভাপতি নাড্ডা প্ৰমূখে কোনো দলীয় সতীৰ্থক ।‌‌ অমিত শ্বাহে হয়তো ভাবিছিল যে উচিত সময়ত বিযষয়টো প্ৰধানমন্ত্ৰী তথা দলৰ মজিয়াত উত্থাপন কৰিব পৰা যাব ।‌‌ কিন্তু পশ্চিম বংগৰ নিৰ্বাচনত বেয়াকৈ ধৰাশায়ী হোৱাৰ পিছত অমিত শ্বাহৰ বাবে দলৰ মজিয়াত অসমৰ মুখ্যমন্ত্ৰী সলনি কৰাৰ কথা কোৱাৰ পৰিবেশেই নোহোৱা হৈ পৰিল।

মন কৰিবলগীয়া যে যোৱা পাঁচটা দিনত মুখ্যমন্ত্ৰীৰ আসনৰ বাবে হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন পৰ্যায়ত হেঁচাৰ সৃষ্টি কৰি চৰকাৰ গঠন প্ৰক্ৰিয়াটোকেই ওলোমাই ৰাখিবলৈ সক্ষম হৈছে যদিও প্ৰকৃতাৰ্থত এই কাৰ্যই তেওঁক ৰাজনৈতিক ভাৱে কিমান উপকৃত কৰিব সেয়া সন্দেহৰ আৱৰ্তত ।‌ এইখিনিতে উল্লেখনীয় যে, হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ আসনৰ বাবে হেঁচা দিয়াৰ প্ৰক্ৰিয়াটোত পৰোক্ষভাৱে সহায় কৰিছে দলৰ সভাপতি ৰণজিৎ কুমাৰ দাসকে ধৰি কেইবাজনো শীৰ্ষ নেতাই । স্বাভাবিকতে ইয়াৰ লগত জড়িত হৈ আছে নিজা নিজা ৰাজনৈতিক লাভালাভৰ অংক। কিন্তু তাৰ মাজতো উজনি অসমৰ গৰিষ্ঠসংখ্যক বিধায়ক আৰু বিজেপি নেতাই স্থিতি লৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পক্ষত । দলৰ সূত্ৰৰ মতে আজি সন্ধিয়ালৈ দিল্লীৰ পৰা আহি পাবলগীয়া দলীয় প্ৰতিনিধিয়ে কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তক আনুষ্ঠানিকতা প্ৰদান কৰিব আৰু তাৰ‌ পিছতে আৰম্ভ হ'ব দলীয় বাদ বিসম্বাদৰ আন এক অধ্যায় ।‌

লগতে পঢ়কঃ কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, জল্পনা-কল্পনা অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.